বটদ্ৰৱা প্ৰকল্পত মন্ত্ৰী-বিধায়ক-মুখ্য সচিব-আৰক্ষী বিষয়াৰ পৰিদৰ্শন
বুজ লৈছে কামৰ অগ্ৰগতিৰ
নগাঁও,
গৃহমন্ত্ৰী অমিত শ্বাহৰ বটদ্ৰৱা আগমনৰ পূৰ্বে ৰবিবাৰে নগাঁও জিলাৰ বটদ্ৰৱাত উপস্থিত অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটা।
বিধায়ক ৰূপক শৰ্মা,অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰকে কেইবাগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়া,আৰক্ষী বিষয়াক লগত লৈ মুখ্য সচিব ডঃ ৰবি কোটাই বটদ্ৰৱা প্ৰকল্পত নিৰ্মাণ হোৱা পৃথিৱীৰ আটাইতকৈ ওখ গুৰু আসন,সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰু-কাৰ্য্য খটোৱা অতিথি গৃহ, দেৱবাদ্য তালৰ সাজত কলাকেন্দ্ৰ (auditorium),খোলৰ সাজত গৱেষণা কেন্দ্ৰ,নাঁৱৰ সাজত কৌশল বিকাশ কেন্দ্ৰ,জাপিৰ সাজত নাটঘৰ,প্ৰবেশ দ্বাৰৰ লগতে হেলিপেড আদি পৰিদৰ্শন কৰি শেষ পৰশ দিয়া কামৰ বুজ লয়।
জাতীয় সাজ পৰিধান কৰি পোনপ্ৰথমবাৰৰ বাবে বটদ্ৰৱা থানলৈ অহা ডঃ ৰবি কোটাই বটদ্ৰৱা থানতো শৰাই নৈবেদ্য আগবঢ়াই সেৱা লয়। তেওঁ বটদ্ৰৱা থানৰ কীৰ্তনঘৰ, পদশিলা,শিলিখা বৃক্ষ দৰ্শন কৰি আপ্লুত হৈ পৰে। পাছত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যালয়ত ডঃ ৰবি কোটাক পৰিচালনা সমিতিৰ সভাপতি অম্লান জ্যোতি দেৱ গোস্বামী আৰু সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে গামোছা,চেলেং,শৰাইৰে আদৰণি জনোৱা হয়। বটদ্ৰৱা থানত ডঃ ৰবি কোটাক থান পৰিচালনা সমিতিৰ সভাপতি,সম্পাদকৰ লগতে উপদেষ্টা ব্ৰজেন কাকতি,ইন্দ্ৰমোহন বৰুৱাকে আদি কৰি সদস্য সকলে সংগ প্ৰদান কৰে।
“শ্ৰীমন্ত শংকৰদেৱৰ ভেটিত কোনো অচিনাকি লোকে হাত দিলে তেওঁক ক্ষমা কৰা নহ’ব।
কোনোবাই যদি ওচৰে-পাজৰে বেদখল কৰি আছে তেওঁলোক এতিয়াই আতৰি দিয়া ভাল।”–এই মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ। শনিবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশীগংগাৰ তীৰত নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ কাম-কাজৰ বুজ ল’বলৈ উপস্থিত হয়। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে কংগ্ৰেছ দলে অসমৰ অৱস্থা বেয়া কৰিছিল,পুনৰ বেয়া কৰাৰ চিন্তা কৰি আছে বুলি মন্তব্য প্ৰকাশ কৰে। অহা ২৯ ডিচেম্বৰত বটদ্ৰৱাত উপস্থিত হৈ মাংগলিক অনুষ্ঠানৰ মাজেৰে নামকীৰ্তন, গায়ন-বায়নৰ অনুষ্ঠানৰ মাজেৰে “বটদ্ৰৱা প্ৰকল্প”টি ৰাইজৰ বাবে মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
বটদ্ৰৱাৰ প্ৰকল্পস্থলীত মন্ত্ৰী পিযুষ হাজৰিকা,কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা,জিতু গোস্বামী আৰু শশীকান্ত দাস উপস্থিত হয়। তেওঁলোকে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ লগতে লোক নিৰ্মাণ বিভাগকে আদি কৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীক লগত লৈ বটদ্ৰৱাৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৬০ হাজাৰৰো ৰাইজৰ সমাগম হোৱাৰ পৰিকল্পনা কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই। নগাঁও-বটদ্ৰৱা,ৰহা, বঢ়মপুৰ,জাগীৰোড,কলিয়াবৰ সমষ্টিৰ সকলো অঞ্চলৰ পৰা ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকিব বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে, ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহেই বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত পৃথিৱীৰ আটাইতকৈ ওখ গুৰু আসন,সত্ৰীয়া-সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰু-কাৰ্য্য খটোৱা অতিথি গৃহ,দেৱবাদ্য তালৰ সাজত কলাকেন্দ্ৰ (auditorium), খোলৰ সাজত গৱেষণা কেন্দ্ৰ,নাঁৱৰ সাজত কৌশল বিকাশ কেন্দ্ৰ,জাপিৰ সাজত নাটঘৰকে আদি কৰি এই নিৰ্মাণ সমূহ সম্পূৰ্ণ হোৱাৰ পথত। ওম কনষ্ট্ৰাকছনৰ তত্বাৱধানত নিৰ্মাণ হৈ থকাৰ উপৰিও থলুৱা গছ-গছনি ৰোপণ কৰি প্ৰাকৃতিকভাৱে সুন্দৰ কৰা প্ৰচেষ্টা লোৱা হৈছে। শ্ৰীমন্ত শংকৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান খনিক বিশ্বৰ ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত বেদখল মুক্ত কৰা ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰৰ ১৬০ বিঘা ভূমিত প্ৰায় ২০০কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ হোৱা এই বৃহৎ “বটদ্ৰৱা প্ৰকল্প” ভাগক লৈ বহুত আশাবাদী বটদ্ৰৱা তথা নগাঁৱৰ ৰাইজ।