...

শোণিতপুৰৰ লোক্ৰা অঞ্চললৈ গৌৰৱ

Spread the love

শোণিতপুৰৰ লোক্ৰা অঞ্চললৈ গৌৰৱ

এম বি বি এছত স্থান লাভ মনালিছাৰ

 

বালিপাৰা:

দুৰ্গা পূজাৰ মাজতে শোণিতপুৰৰ লোক্ৰা অঞ্চললৈ আহিছে এক ইতিবাচক খবৰ । লোক্ৰাৰ সোণাই মিৰি গাঁৱৰ বাসিন্দা ,সমাজকৰ্মী তুলসী উপাধ্যায় আৰু দুৰ্গা দেৱীৰ একমাত্ৰ কন্যা মনালিছা দেৱীয়ে সদ্যঘোষিত মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাত অসমৰ ভিতৰতে ৬৮২ স্থান দখল কৰি বৰ্তমান সময়ত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ সুযোগ লাভ কৰিছে । মনালিছা বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী হোৱাৰ লগতে চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাৰ বাবে গুৱাহাটীৰ এফিনিটি ক্লাছেছত নামভৰ্তি কৰি প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হৈছিল । মনালিছাৰ এই সফলতাত গৌৰাৱান্বিত হৈ ইতিমধ্যে বালিপৰা-চাৰিদুৱাৰ উন্নয়ন সমিতি, জীয়াভৰলী সাহিত্য গোষ্ঠী, অসম নেপালী সাহিত্য সভাৰ লোক্ৰা শাখাৰ লগতে ভালেমান দল-সংগঠনে গামোছা, সম্বৰ্ধনা পত্ৰৰে শুভেচ্ছা জ্ঞাপন কৰিছে ।আজি মনালিছাৰ বাসগৃহত সমন্বয় সাহিত্য গোষ্ঠী অসমৰ সভাপতি,সাহিত্য অকাদেমীৰ অনুবাদ পুৰষ্কাৰপ্ৰাপ্ত সাহিত্যিক ছত্ৰমান চু্ব্বা আৰু সাধাৰণ সম্পাদক ,যুৱ লেখক, গোৰ্খা মিত্ৰ উপাধিপ্ৰাপ্ত যুৱক প্ৰাঞ্জল প্ৰতিম বৰাই ছাত্ৰীগৰাকীক অসমীয়া গামোছা আৰু গোৰ্খা জনগোষ্ঠীয় গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *