বিলাসীপাৰাত দিল্লী বিষ্ফোৰণ সন্দৰ্ভত আপত্তিজনক মন্তব্য
ৰঙাঘৰৰ আলহী হ’ল এজন যুৱক
বিলাসীপাৰা:
হাতীপোতা প্ৰথম খণ্ড গাৱঁৰ আজিজুৰ ৰহমান নামৰ যুৱক জনে দিছিল সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য।কালিয়ে বিলাসীপাৰা আৰক্ষীয়ে যুৱকজনক নিজ গৃহৰ পৰা আটক কৰি থানালৈ আনি তদন্ত চলায়।
আজি যুৱকজনক ৩৫৭/২৫ নং কেছত ১৯৬(১)এ/১৯৭(১)এ আৰু ১৫২ নং ভাৰতীয় ন্যায় সংহিতাৰ ধাৰাত গোছৰ ৰজু কৰি গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনক আজি জেললৈ প্ৰেৰণ কৰে।