...

আজাদ মাদানিৰ বিৰুদ্ধে মন্ত্ৰী প্ৰশান্ত ফুকনৰ প্ৰতিবাদ

Spread the love

আজাদ মাদানিৰ বিৰুদ্ধে মন্ত্ৰী প্ৰশান্ত ফুকনৰ প্ৰতিবাদ

চাইন অন ডেস্ক:

পুনৰ ৰাজপথত প্ৰতিবাদত নামিল মন্ত্ৰী প্ৰশান্ত ফুকন। জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাজ্যৰ শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে। অসমত চলি থকা উচ্ছেদ অভিযানক বিৰোধিতা কৰি মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰি গ্ৰেপ্তাৰৰ বাবে দাবী জনোৱা জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বী আজাদ মাদানীৰ বিৰুদ্ধে মন্ত্ৰী প্ৰশান্ত ফুকনৰ নেতৃত্বত শনিবাৰে ডিব্ৰুগড় মহানগৰৰ থানা চাৰিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

মন্ত্ৰী প্ৰশান্ত ফুকনে আজাদ মাদানীৰ প্ৰতিকৃতি দাহ কৰি অসমক ইছলামিক ৰাজ্য হিচাপে গঢ়াৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি মন্ত্ৰী প্ৰশান্ত কয়, মিঞা বাংলাদেশীৰ বিৰুদ্ধে অসম চৰকাৰে ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান চলাইছে। সেই সময়তে অসমৰ মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰি গ্ৰেপ্তাৰৰ দাবী জনাবলৈ সাহস ক’ত পালে? এই সাহস কংগ্ৰেছৰ একাংশ।নেতা-কৰ্মীৰ পৰা পাইছে। কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীৰ উচটনিত আজাদ মাদানিৰ দৰে ব্যক্তিসকলে অসমক ইছলামিক ৰাজ্যলৈ পৰিণত কৰিব বিচাৰিছে।

ইফালে অতি শীঘ্ৰে আজাদ মাদানীক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনাইছে মন্ত্ৰী প্ৰশান্ত ফুকনে।

Leave a Reply

Your email address will not be published. Required fields are marked *