মোদী উত্তৰ-পূৰ্বাঞ্চলৰ নৱজাগৰণৰ খনিকৰ’:সৰ্বানন্দ সোণোৱাল
“বিজেপি চৰকাৰৰ দিনত উত্তৰ-পূৰ্বাঞ্চলে নতুন ৰূপ পাইছে, দশক দশক ধৰি চলা অৱহেলাৰ অৱসান ঘটিছে” সৰ্বানন্দ সোণোৱাল
নতুন দিল্লী:
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উত্তৰ-পূৰ্বাঞ্চলৰ নৱজাগৰণৰ খনিকৰ। উত্তৰ-পূৰ্বাঞ্চলে এতিয়া ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে আত্মপ্রকাশ কৰিছে। পূর্বতে এই অঞ্চলটো দশক দশক ধৰি অৱহেলিত আছিল, তাৰ বিপৰীতে ই সম্প্ৰতি ভাৰতৰ অর্থনৈতিক বৃদ্ধি, সংযোগ আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ মুখ্য চালিকাশক্তিলৈ ৰূপান্তৰিত হৈছে।
বিগত দশকত হোৱা উন্নয়নৰ ফলাফলৰ বিষয়ে সোণোৱালে কয় যে উত্তৰ-পূব ভাৰত এতিয়া ৰাষ্ট্ৰীয় প্রাধান্যৰ মূলসুঁতিত উজলি উঠিছে। আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ, অর্থনৈতিক সংস্কাৰ, সাংস্কৃতিক জাগৰণ আৰু দীর্ঘম্যাদী শান্তি স্থাপন আদি বিভিন্ন দিশৰ যোগেদি প্রধানমন্ত্রী ডাঙৰীয়াৰ অটল সংকল্পৰ প্রতিফলন হৈছে।
“উত্তৰ-পূব ভাৰতে সাত দশক ধৰি প্ৰতিনিধিত্ব আৰু বিনিয়োগৰ অভাৱত ভুগিছিল। মোদীৰ বলিষ্ঠ নেতৃত্বত এই অঞ্চলক ভাৰতৰ অষ্টলক্ষ্মী হিচাপে স্বীকৃতি দিয়া হৈছে- ই এতিয়া এক সীমান্ত অঞ্চল নহয়, ৰাষ্ট্ৰীয় বিকাশৰ এক নতুন ইঞ্জিন হিচাপে পৰিগণিত হৈছে। ৰে’লেৰে উত্তৰ-পূর্বাঞ্চলক দেশৰ বিভিন্ন প্ৰান্তৰ সৈতে সংযোগীকৰণ আৰু বিমানবন্দৰৰ পৰা আৰম্ভ কৰি ঘাইপথ, বিদ্যুৎ, ডিজিটেল নেটৱৰ্ক আৰু অন্তর্দেশীয় জলপথলৈকে- এই পৰিৱৰ্তন অভূতপূর্ব”, সোণোৱালে কয়।
কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে আৰু কয় যে সংযোগ হৈছে প্ৰধানমন্ত্ৰীৰ
ৰ’ডমেপৰ মূল ভিত্তি। সমগ্র অঞ্চলটোত সকলো বৃহৎ গজ ৰূপান্তৰৰ কাম সম্পূর্ণ হৈছে; অৰুণাচল প্রদেশ, ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰাম ব্ৰডগজ নেটৱৰ্কৰ সৈতে সংযুক্ত হৈছে আৰু প্ৰথমবাৰৰ বাবে মালবাহী আৰু যাত্রীবাহী ৰে’লে মিজোৰামত চলাচল কৰিছে। ২০১৮ চনত সম্পূর্ণ হোৱা বগীবিল ৰে’ল-তথা-পথ দলং আৰু ২০২৫ চনৰ জুন মাহত ভৈৰৱী-চৈৰাং সংযোগৰ উদ্বোধনে ক্রমাৎ অসম আৰু মিজোৰামত প্ৰৱেশাধিকাৰ বৃদ্ধি কৰিছে।
নাগালেণ্ড, মণিপুৰ, ছিকিম আৰু মেঘালয়ৰ বাবে চাৰিটা বিশেষ ৰাজধানী সংযোগ ৰে’ল প্ৰকল্প চলি আছে, আনহাতে ভাৰত-বাংলাদেশৰ আগৰতলা-আখাউৰা ৰে’ল সংযোগ ২০২৩ চনৰ নৱেম্বৰত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে যুটীয়াভাৱে উদ্বোধন কৰিছিল।
বিগত দশকত ১১.০০০ কিলোমিটাৰৰো অধিক পথৰ উন্নীতকৰণ কৰা হৈছে।
আকাশীপথৰ সংযোগ সন্দর্ভত সর্বানন্দ সোণোৱালে কয়, “এইক্ষেত্রত এক নতুন দিগন্তৰ সূচনা হৈছে। ২০১৪ চনত ৯টা বিমানবন্দৰৰ পৰা এতিয়া উত্তৰ-পূৰ্বাঞ্চলত ১৯টা কার্যক্ষম বিমানবন্দৰ আছে। পাকইয়ং আৰু হোল্লংগীত গ্রীণফিল্ড বিমানবন্দৰৰ লগতে তেজু, ৰূপসী আৰু আগৰতলা টার্মিনেলৰ উন্নয়ন উড়ান আঁচনিৰ অধীনত কাৰ্যকৰী কৰা হৈছে। দূৰৱৰ্তী জিলাসমূহলৈ সংযোগ বৃদ্ধিৰ বাবে হেলিপ’ৰ্ট আৰু জল বিমানবন্দৰৰ নেটৱৰ্ক যোগ কৰা হৈছে।”
“প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলে দশক দশক ধৰি চলি অহা অৱহেলাৰ অৱসান দেখিছে। ৰাজ্যসমূহৰ ৰাজধানীলৈ ৰে’ল সংযোগৰ পৰা আৰম্ভ কৰি অত্যাধুনিক ঘাইপথ, বিমানবন্দৰ আৰু জলপথলৈকে- এই সমগ্র অঞ্চলে ভাৰতৰ অৰ্থনৈতিক
বৃদ্ধিৰ নতুন ইঞ্জিন হিচাপে উদ্ভাসিত হৈছে। বগীবিলৰ দৰে অভিলাষী প্ৰকল্পৰ সমাপ্তি, এইমছ গুৱাহাটীৰ প্রতিষ্ঠা আৰু পথ তথা বিমানবস্ত্ৰৰ আন্তঃগাঁথনিৰ দ্রুতগতিৰ উন্নয়নে চলি থকা পৰিবৰ্তনৰ পৰিসৰ বৃদ্ধি কৰিছে।
বৃদ্ধিৰ নতুন ইঞ্জিন হিচাপে উদ্ভাসিত হৈছে। বগীবিলৰ দৰে অভিলাষী প্ৰকল্পৰ সমাপ্তি, এইমছ গুৱাহাটীৰ প্ৰতিষ্ঠা আৰু পথ তথা বিমানবন্দৰৰ আন্তঃগাঁথনিৰ দ্রুতগতিৰ উন্নয়নে চলি থকা পৰিৱৰ্তনৰ পৰিসৰ বৃদ্ধি কৰিছে, সর্বানন্দ সোণোৱালে আজি উল্লেখ কৰে।
সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীয়ে উত্তৰ-পূর্বাঞ্চললৈ অভূতপূর্ব বিনিয়োগ আকৰ্ষিত কৰিছে। নুমলীগড়ত বায়’-ৰিফাইনেৰী, ভাৰতৰ প্ৰথম বাঁহভিত্তিক ইথানল প্লান্টে কৃষকৰ বাবে নতুন আয়ৰ পথ মুকলি কৰিছে। ২২,৫৯৪ কোটি টকাৰে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণে ইয়াৰ তিনিগুণ ক্ষমতা বৃদ্ধি কৰি অঞ্চলটোক কৌশলগত শক্তি কেন্দ্ৰ হিচাপে স্থাপন কৰিছে। জাগীৰোডত ২৭,০০০ কোটি টকাৰ ছেমিকণ্ডাক্টৰ এচেম্বলী আৰু টেষ্ট সুবিধাই বছৰি ১৫০০ কোটি চিপ উৎপাদন কৰি ২৭,০০০ চাকৰিৰ সৃষ্টি কৰিব আৰু উত্তৰ-পূৰ্বাঞ্চলক বিশ্ব প্ৰযুক্তিৰ মানচিত্ৰত গুৰুত্বপূৰ্ণ স্থান দিব। কৃষি আৰু জৈৱিক সামগ্ৰীৰ বৃদ্ধিয়ে অঞ্চলটোৰ উন্নয়নক এক নতুন গতি দিছে। উত্তৰ-পূৰ্বাঞ্চলে এতিয়া ভাৰতৰ জৈৱিক মূল্য শৃংখলত আগভাগ লৈছে।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে বড়ো, কাৰ্বি, বড়ো আৰু অন্যান্য জনগোষ্ঠীৰ সৈতে হোৱা ঐতিহাসিক শান্তি চুক্তিৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ স্থিতিশীলতা আৰু গতিশীলতা বৃদ্ধি পাইছে, আৰু ২০১৪ চনৰ পৰা আফস্পাৰ প্রয়োগ ৭৫ শতাংশ হ্রাস হৈছে।
“বিজেপি চৰকাৰৰ দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সাংস্কৃতিক নৱজাগৰণৰ সূচনা হৈছে আৰু ইয়াৰ ভাষিক, সাংস্কৃতিক পৰিচয়ক সুৰক্ষিত, সম্প্ৰসাৰিত আৰু জিলিকাই তোলা হৈছে। ভাৰত ৰত্ন ড° ভূপেন হাজৰিকালৈ ‘ভাৰত ৰত্ন’ৰ দৰে ৰাষ্ট্ৰীয় স্বীকৃতি, দেশৰ ৰাজধানীত মহাবীৰ লাচিত বৰফুকনৰ স্মৃতি উদযাপন আৰু ঐতিহ্যমণ্ডিত চৰাইদেউ মৈদামলৈ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি দিয়া হৈছে।” সোণোৱালে উল্লেখ কৰে।সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূব অঞ্চলটোলৈ ৭০ৰো অধিকবাৰ আহিছে আৰু কেন্দ্ৰীয় মন্ত্রীসকলৰো নিয়মীয়া আগমন
হৈছে।
