ডিব্ৰুগড়ত ‘মঞ্চৰূপা’ৰ দুদিনীয়া বিশেষ অনুষ্ঠান
অন্যতম প্ৰতিষ্ঠাপক হাচান ছৰিফ আহমদ ৰচিত শীৰ্ষ-গীতেৰে কাৰ্যসূচীৰ পাতনি
চাইন অন ডেস্ক:
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীৰ লগত সংগতি ৰাখি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ওপজা দিৱস দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰে ডিব্ৰুগড়ৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘মঞ্চৰূপা’ই৷ ৩১ জানুৱাৰীত কলাগুৰুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত ১ 
ফেব্ৰুৱাৰীত বাগ্মীবৰ নীলমণি ফুকন উ: মা: বাদ্যালয়ৰ সহযোগত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান৷ ‘মঞ্চৰূপা’ৰ মূখ্য উপদেষ্টা অমিয় শৰ্মা, সভাপতি চন্দন পাঠক, কাৰ্যকৰী সভাপতি বলিন্দ্ৰ নাথ বৰদলৈ, সম্পাদক লাকি চাংকাকতি আৰু বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক তথা এগৰাকী বিদ্যায়তনিক তত্ত্বাৱধায়ক ভৰত গগৈয়ে পঞ্চমুখী বন্তি প্ৰজ্বালন কৰাৰ পিছতে ‘মঞ্চৰূপা’ৰ শিল্পীসকলে পৰিৱেশন কৰা বিষ্ণু ৰাভাৰ সমৱেত গীতৰ লগতে অন্যতম প্ৰতিষ্ঠাপক হাচান ছৰিফ আহমদ ৰচিত শীৰ্ষ-গীতেৰে কাৰ্যসূচীৰ পাতনি মেলা হয়৷ কণ্ঠদান কৰে ক্ৰমে চন্দন পাঠক, হাচান ইকবাল, ৰাজকুমাৰ গগৈ, বলিন্দ্ৰ নাথ বৰদলৈ, জয়শ্ৰী দেৱী, দীপা দেৱী, চৈয়দা মাছহুদা ৰহমান, ৰিণি শৰ্মা, নিলীমা বৰদলৈ, বন্দনা পাঠক, কবিতা শৰ্মা, লাকী চাংকাকতি, ইভা দাস, দিপীকা গগৈ আৰু মেঘালি শৰ্মাই৷ একক গীত পৰিৱেশন কৰে ক্ৰমে নিলীমা বৰদলৈ, ৰূপনন্দা দত্ত, ৰূপ বৰুৱা, অৰুণ হাজৰিকা, ৰতন গগৈ আৰু অভিলাষা বৰুৱাই৷ ৰিণি শৰ্মাৰ বেহেলা বাদনৰ পিছতে একক নৃত্য পৰিৱেশন কৰে প্ৰিঞ্চিপ্ৰিয়া নাথে৷ স্বৰচিত কবিতা পাঠ কৰে লাকি চাংকাকতি আৰু ডা° ৰাম হাজৰিকাই৷ একে অনুষ্ঠানতে ভূপেন্দ্ৰ সঙ্গীত আৰু নৃত্য প্ৰতিযোগিতাৰ বিজয়ী সকলকো পুৰস্কাৰ প্ৰদান কৰা হয়৷ ভূপেন্দ্ৰ সঙ্গীতৰ ‘ক’ শাখাৰ ১ম পুৰস্কাৰ লাভ কৰে শ্ৰেয়াঞ্চী গগৈয়ে৷ ‘খ’ শাখাত ১ম পুৰস্কাৰ লাভ কৰে প্ৰীতম দত্তই৷ নৃত্য প্ৰতিযোগিতাত ‘ক’ শাখাত ১ম হয় প্ৰিঞ্চিপ্ৰিয়া নাথ আৰু ‘খ’ শাখাত ১ম হয় অভিকা গগৈ৷ পুৰস্কাৰ সমূহ প্ৰয়াত গুণেশ্বৰ পাঠক( দাতা: চন্দন পাঠক, বন্দনা পাঠক) , অংকুৰ বৰদলৈ (দাতা : বলিন বৰদলৈ, নিলীমা বৰদলৈ), কৃষ্ণ প্ৰসাদ দত্ত (দাতা : ৰূপনন্দা দত্ত), সুখেন শৰ্মা (দাতা : ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱা, জয়শ্ৰী দেৱী) আৰু ভদ্ৰ গগৈ ( দাতা : নিতু গগৈ,দিপিকা গগৈ)ৰ সোঁৱৰণত স্মাৰক ৰূপে নগদ ধন সহ প্ৰদান কৰা হয়৷ উদগনি পুৰস্কাৰকে ধৰি কেউটা শাখাত মুঠ ১৬ গৰাকী প্ৰতিযোগীয়ে স্বীকৃতি লাভ কৰে৷ অনুষ্ঠানটিৰ
আঁত ধৰে ‘মঞ্চৰূপা’ৰ সাংস্কৃতিক সম্পাদক হাচান ইকবালে৷ অনুষ্ঠানটিত অসম গৌৰব ৰাম চাচনী, গীতিকাৰ শৈলেন দত্ত, পৌৰ নিগমৰ পাৰিষদ শ্ৰবণ দাস, শিল্পী গোপা হাজৰিকা, লেখক ভূবন বৰুৱা, শিল্পী জয়ৰাজ চক্ৰৱৰ্তীকে আদি কৰি বহুসংখ্যক গুণীজ্ঞানী লোকৰ উপস্থিতিয়ে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷