...

মহালয়াৰ পৰিৱৰ্তে পালন কৰিলে শোক দিৱস

Spread the love

মহালয়াৰ পৰিৱৰ্তে পালন কৰিলে শোক দিৱস

 

ৰূপহীহাটৰ লাওখোৱাত দূৰ্গা পূজা সমিতিৰ ব্যাতিক্ৰমী পদক্ষেপ

ৰূপহীহাট:

জুবিন গাৰ্গৰ মৃত্যুত ম্ৰিয়মান ৰাজ্যবাসী৷ৰূপহীহাটৰ নিজ লাওখোৱা‌ বাৰোৱাৰী দূৰ্গা পূজা সমিতিয়ে এক ব্যাতিক্ৰমী পদক্ষেপেৰে মহালয়াৰ পৰিৱৰ্তে পালন কৰিলে শোক দিৱস৷ প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুত নিজ লাওখোৱা‌ বাৰোৱাৰী দূৰ্গা পূজা সমিতিয়ে বাতিল কৰিলে মহালয়াৰ সকলো কাৰ্যসূচী ৷প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শেষ বিদায় জনালে হাৰ্টথ্ৰৱ জুবিন গাৰ্গক ৷প্ৰাণৰ শিল্পী গৰাকীৰ আত্মাৰ সদগতি কামনাৰে হাতত প্ৰতিচ্ছবি লৈ লাওখোৱাত মৌন সমদল উলিয়াই শিল্পী গৰাকীৰ আত্মাৰ সদগতি কামনা কৰিছে নিজ লাওখোৱা‌ বাৰোৱাৰী দূৰ্গা পূজা সমিতিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *