Skip to content চাৰিদুৱাৰত বান পৰিস্থিতিৰ বুজ ল’লে বিধায়ক পদ্ম হাজৰিকাই
বালিপৰা:
শোণিতপুৰৰ চাৰিদুৱাৰ অঞ্চলত বানে লৈছে ভয়াৱহ ৰূপ । বগীজুলি আৰু মানশিৰি নৈৰ বানৰ কৱলত চাৰিদুৱাৰৰ বিস্তীৰ্ণ অঞ্চল । বগীজুলি, চেঙেলীমাৰী,এৰালিলগা অঞ্চলত আজি উপস্থিত হৈ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই । প্ৰৱল বৃষ্টিপাতকো নেওচি বিধায়কগৰাকীয়ে বানপীড়িত অঞ্চলত উপস্থিত হৈ ভূক্তভোগী ৰাইজৰ সৈতে মত-বিনিময় কৰি পৰিস্থিতিৰ বুজ লয় ।