Skip to content “ভৱিষ্যতৰ ভাৰতৰ বাবে ভূগৰ্ভস্থ জল নিৰাপত্তা” সন্দৰ্ভত বক্তৃতা
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰখ্যাত বিজ্ঞানী প্ৰাধ্যাপক অভিজিত মুখাৰ্জী
চাইন অন ডেস্ক:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে, প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ উদ্যোগত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ভাৰতৰ প্ৰখ্যাত ভূ-জল বিজ্ঞানী প্ৰাধ্যাপক অভিজিৎ মুখাৰ্জীয়ে “ভৱিষ্যতৰ ভাৰতৰ বাবে ভূগৰ্ভস্থ জল নিৰাপত্তা” “Groundwater Security for Future India” শীৰ্ষক এক আমন্ত্ৰিত বক্তৃতা আগবঢ়ায়।
২৪ জুন ২০২৫ তাৰিখে বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি আলোচনা কক্ষত এই আমন্ত্ৰিত বক্তৃতা অনুষ্ঠিত হয়, য’ত বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক, গৱেষক আৰু বহুতো ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে। প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ বিভাগীয় প্ৰধান প্ৰাধ্যাপক তাপস কুমাৰ গোস্বামীৰ আদৰণী ভাষণৰ সৈতে অনুষ্ঠানটো আৰম্ভ হয়। তেওঁ পৰিৱেশ সম্পৰ্কীয় জৰুৰী চিন্তাৰ প্ৰেক্ষাপটত এই বক্তৃতাৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। প্ৰাধ্যাপক গোস্বামীয়ে কয় যে আজিৰ যুগত ভূ-জল সম্পদ কেৱল প্ৰাকৃতিক উৎস নহয়, ই এটা ৰাজনৈতিক, সামাজিক আৰু বিজ্ঞানভিত্তিক বিষয় হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত এই বক্তৃতাটো বিশেষ গুৰুত্বপূৰ্ণ।
এই অনুষ্ঠানটো উদ্বোধন কৰে ভূ-বিজ্ঞান আৰু শক্তি অনুষদৰ গুৰু, প্ৰাধ্যাপিকা সুব্ৰতা বৰগোহাঞি গগৈয়ে। তেওঁ কয় যে ভূগৰ্ভ জল সংকট কেৱল বিজ্ঞানৰ বিষয় নহয়, ই কৃষি, স্বাস্থ্য, শিক্ষা আৰু অৰ্থনীতিৰ সৈতে জড়িত বহুমাত্ৰিক সমস্যা। এনে সমস্যাৰ সমাধানৰ বাবে আন্তঃবিভাগীয় জ্ঞান আৰু সহযোগিতা একান্তই প্ৰয়োজনীয়।

আমন্ত্ৰিত বক্তৃতা অনুষ্ঠানৰ মূল বক্তা হিচাপে উপস্থিত থকা প্ৰাধ্যাপক অভিজিৎ মুখাৰ্জী ভাৰতৰ শীৰ্ষস্থানীয় জলবিজ্ঞানী হিচাপে পৰিচিত। তেখেতে ২০২০ চনৰ শান্তি স্বৰূপ ভাটনাগৰ বঁটা আৰু ২০১৪ চনৰ ৰাষ্ট্ৰীয় ভূবিজ্ঞান বঁটা লাভ কৰিছে। বৰ্তমান তেওঁ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (IIT), খড়গপুৰত প্ৰাধ্যাপক হিচাপে কৰ্মৰত।তেওঁৰ বক্তৃতা শুনিবলৈ আগ্ৰহী হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বহুতো বিভাগৰ প্ৰাধ্যাপক-গৱেষক আৰু ছাত্ৰ-ছাত্ৰীয়ে এই আমন্ত্ৰিত বক্তৃতা অনুষ্ঠানত উপস্থিত থাকে।
বক্তৃতাৰ আৰম্ভণিতে প্ৰাধ্যাপক মুখাৰ্জীয়ে ভাৰতত ভূগৰ্ভস্থ জল ব্যৱহাৰৰ ইতিবৃত্ত দাঙি ধৰে। মহেঞ্জোদাৰো আৰু হৰপ্পাৰ পুৰণি কুঁৱা আৰু জল সংৰক্ষণ ব্যৱস্থাৰ বৰ্ণনা কৰি তেওঁ প্ৰাচীন ভাৰতৰ জলবোধৰ ওপৰত আলোকপাত কৰে। তাৰ পাছত তেওঁ বৰ্তমান ভাৰতত সৃষ্ট ভূগৰ্ভ জল সংকট, বিশেষকৈ কৃষিপ্ৰধান অঞ্চলসমূহ—পঞ্জাব, হাৰিয়ানা, পশ্চিমবঙ্গ, বিহাৰ আৰু অসমৰ কথা উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে বিশ্বৰ ভিতৰত দক্ষিণ এছিয়াই আটাইতকৈ বেছি ভূগৰ্ভ জল ব্যৱহাৰ কৰে। ইয়াৰ ভিতৰত ভাৰতৰ ভূমিকা অগ্ৰণী। ভূ-জল সম্পদৰ উপযুক্ত ব্যৱস্থাপনা নোহোৱাৰ বাবেই ভূ-জল প্ৰদূষণ, ভূ-জল স্তৰৰ হ্ৰাস আৰু জনস্বাস্থ্য সংকটৰ সৃষ্টি হৈছে।
নিজৰ বক্তব্যত তেওঁ ভূগৰ্ভত সঞ্চালিত বৃহৎ ভূতাত্ত্বিক প্ৰক্ৰিয়াই কিদৰে আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলায়, তাৰ কথা ব্যাখ্যা কৰে।
ভূত্বকৰ গঠন আৰু শিলস্তৰৰ বৈশিষ্ট্যৰ দ্বাৰা কিদৰে ভূ-জলৰ গতি, শুদ্ধতা আৰু সংৰক্ষণ প্ৰভাৱিত হয়—সেয়া তেওঁ চিত্ৰ, মানচিত্ৰ আৰু তথ্যৰ জৰিয়তে ব্যাখ্যা কৰে।
নিজৰ বক্তব্যত প্ৰাধ্যাপক মুখাৰ্জীয়ে এক অভিনৱ দৃষ্টিভংগীৰে তেওঁ বিজ্ঞান আৰু সমাজৰ সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে অধ্যয়ন আৰু গৱেষণা কিতাপ আৰু প্ৰবন্ধত সীমাবদ্ধ হৈ থাকিলে ইয়াৰ প্ৰভাৱ সমাজত নপৰে। গৱেষণাৰ লক্ষ্য জনসাধাৰণৰ জীৱন সহজ আৰু সুস্থ কৰা হলেহে গৱেষণাই সমাজত প্ৰভাৱ পেলাবলৈ সক্ষম হয়।
তেওঁৰ বক্তৃতাৰ অন্যতম আকর্ষণ আছিল ভূ-জলৰ অধ্যয়নত কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু মেচিন লাৰ্নিংৰ প্ৰয়োগ। ইয়াৰ সহায়ত প্ৰাধ্যাপক মুখাৰ্জীয়ে তেওঁ আৰু তেওঁৰ গৱেষক দলে প্ৰস্তুত কৰা এক বিস্তৃত অধ্যয়নত দেখুৱায় যে কিদৰে ভাৰতৰ বিভিন্ন ৰাজ্যত ভূগৰ্ভস্থ জল সংকট দিনক দিনে তীব্ৰ হৈ পৰিছে। তেওঁ বিশেষকৈ অসমৰ মাটিত আৰ্ছেনিক প্ৰদূষণ আৰু জল স্তৰৰ হ্ৰাসৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এনে সংকটৰ বাবে তেওঁ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা, বিশেষকৈ MGNREGA আঁচনিৰ সহায়ত কিদৰে বহু অঞ্চলত জল সংৰক্ষণ, পুখুৰী খনন আৰু কৃষি উদ্যোগেৰে জল স্তৰ পুনৰুদ্ধাৰ হৈছে, সেই কথা উল্লেখ কৰে।
তেওঁ বিজ্ঞানভিত্তিক, নীতিনির্দেশনামূলক আৰু স্থানীয় সমাজক সংলগ্ন কৰা ধৰণৰ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰে।বক্তৃতাৰ অন্তত অনুষ্ঠিত মুকলি আলোচনা পৰ্বত প্ৰাধ্যাপক, গৱেষক, আৰু ছাত্ৰ-ছাত্ৰীসকল প্ৰাধ্যাপক অভিজিত মুখাৰ্জীৰ সৈতে মত বিনিময় কৰে। জল সংকটৰ বহু-পাৰ্শ্বিকতা, পৰিৱেশগত প্ৰভাৱ আৰু ইয়াৰ সমাধানৰ পথসমূহক লৈ প্ৰশ্ন-উত্তৰ পৰ্বত বহুতো গুৰুত্বপূৰ্ণ তথ্য উন্মোচিত হয়।
অনুষ্ঠানৰ শেষত প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জিত কলিতাই ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আমন্ত্ৰিত বক্তৃতা প্ৰদান কৰাৰ বাবে প্ৰাধ্যাপক অভিজিত মুখাৰ্জীক ধন্যবাদ জনায় আৰু বিশ্ববিদ্যালয়ৰ প্ৰশাসনক এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এনে গৱেষণামূলক আৰু সমাজপ্ৰয়োজনীয় আলোচনাৰ আয়োজন আমাৰ ছাত্ৰ-গৱেষকসকলৰ বাবে এক নতুন দিশা প্ৰদৰ্শন কৰিব। এই আলোচনাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হীৰক জয়ন্তীৰ অনুষ্ঠানত এটা গভীৰ পৰ্যবেক্ষণ আৰু বহুমাত্ৰিক আলোচনা আগবঢ়ালে, যি ভাৰতৰ জল সংকটৰ দিশত চিন্তন আৰু কাৰ্য্যপন্থাৰ পথ প্ৰশস্ত কৰিব।