গাম্ভীৰ্য্য পূৰ্ণ অনুষ্ঠানত “মিলন জ্যোতি প্রতিভা” বঁটা প্রদান
উশ্ব আৰু কুংফু খেলৰ বাবে কাশ্যপি সোনোৱাল আৰু কেৰমৰ বাবে আমীন আলিক এই বছৰৰ অৰ্থাৎ ২০২৫ চনৰ “মিলন জ্যোতি” প্রতিভা বঁটাৰে সন্মানিত
চাইন অন ডেস্ক:
অসমৰ এটি অন্যতম ক্রীড়া, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান ডিব্ৰুগড়ৰ মিলন জ্যোতি সংঘই এই বছৰ অৰ্থাৎ ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিব্ৰুগড়ৰ ভিতৰতে সৰ্ব্বোচ নম্বৰ বুটলিবলৈ সক্ষম হোৱা তিনিজন ছাত্র-ছাত্রী যথাক্রমে ডিব্ৰুগড়ৰ চল্টব্রুক বিদ্যালয়ৰ আয়ুষ্মান গগৈ (৫৮৪) ৯৭.৩৩% একে বিদ্যালয়ৰে আস্থা অপিত ভৰালী (৫৭৫) ৯৫.৭% আৰু ডিব্ৰুগড়ৰ বি.এল.বেৰীয়া সৰস্বতী শিশু মন্দিৰৰ নবনীতা দত্ত (৫৭৪) ৯৫.৬৭%ৰ লগতে ক্রীড়া ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা উশ্ব আৰু কুংফু খেলৰ বাবে কাশ্যপি সোনোৱাল আৰু কেৰমৰ বাবে আমীন আলিক এই বছৰৰ অৰ্থাৎ ২০২৫ চনৰ “মিলন জ্যোতি” প্রতিভা বঁটাৰে সন্মানিত কৰা হয়। এই প্রতিভা বঁটাৰ লগতে স্বর্গীয়া ইন্দিৰা বৰকাকতী সোঁৱৰণী বঁটা, স্বর্গীয় বাপুৰাম হাজৰিকা সোঁৱৰণী বঁটা, তেখেতৰ সুযোগ্যা কন্যা ডিব্ৰুগড় কোষাগাৰ বিভাগৰ অৱসৰ প্ৰাপ্ত ৰীতা হাজৰিকাই আগবঢ়োৱা আৰু একে বিভাগৰে প্রাক্তন কৰ্ম্মচাৰী তথা আমাৰে শুভাকাংশী সুভদ্রা কোঁৱৰে আগবঢ়োৱা বঁটাও উক্ত অনুষ্ঠানতে প্রদান কৰা হয়।
প্রয়াত ইন্দিৰা বৰকাকতী আৰু ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রাক্তন শিক্ষক সকলোৰে শ্ৰদ্ধাৰ স্বর্গীয় বাপুৰাম হাজৰিকা সোঁৱৰণী বঁটা এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আর্থিক দুর্ব্বলতাক নেওচি সুখ্যাতিৰে উত্তীর্ণ হোৱা ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কিৰন মাল’, পূর্ণিমা দাস, সুবর্ণ হাজৰিকা, চাবানা হুছেইন, মৃগাংক হাজৰিকা, জ্যোতিস্না বৰগোঁহাই, জনার্থন হাজাৰী আৰু পূর্ণিমা ঘাটোৱাৰক প্ৰদান কৰা হয়।
আনহাতে সুভদ্রা কোঁৱৰে আগবঢ়োৱা বঁটা এইবাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত আর্থিক দুর্ব্বলতাকো নেওচি সুখ্যাতিৰে উত্তীর্ণ হোবা ডিব্রুগড় ছল্টব্রুক একাডেমীৰ দিতি কলিতা, ডিব্রুগড় জ্ঞানবিজ্ঞান একাডেমীৰ ইন্দ্রজিত গগৈ, ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অঞ্জন বিশ্বাস আৰু একে বিদ্যালয়ৰে ললিন মিছংকে এই বঁটাৰে সন্মানিত কৰা হয়। আনহাতে এই অনুষ্ঠানতে মিলন জ্যোতি সংঘৰ আজীবন সদস্য সকলৰ ২জন ছাত্রক প্রতিবছৰৰ দৰে এই বছৰো উদগনি বঁটাৰে সন্মানিত কৰা হয়।
আজীবন সভ্য নকুল খাউণ্ডৰ পুত্র বৌনক খাউণ্ড আৰু আজীবন সদস্য প্রশান্ত দত্তৰ পুত্ৰ স্বপ্ননীল দত্তক এই বঁটাৰে সম্মানিত কৰা হয়। তাৰোপৰি এই অনুষ্ঠানতে মিলন নগৰৰ তুলসী গাওঁৰ বাসিন্দা ৰাজেশ দাসৰ পুত্র নিয়ৰ দাস আৰু একে অঞ্চলেৰে বাসিন্দা প্রশান্ত দাসৰ পুত্ৰ নীলোৎপল দাসকো বিশেষ অভিনন্দন জনোৱা হয়। উল্লেখযোগ্য যে নিয়ৰে সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতৰ আগশাৰীৰ কাৰিকৰী প্ৰতিষ্ঠান “ভাৰতীয় প্রযুক্তি বিদ্যা প্রতিষ্ঠানত” অধ্যয়ন কৰিবলৈ সুবিধা লাভ কৰিছে।
আনহাতে নীলোৎপল এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫.৪% শতাংশৰে উত্তীৰ্ণ হৈ সমগ্র অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। যোৱা ২৯ জুন তাৰিখ দেওবাৰে সংঘৰ নতুনকৈ সজাই তোলা প্রয়াত ক্ষীৰেশ্বৰ গগৈ সোঁৱৰণী প্রেক্ষাগৃহত অনুষ্ঠিত হৈ যোৱা এই বঁটা প্রদান অনুষ্ঠানত মুখ্য অতিথি স্বৰূপে অংশ গ্ৰহণ কৰে অসমৰ এগৰাকী বিশিষ্ট কৰি, সাহিত্যিক তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ স্ত্রী ৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ প্রনয় ফুকনে। বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ডিব্রু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জন চাংমাই।
সভাত সভাপতিত্ব কৰে সংঘৰ সভাপতি অমিয় হাজৰিকাই। উপস্থিত থাকে সংঘৰ কাৰ্যকৰী সভাপতি কমলচন্দ্ৰ গগৈ। অনুষ্ঠানটিৰ উদ্দ্যেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ আগবঢ়াই সংঘৰ সভাপতি অমিয় হাজৰিকাই। অনুষ্ঠানটি পৰিচালনা কৰে জ্যোতি শংকৰ চলিহাই। শলাগৰ শৰাই আগবঢ়াই কার্যনির্বাহক সদস্য দিগন্ত হাজৰিকাই। “মিলন জ্যোতি প্রতিভা” বঁটা সমূহ প্রদান কৰে যথাক্রমে মুখ্য অতিথি ডাঃ প্রনয় ফুকন, বিশিষ্ট অতিথি ডিব্রু মহাবিদ্যালয়ৰ অধ্যক্ষ ড” ৰঞ্জন চাংমাই সংঘৰ সভাপতি অমিয় হাজৰিকা আৰু কাৰ্যকৰী সভাপতি কমল চন্দ্র গগৈয়ে।
অন্যান্য বঁটা সমূহ প্রদান কৰে যথাক্রমে ডাঃ ৰঞ্জিত বৰুৱা, ড° কমলেশ্বৰ দত্ত, ড° ভাৰতী দত্ত, সংঘৰ উপদেষ্টা ডাঃ উপেন্দ্র নাথ বৰা, উপদেষ্টা অৰূপ কুমাৰ ফুকন, সংঘৰ উপ সভাপতি যামিনী শর্মা, উপসভাপতি বিপিন চন্দ্র গগৈ, ৰীতা হাজৰিকা, সুভদ্রা কোঁৱৰ, উপদেষ্টা কুশল কোঁৱৰ আৰু অন্যান্য অতিথি সকলে।
উল্লেখযোগ্য যে প্রতি বছৰে অনুষ্ঠিত হোৱা এই বঁটা প্রদান অনুষ্ঠানৰ কিতাপ সমূহ আগবঢ়াই বনলতাৰ স্বত্বাধিকাৰ স্বর্গীয় মাখন হাজৰিকাৰ পুত্ৰ প্রদ্যুৎ হাজৰিকাই। অন্যান্য বিভিন্ন ক্ষেত্রত সহায় আগবঢ়াইছে অসমৰ এজন বিশিষ্ট চিকিৎসক ডাঃ কুঞ্জন শইকীয়া, ডাঃ ইৰফানা এ হাজৰিকা আৰু জীবন বীমা কোম্পানীৰ অনন্ত বৰাই। উক্ত অনুষ্ঠানৰ বঁটা সমূহত আছে নগদ ধন, এখন প্রশস্তি পত্ৰ আৰু কিতাপৰ টোপোলা।অনুষ্ঠানৰ শেষত জাতীয় সঙ্গীতেৰে অনুষ্ঠানটিৰ অন্ত পৰে।