...

পাছিঘাটত প্ৰতিমূৰ্তি উন্মোচন সাহিত্যিক লুম্মেৰ দাইৰ

Spread the love

 

পাছিঘাটত প্ৰতিমূৰ্তি উন্মোচন সাহিত্যিক লুম্মেৰ দাইৰ

 

শ্ৰদ্ধাঞ্জলিৰে উদযাপন লুম্মেৰ দাইৰ ৮৫ তম জন্ম বাৰ্ষিকী

 

পাছিঘাটঃ

পাছিঘাটৰ চৰকাৰী গান্ধী মাধ্যমিক বিদ্যালয়ত অৰুণাচল প্ৰদেশৰ সাহিত্যৰ পথ প্ৰদৰ্শক প্ৰয়াত লুমেৰ দাইৰ ৮৫ সংখ্যক জন্ম বাৰ্ষিকী অতি শ্ৰদ্ধাৰে আৰু সাংস্কৃতিক গৌৰৱেৰে স্মৰণ কৰা হয়।

অসম সাহিত্য সভা আৰু পাচিঘাট সাহিত্য সভাই যৌথভাৱে আয়োজন কৰা এই উদযাপনত অসম আৰু অৰুণাচল প্ৰদেশ উভয়ৰে বিশিষ্ট সাহিত্যিক ব্যক্তি, বিশিষ্ট ব্যক্তি, সাংস্কৃতিক ব্যক্তিসকল উপস্থিতি থাকে।

অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে,অৰুণাচলৰ পঞ্চায়তীৰাজ, গ্ৰামোন্নয়ন আৰু পৰিবহণ বিভাগৰ মন্ত্ৰী ওজিং তাছিঙৰ উপস্থিতিত এই প্ৰতিমূৰ্তি উদ্বোধন কৰে। বিধায়ক টাপি দৰং , ৰাজ্যিক বিজেপিৰ সভাপতি কালিং ময়ং, প্ৰাক্তন শিক্ষামন্ত্ৰী বছিৰাম ছিৰাম,পদ্মশ্ৰী বঁটা বিজয়ী মামাং দাই,ইষ্ট ছিয়াঙৰ উপ আয়ুক্ত টাই টাগু, এছ পি পি লাম্বা, আপছুৰ প্ৰাক্তন সভাপতি টবোম দাই, আৰু প্ৰখ্যাত গায়ক ডেলং পাডুং বিশেষভাবে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে।

উদযাপনৰ অংশ হিচাপে প্ৰশংসিত লেখিকা তথা পদ্মশ্ৰী বিজয়ী মামাং দাইক তেওঁৰ অসাধাৰণ সাহিত্যিক অৱদান আৰু প্ৰয়াত দাই ৰক্ষা কৰা মূল্যবোধৰ মূৰ্তকৰণৰ স্বীকৃতি স্বৰূপে ২০২৫ চনৰ সন্মানীয় লুম্মাৰ দাই সাহিত্য বঁটা প্ৰদান কৰা হয়। দুয়োখন ৰাজ্যৰ আন কেইবাগৰাকীও সাহিত্যিক আৰু সাংস্কৃতিক বিশিষ্ট ব্যক্তিকো সম্বৰ্ধনা জনোৱা হয়।

মন্ত্ৰী ওজিং টাছিঙে তেওঁৰ ভাষণত প্ৰয়াত লুমাৰ দাইৰ উত্তৰাধিকাৰক সন্মান জনোৱাৰ বাবে আয়োজকসকলক প্ৰশংসা কৰি সাহিত্যক “আমাৰ ইতিহাস, সংস্কৃতি আৰু মানৱতাক প্ৰতিফলিত কৰা দাপোন” বুলি অভিহিত কৰে। তেওঁ অসম আৰু অৰুণাচলৰ মাজত গভীৰ শিপাই থকা আৱেগিক আৰু সাংস্কৃতিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “আমি দুখন বেলেগ ৰাজ্য হ’লেও আমাৰ হৃদয়ৰ বিশালতাৰ বাবে সুপৰিচিত।”

মামাং দাইয়ে ভাষণত চক্ৰেটিছৰ উদ্ধৃতি দি কয় যে, “ভাষাৰ অপব্যৱহাৰে আত্মাত বেয়াৰ সৃষ্টি কৰে,” সমাজৰ মূল্যবোধ গঢ় দিয়াৰ ক্ষেত্ৰত লেখকৰ দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অসমৰ সাহিত্যিক উত্তৰাধিকাৰক প্ৰশংসা কৰি অৰুণাচলৰ সাহিত্যিকসকলক বৃহত্তৰ ভাৰতীয় সাহিত্য পৰম্পৰাত অৰিহণা যোগাবলৈ উৎসাহিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *