...

আজি কোটোহাত অনুষ্ঠিত খোৱাং বিধানসভা সমষ্টিৰ মেগা স্বাস্থ্য শিবিৰ “শুশ্ৰূষা সেতু”

Spread the love

আজি কোটোহাত অনুষ্ঠিত খোৱাং বিধানসভা সমষ্টিৰ মেগা স্বাস্থ্য শিবিৰ “শুশ্ৰূষা সেতু”

স্হানীয় বিধায়ক চক্ৰধৰ গগৈয়ে কৰিলে শুভ উদ্বোধন

প্ৰায় পাঁচ সহস্ৰাধিক শিশু, কিশোৰ -কিশোৰীৰ‌ স্বাস্হ্য পৰীক্ষা সম্পন্ন

চাইন অন ডেস্ক

কোটোহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় ডিব্ৰুগড় জিলাৰ পঞ্চম খন বিধানসভা সমষ্টি ভিত্তিক মেগা স্বাস্থ্য শিবিৰ “শুশ্ৰূষা সেতু” ।‌ ৮৯ নং খোৱাং বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে খোৱাং সমষ্টিৰ অন্তৰ্গত কোটোহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি এই
“শুশ্ৰূষা সেতু” শীৰ্ষক বিধানসভা সমষ্টি ভিত্তিক মেগা স্বাস্থ্য শিবিৰৰ শুভ উদ্বোধন কৰে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাধাৰা তথা নেতৃত্বত আৰু স্বাস্থ্যমন্ত্রী অশোক সিংঘালৰ নির্দেশনাত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে সমগ্ৰ ৰাজ্যজুৰি ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰা বিধানসভা সমষ্টি ভিত্তিক মেগা স্বাস্থ্য শিবিৰৰ অংশ‌ হিচাপে আজি খোৱাং বিধানসভা সমষ্টিৰ কোটোহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলাখনৰ পঞ্চমটো মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় । খোৱাং সমষ্টিবাসী ৰাইজৰ উপস্হিতিত সৰ্বাত্মক সফলতাৰে‌ অনুষ্ঠিত হোৱা এই মেগা স্বাস্থ্য শিবিৰত আজি সমষ্টিটোৰ প্ৰায় ২৫০ ৰো অধিক বিদ্যালয় আৰু ৩০০ টা অংগনবাদীৰ‌পৰা অহা ১৮ বছৰৰ তলৰ প্ৰায় পাঁচ সহস্ৰাধিক শিশু আৰু‌ কিশোৰ – কিশোৰীক বিস্তৃত স্বাস্থ্যসেৱা প্ৰদান কৰণৰ লগতে ৫০টা জটিল ৰোগ/অৱস্থা চিনাক্ত কৰণ,ৰোগ/অৱস্থা অনুযায়ী ৰেফাৰেলৰ লগতে পৰবর্তী পর্যায়ত যথোপযুক্ত চিকিৎসা প্রদান আৰু ৰোগ অনুসৰি পৰ্য্যায়ক্ৰমে উন্নত তথা বিনামূলীয়া পুনৰীক্ষণ আৰু‌ চিকিৎসাৰ ব্যবস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । এই
মেগা হেল্থ কেম্পে স্বাস্থ্য সেৱাৰ এক শৃংখল আগবঢ়াইছে য’ত ৫০+ পূৰ্ব চিনাক্তকৃত স্বাস্থ্যজনিত অৱস্থা (জন্মগত হৃদৰোগ, স্নায়ুজনিত বিকাৰ, ওঁঠ আৰু তালু ফটা, স্বাস্থ, ৰক্ত বিকাৰ আদি) , যকৃত, বৃক্ক, বংশগত ৰোগ , হাওঁফাওঁ ইত্যাদি ৰোগৰ নিৰ্ণায়ক পৰীক্ষা আৰু চিকিৎসাৰ প্ৰট’কল অনুসৰি ৰোগীৰ চিকিৎসা ব্যৱস্থাপনা কৰাৰ ব্যৱস্থা কৰা হৈছে। আজি এই স্বাস্থ্য শিবিৰত অসম চিকিৎসা মহাবিদ্যালয়ৰ শিশুৰোগ বিশেষজ্ঞ,হৃদৰোগ বিশেষজ্ঞ,চকু বিশেষজ্ঞ,অৰ্থপেডিক্স বা হাড়ৰ বিশেষজ্ঞ, চৰ্মৰোগ বিশেষজ্ঞ, ই এন টি বিশেষজ্ঞ,জেনেৰেল চাৰ্জন,স্নায়ুচাৰ্জন, স্ত্ৰী

 আৰু প্ৰসূতি বিশেষজ্ঞৰ‌ লগতে সাধাৰণ, দন্ত আৰু আয়ুস চিকিৎসকে স্বাস্থ্য সেৱা আগবঢ়ায়। একেদৰে,ৰোগ নিৰ্ধাৰণৰ বাবে হিম’গ্লবিন পৰীক্ষা, কেপিলাৰী ব্লাড গ্লুক’জ, চিকেল চেল স্ক্ৰীনিং, HBsAg, Hep B, আৰু HCV পৰীক্ষা,চিবিচি, তেজৰ গ্ৰুপিং, ছিৰাম ইলেক্ট্ৰলাইট, ৰেনাল ফাংচন টেষ্ট, লিভাৰৰ ফাংচন টেষ্ট, লিপিড প্ৰফাইল, আৰু ইচিজিকে ধৰি বিভিন্ন পৰীক্ষাৰ ব্যৱস্থা কৰা হয় এই মেগা স্বাস্থ্য শিবিৰত । ইয়াৰ উপৰিও এই মেগা স্বাস্থ্য শিবিৰত বিনামূলীয়া ফাৰ্মাচী সেৱা ,মোবাইল মেডিকেল ইউনিট (এমএমইউ) সেৱা, যোগ , স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু‌ শিক্ষা আৰু কাউন্সেলিং, অসংক্ৰামক ৰোগৰ স্ক্ৰীনিং,কেন্সাৰ স্ক্ৰীনিং,আয়ুষ্মান ভাৰত কাৰ্ডৰ ই কে ৱাই চি, স্বাস্থ্য সজাগতা কক্ষ, স্বাস্থ্য সম্পৰ্কীয় সজাগতা মূলক দৃশ্য-শ্ৰৱ্যৰ প্ৰদৰ্শন, আভা আই ডি ,আধাৰ আৰু বেংক একাউণ্ট খোলাৰ সুবিধাও উপলব্ধ কৰোৱা হয় ।তদুপৰি চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰেলৰ প্ৰয়োজন হোৱা ৰোগীসকলক পথ প্ৰদৰ্শনৰ বাবে চিকিৎসা প্ৰতিষ্ঠান ( চিকিৎসা মহাবিদ্যালয়) তথা ৰেফাৰেল‌ কেম্পৰ তাৰিখ নিৰ্ধাৰণ কৰি‌ দিয়া হয় আজিৰ এই মেগা স্বাস্থ্য শিবিৰত । প্ৰণিধানযোগ্য যে, শুশ্ৰূষা সেতু তিনিটা পৰ্যায়ত বিভক্ত। প্ৰথম পৰ্যায়ত ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত প্রতিটো বিধান সভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰৰ জৰিয়তে ৰোগ নিৰ্ণায়ক পৰীক্ষাৰ দ্বাৰা স্বাস্থ্যজনিত সমস্যাসমূহ চিনাক্তকৰণ আৰু‌ প্ৰয়োজন সাপেক্ষ চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰেল , দ্বিতীয় পৰ্যায়ত নবেম্বৰ মাহত চিকিৎসা মহাবিদ্যালয়ত বিশেষ শিবিৰ অনুষ্ঠিত কৰি সেই সকল ল’ৰা – ছোৱালীৰ ৰোগ নিশ্চিতকৰণ আৰু তৃতীয় পৰ্যায়ত ডিচেম্বৰৰ‌ পৰা প্রয়োজন অনুসৰি উন্নত চিকিৎসা আৰু‌ আন প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ‌কৰা হ’ব । উল্লেখযোগ্য যোগ্য যে, আজিৰ এই মেগা স্বাস্থ্য শিবিৰত খোৱাং সমজিলাৰ সহকাৰী আয়ুক্ত সুপ্ৰিয়া বাউলাৰী, সমজিলা আৰক্ষী অধীক্ষক অমিত ৰঞ্জন বৰ্মন, খোৱাং সমজিলা প্ৰশাসনৰ শীৰ্ষ বিষয়- ববীয়া , স্বাস্থ্য বিভাগৰ জিলা আৰু ব্লক পৰ্যায়ৰ বিষয়া -কৰ্মচাৰী‌- স্বাস্থ্য কৰ্মী, ডিব্ৰুগড় জিলা পৰিষদৰ উপ-সভানেত্ৰী সুমন মেচ দিহিঙীয়া, খোৱাং বিধানসভা সমষ্টিৰ সমূহ গাওঁ পঞ্চায়তৰ সভাপতি – কাউন্সিলৰ,
কোটোহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে আন বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী- কৰ্মচাৰী তথা ছাত্ৰ – ছাত্ৰী, স্হানীয় গণ্য মান‌্য ব্যক্তি আৰু সমষ্টিবাসী ৰাইজ‌ উপস্হিত থাকে। উল্লেখযোগ্য যে,ডিব্ৰুগড় জিলাত অহা ৩০ অক্টোবৰত দুলীয়াজান বিহুতলীত জিলাখনৰ ষষ্ঠ তথা অন্তিমখন মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ’ব । ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে প্ৰতিজন পিতৃ- মাতৃ, অভিভাৱক, পৰিয়ালৰ সদস্য আক শিক্ষক-শিক্ষয়িত্রীসকলক
প্রতিগৰাকী শিশু, কিশোৰ-কিশোৰীক এই বৃহৎ স্বাস্থ্য শিবিৰলৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱাই নিজৰ সক্ৰিয় অংশগ্ৰহণেৰে এই শিবিৰটো সাফল্য মণ্ডিত কৰিবলৈ আহ্বান জনাইছে

Leave a Reply

Your email address will not be published. Required fields are marked *