...

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আৱেগ আৰু আমাৰ সম্পৰ্কৰ ইতিবাচক মূল্যায়নৰ গভীৰভাৱে শলাগ লৈছো: প্ৰধানমন্ত্ৰী মোদী

Spread the love

 

 

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আৱেগ আৰু আমাৰ সম্পৰ্কৰ ইতিবাচক মূল্যায়নৰ গভীৰভাৱে শলাগ লৈছো: প্ৰধানমন্ত্ৰী মোদী

 

 

চাইন অন ডেস্ক:

ট্ৰাম্পৰ মন্তব্যৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে, শুল্ক বিবাদৰ মাজত ভাৰত-আমেৰিকাৰ শক্তিশালী অংশীদাৰিত্ব পুনৰ দৃঢ় কৰিলে।

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁক “মহান প্ৰধানমন্ত্ৰী” আৰু “বন্ধু” বুলি প্ৰশংসা কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, আনকি বাণিজ্য শুল্কক লৈ দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তো।

এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আৱেগ আৰু আমাৰ সম্পৰ্কৰ ইতিবাচক মূল্যায়নৰ মই গভীৰভাৱে শলাগ লৈছো আৰু সম্পূৰ্ণৰূপে প্ৰতিদান দিছো।ভাৰত আৰু আমেৰিকাৰ এক অতি ইতিবাচক আৰু আগন্তুক দৃষ্টিভংগীৰ কম্প্ৰেহেন্সিভ আৰু গ্ল’বেল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ আছে।

ৱাশ্বিংটনে ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক আৰোপ কৰাৰ সিদ্ধান্তৰ পটভূমিত এই মন্তব্যৰ আদান-প্ৰদানৰ ফলত দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্কত টান পৰিছে।সংঘাতৰ মাজতো দুয়োগৰাকী নেতাই ভাৰত আৰু আমেৰিকাৰ মাজত কৌশলগত অংশীদাৰিত্বৰ শক্তি পুনৰ দৃঢ় কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *