“মোদী আছে মানে শান্তি, সমৃদ্ধি আছে। মোদী আছে মানে সুৰক্ষা, সন্মান আছে। মোদী আছে মানে বিকাশ আছে”: সোণোৱাল
“যি উত্তৰ-পূব কংগ্ৰেছৰ শাসনকালত হিংসা, ভয় আৰু অস্থিৰতাৰ মাজত আছিল, সেই সমগ্ৰ অঞ্চলটোৱে আজি শান্তি আৰু দ্ৰুত উন্নয়নৰ পথত আগবাঢ়িছে”: সোণোৱাল
“মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হৈছে নতুন ভাৰতৰ লগতে নতুন উত্তৰ-পূবৰো খনিকৰ”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
চাইন অন ডেস্ক:
১ এপ্রিল ২০২৬, ধেমাজি/যোৰহাট: গোগামুখত এক উজ্জীৱিত পুৱা, জনসমুদ্ৰৰ লহৰ! আজি ধেমাজিৰ গোগামুখত অনুষ্ঠিত বিজয় সংকল্প সমাৰোহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত লগতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে উল্লেখ কৰে, “প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি জনসাধাৰণৰ অপৰিসীম মৰম, সঁহাৰিয়ে চৌদিশে এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে– এনডিএ-ৰ ঐতিহাসিক তৃতীয় কার্যকালৰ বাবে পূর্ণোদ্যমে সাজু হৈছে অসম।”
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে প্রধানমন্ত্ৰীৰ জনসভাত আজি ভাষণ প্ৰসংগত কয়, “মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হৈছে নতুন ভাৰতৰ খনিকৰ। তেখেতে নতুন উত্তৰ-পূবৰো নতুন স্থপতিৰূপে ইতিহাস ৰচনা কৰিছে। মোদী আছে মানে শান্তি আছে, সমৃদ্ধি আছে। যি উত্তৰ-পূব কংগ্ৰেছৰ শাসনকালত হিংসা, ভয় আৰু অস্থিৰতাৰ মাজত আছিল, সেই সমগ্র অঞ্চলটোৱে আজি শান্তি আৰু দ্ৰুত উন্নয়নৰ পথত আগবাঢ়িছে। বড়ো শান্তি চুক্তিকে ধৰি বিভিন্ন শান্তি চুক্তিৰ জৰিয়তে হাজাৰ হাজাৰ যুৱক-যুৱতীক মূলসূঁতিলৈ ঘূৰাই অনা হৈছে৷ এই নতুন পৰিৱেশত অসমলৈ অভূতপূৰ্ব বিনিয়োগ আহিছে, উদ্যোগ স্থাপন হৈছে, আৰু আমাৰ মহিলা শক্তি, যুৱপ্ৰজন্ম, কৃষক আৰু দুখীয়া পৰিয়ালসমূহে মর্যাদাপূৰ্ণ জীৱন যাপন কৰাৰ সুযোগ পাইছে৷ মোদী আছে মানে সুৰক্ষা আছে, সন্মান আছে। এসময়ত কংগ্ৰেছে অসমৰ স্বাৰ্থক অৱহেলা কৰিছিল আৰু অবৈধ অনুপ্ৰৱেশৰ সমস্যা বঢ়াই তুলিছিল, আজি বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দিনত সেই অৱস্থাৰ পৰা মুক্তি পোৱা হৈছে। সত্ৰৰ ভূমি
আৰু পৱিত্ৰ ঠাইসমূহ সংৰক্ষণ আৰু বেদখলমুক্ত কৰা হৈছে। জাতি, মাটি আৰু ভেটি সুৰক্ষিত কৰাৰ বাবে ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ইতিমধ্যে খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ৮ লাখৰো অধিক ভূমি পট্টা প্ৰদান কৰা হৈছে৷ লগতে, অসমীয়া সংস্কৃতি আৰু পৰিচয়কো বিশ্বমঞ্চত সন্মান জনোৱা হৈছে– আজি মোদী ডাঙৰীয়া হৈছে অসমীয়া গামোচাৰ ব্ৰেণ্ড এম্বেছেদৰ। এই গামোচা বিশ্বজুৰি পৰিচিত হৈছে, বিহু আৰু ঝুমুৰে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰিছে। মহাবীৰ লাচিত বৰফুকনৰ পৰা আৰম্ভ কৰি ড° ভূপেন হাজৰিকালৈকে আমাৰ মহান ব্যক্তিসকলক যথাযোগ্য সন্মান প্রদান কৰা হৈছে৷ মোদী আছে মানে বিকাশ আছে৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ, যাক বহু বছৰ ধৰি অৱহেলা কৰা হৈছিল, আজি উন্নয়নৰ নতুন অধ্যায় দেখিছে। ভগ্ন পথ আৰু সংযোগহীন অঞ্চলবোৰ এতিয়া আধুনিক পথ আৰু ৰে’ল সংযোগেৰে সংযুক্ত হৈছে। ৰাজধানী এক্সপ্ৰেছ ধেমাজিলৈকে চলিছে, বগীবিল সেতুৱে উত্তৰ আৰু দক্ষিণ পাৰৰ দূৰত্ব কমাইছে। আধুনিক বিমানবন্দৰে এই অঞ্চলৰ যাতায়াত ব্যৱস্থা সহজ কৰি তুলিছে। আনকি ব্ৰহ্মপুত্ৰৰ তলত দেশৰ প্ৰথম পানীৰ তলৰ সুৰংগ নিৰ্মাণ হৈ আছে, যিয়ে আগন্তুক সময়ত সংযোগৰ নতুন দুৱাৰ মুকলি কৰিব। ইয়াৰ জৰিয়তে স্পষ্ট হৈ উঠে– মোদী আছে মানে বিকশিত অসমৰ যাত্ৰা পূৰ্ণগতিত ত্বৰান্বিত হ’ব৷ তেখেতে আমাৰ যুৱসমাজক নতুন সপোন দেখিবলৈ শিকাইছে। ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ দৰে বৃহৎ উদ্যোগে অসমক নতুন দিশ
দিছে। আজিৰ যুৱসমাজে ক্রীড়া, সংস্কৃতি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত আত্মবিশ্বাসেৰে আগবাঢ়ি গৈছে। সেয়েহে, আজি আমি গৰ্বেৰে ক’ব পাৰোঁ- মোদী মানেই সম্ভৱ, মোদী মানেই নতুন উত্তৰ-পূবৰ উত্থান।”
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে লগতে ভাষণ প্ৰসংগত কয়, “প্রধানমন্ত্রী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত বগীবিল দলঙৰ কাম সম্পূৰ্ণ হ’ল, গোগামুখত ভাৰতীয় কৃষি গৱেষণা বিশ্ববিদ্যালয় স্থাপিত হ’ল৷ তাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। বগীবিল দলং, ৰাষ্ট্ৰীয় ঘাইপথ, এন এছ পি চি-ৰ ২০০০ মেগাৱাটৰ পাৱাৰ প্লান্ট এই সকলো উল্লেখযোগ্য সফলতা আজি অসমত সম্ভৱ হৈছে মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশেষ তৎপৰতাৰ বাবে৷ যোৱা এঘাৰ বছৰত তেখেতে অসমৰ বাবে যি আৰ্থিক অনুদান আৰু উন্নয়নমূলক সহায় আগবঢ়ালে, তাৰ ফলত আজি অসম ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে পৰিচিত হৈছে। ব্ৰহ্মপুত্ৰৰ
উত্তৰপাৰক কংগ্ৰেছৰ ৫৫ বছৰীয়া শাসনত অত্যন্ত পিছপৰা অঞ্চল হিচাপে গণ্য কৰা হৈছিল৷ কিন্তু আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলত বৈপ্লৱিক পৰিৱৰ্তন ঘটিছে। অসমীয়া ভাষা-সাহিত্যৰ সুৰক্ষা আৰু উন্নতিৰ বাবে অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি দি আমাৰ মাতৃভাষাক মৰ্যাদা দিয়া হৈছে। তাৰ বাবে মই তেখেতক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ তদুপৰি নুমলীগড় শোধনাগাৰৰ উৎপাদন ক্ষমতা বৃদ্ধি, নামৰূপ সাৰ কাৰখানাত চতুৰ্থ গোটৰ সংযোজন, চেমিকণ্ডাক্টৰ, উদ্যোগ– সকলো ক্ষেত্ৰতে দ্রুত উন্নয়ন হৈছে। উগ্ৰপন্থীৰ সৈতে শান্তি চুক্তি কৰি দহ হাজাৰতকৈও অধিক লোকক মূলসুঁতিলৈ ঘূৰাই অনা হৈছে। তাৰ ফলত অসমত শান্তি
স্থাপন হৈছে আৰু উন্নয়নৰ পথ মুকলি হৈছে। যোৱা পাঁচ বছৰত পাঁচ লাখ কোটি টকাৰ অধিক বিনিয়োগ আহিছে অসমলৈ৷ ইয়াৰ ফলত যুৱসমাজে কৰ্মসংস্থাপন পাব৷ অসমৰ ৰাইজে বহু দাবী জনোৱাৰ পাছতো ড° ভূপেন হাজৰিকাক কংগ্ৰেছে ভাৰত ৰত্ন নিদিলে, মোদী ডাঙৰীয়াই তেখেতক এই প্ৰাপ্য সন্মানেৰে বিভূষিত কৰিলে। শেষত মই কওঁ- বিজেপি চৰকাৰ থাকিলেহে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী সুৰক্ষিত হৈ থাকিব, কৃষ্টি-সংস্কৃতি ৰক্ষা পৰিব। সেয়েহে বিজেপি
মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আন্তৰিকতাৰে আহ্বান জনাইছোঁ।”
ইয়াৰ পাছতেই কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে যোৰহাট বিধানসভা সমষ্টিৰ কেন্দুগুৰিত অনুষ্ঠিত এখন জনসভাত সম্বোধন কৰি এনডিএ সমর্থিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়।