...

পুনৰ মাহ-হালধিৰ গোন্ধ লাগিল সাংসদ মহুৱাৰ গাত

Spread the love

 

পুনৰ মাহ-হালধিৰ গোন্ধ লাগিল সাংসদ মহুৱাৰ গাত

 

৬৫ বছৰীয়া পিনাকী আৰু ৫১ বছৰীয়া মহুৱা
সুদূৰ বাৰ্লিনত সংগোপনে বিয়াত বহিল অগ্নিবৰ্ষা সাংসদ !
জুন মাহৰ শেষত দুয়ো স্বদেশলৈ ঘূৰি অহাৰ সম্ভাৱনা !
চাইন অন ডেস্কঃ প্ৰায়েই মুখেৰে অগ্নি বৰষা, সময়ে সময়ে নানা বিতৰ্কৰো কেন্দ্ৰবিন্দু হৈ পৰা সাংসদ মহুৱা মৈত্ৰই পুনৰ বিয়া পাতিলে৷ তাকো 
অতি গোপনে ৷ দ্বিতীয় বিবাহ ৷ সেয়াও আকৌ দেশৰ বাহিৰত ৷ জাৰ্মানীৰ বাৰ্লিনত।

তৃণমূল কংগ্ৰেছৰ এইগৰাকী বাকপটু সাংসদক লৈ বিভিন্ন সময়ত বিভিন্ন চৰ্চা চলি থাকে ৷ এইবাৰ পিছে চৰ্চা নহয়, সত্য ৷ জাৰ্মানীৰ বাৰ্লিন পেলেচত ৩ মে’ত সংগোপনে বিবাহপাশত আবদ্ধ হয় সাংসদগৰাকী ৷ ওড়িশাৰ পুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা বিজু জনতা দলৰ (বি জে ডি) জ্যেষ্ঠ নেতা পিনাকী মিশ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল মহুৱা মৈত্ৰ ৷ ৬৫ বছৰীয়া পিনাকী আৰু ৫১ বছৰীয়া মহুৱা ৷ জানিবলগীয়া খবৰটো হ’ল দৰা-কইনা দুয়োগৰাকীৰে এয়া দ্বিতীয় বিবাহ ।

ঠিক ‘ডেষ্টিনেশ্যন ৱেডিং’ বুলি নকলেও একপ্ৰকাৰ তেনেকুৱাই আচিল বিয়াখন। বহুতে ক’ব খোজে যে হাই-উৰুমিৰ পৰা আতৰি একান্ত নিৰলে বিয়াখন পাতিবলৈকে দুযো বাৰ্লিনলৈ গৈছিল ৷

মহুৱা আৰু পিনাকীৰ বিবাহৰ সৈতে জড়িত এখন ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, য’ত উভয়ৰে দুই ওঠত বিৰিঙি উঠিছে প্ৰাপ্তিৰ হাঁহি ৷ এই ছবিখনৰ পৰা অনুমান কৰিব পাৰি যে বিবাহ অনুষ্ঠানটো অতি ব্যক্তিগত আছিল যদিও পৰম্পৰাগত আছিল ।

পিনাকী-মহুৱা বৰ্তমান ইউৰোপত মধুচন্দ্ৰিকাত ব্যস্ত । অৱশ্যে সাংসদগৰাকীৰ এই বিয়াৰ বিষয়ে ভালদৰেই জানিছিল তৃণমূলৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । মমতা বেনাৰ্জীৰ অনুমতি লৈহে তেওঁ বিয়াৰ বাবে বিদেশলৈ গৈছিল । জুন মাহৰ শেষৰ ফালে দৰা-কইনা দুয়ো স্বদেশলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে ।

মহুৱা মৈত্ৰৰ প্ৰথম বিবাহ হৈছিল এগৰাকী ডেনিছ নাগৰিক লাৰ্ছ ব্ৰ’ৰ্চেনৰ সৈতে ৷ পেছাত এগৰাকী বিত্তীয় বিষয়া আছিল লাৰ্ছ ব্ৰ’ৰ্চেন ৷ পিছে পৰৱৰ্তী সময়ত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় । ইফালে প্ৰাক্তন সাংসদ পিনাকী মিশ্ৰও পূৰ্বে বিবাহিত ৷ ওড়িশাৰ সংগীতা মিশ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল পিনাকী । তেওঁলোকৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানো আছে । পিনাকী আৰু সংগীতাৰ বিবাহ বিচ্ছেদ হোৱা বহু বছৰ হ’ল ৷

দুয়োৰে বিবাহৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতেই বৃহস্পতিবাৰে সন্ধিয়া মহুৱাই নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ৰ জৰিয়তে এই বিবাহৰ কথা নিশ্চিত কৰে । মহুৱা মৈত্ৰই ‘X’ত কেক কাটি থকা এখন ফটো শ্বেয়াৰ কৰি কয়, “সকলোকে ধন্যবাদ, সকলো মৰম আৰু শুভেচ্ছাৰ বাবে কৃতজ্ঞ ।”

Leave a Reply

Your email address will not be published. Required fields are marked *