...

খোজ অসমৰ উদ্যোগত ডিব্রুগড়ত প্রকৃতি পর্যটন আৰু সাংস্কৃতি উৎসৱ শুভাৰম্ভ

Spread the love

খোজ অসমৰ উদ্যোগত ডিব্রুগড়ত প্রকৃতি পর্যটন আৰু সাংস্কৃতি উৎসৱ শুভাৰম্ভ

 

প্রকৃতিৰ প্রতি গঢ়ি তোলা একাত্মবোধে মানুহক জীয়াই থকাৰ প্ৰকৃত অর্থ শিকায়: ড°শশীকান্ত শইকীয়া

চাইন অন ডেস্ক:

প্রকৃতিক ভাল পোৱা, প্ৰকৃতিৰ স’তে সম্পর্ক গঢ়ি তোলা, প্রকৃতিৰ স’তে গঢ়ি উঠা একাত্মবোধে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে, জীয়াই থকাৰ প্রকৃত অর্থ শিকায়। প্রকৃতিৰ প্রতি থকা দায়িত্ববোধে সমাজ সুন্দৰ কৰে আৰু পৃথিবীখন মানুহৰ উপযোগী কৰি ৰাখে।ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অৱ ট্ৰাইবেল এফেৰাইজে স্বেচ্ছাসেবী সংগঠন ‘খোজ অসম’ৰ সৈতে ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ‘ইক’ টুৰিজিম’ আৰু সাংস্কৃতিক উৎসৱৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসমৰ সাহিত্য সভাৰ আন্তঃৰাজ্য বিদেশ মৈত্রীবন্ধন উপসমিতিৰ আহ্বায়ক, ডিব্রুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট স্তম্ভ লেখক, ডিঃএইচঃএচঃ কাইন মহাবিদ্যালয় (স্বায়ত্বশাসিত) ৰ অধ্যক্ষ ড’ শশীকান্ত শইকীয়াই এইদৰে কয়। সম্পাদক বিশ্ববিজয় ফুকনে উদ্দেশ্য ব্যাখ্যা কৰা উদ্বোধনী অনুষ্ঠানত তেওঁ কয়- ইক’ পর্যটন বা পৰিৱেশ অনুকূল পর্যটন কেৱল ভ্রমণেই নহয়, ই হ’ল প্রকৃতিৰ প্রতি থকা মানুহৰ দায়িত্ববোধৰ পৰিচয়। যেতিয়া ইক’ পর্যটনৰ স’তে সাংস্কৃতিক উৎসবসমূহ সংযুক্ত হৈ যায় তেতিয়া তেনে অনুষ্ঠান সোণত সুরগা চবে বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে কয়-প্রকৃতি আৰু সংস্কৃতি এটা মুদ্রাৰ ইপিঠি সিপিঠি। যদি ইক’ টুৰিজিম গছৰ ডাল হয়, তেন্তে সাংস্কৃতিক উৎসৱসমূহ হ’ল ডালত ফুলি থকা সুগন্ধি ফুল। ফুল অবিহনে ভালতো যেনেকৈ অশুৱনি বা আধৰুৱা ঠিক তেনেকৈ সংস্কৃতি অবিহনেও প্রকৃতি পর্যটনো নিৰস বুলি তেওঁ কয়। প্রকৃতিক জীয়াই ৰখা, প্রকৃতিক ভাল পোৱা, প্রকৃতিক সেউজীয়া কৰি ৰখা আৰু মানুহৰ বাবে প্রকৃতি জীপাল কৰি ৰখাৰ উদ্দেশ্যে বিশ্বত অনেক দেশে প্রকৃতি পর্যটনক অধিক গুৰুত্ব দিয়ে বুলি উল্লেখ কৰি তেওঁ কষ্টাৰিকা, কেনিয়া, আইচলেণ্ড, ভুটান আদি দেশে কেনেকৈ প্রকৃতি পর্যটনৰ যোগে মুঠ ঘৰুৱা উৎপাদনৰ বুজন পৰিমাণৰ ধন উপার্জন কৰে তাৰ সবিশেষ ব্যাখ্যা আগবঢ়ায়। অধ্যক্ষগৰাকীয়ে উপস্থিত সকলোকে উদ্দেশ্যি পর্যটন উদ্যোগৰ প্রতি মনোনিবেশ কৰিবলৈ আহ্বান জনাই কয়- পৃথিৱীৰ সমূহ নিযুক্তিৰ ভিতৰত পর্যটন উদ্যোগে দিছে। প্রতি ২.৫ ছেকেণ্ডৰ মূৰে মূৰে একো একোজন ব্যক্তিক প্রত্যক্ষ আৰু পৰোক্ষভাবে সংস্থাপন দিয়ে বুলি উল্লেখ কৰি তেওঁ কয়- বিগত বর্ষত পর্যটন খণ্ডই ৩৫৭নিযুত সংস্থাপন দিয়া বুলি উল্লেখ কৰে। অধ্যক্ষগৰাকীয়ে ভাৰতৰ পৰ্যটন উদ্যোগক চাৰি কোটিৰো অধিক লোক প্রত্যক্ষ-পৰোক্ষভাবে নিযুক্তি হৈ আছে বুলি উল্লেখ কৰে। ইয়াৰ পূর্বে উৎসৱৰ প্রদর্শনী দ্বাৰ মুকলি কৰে ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডাঃ সৈকত পাত্রই। সাগৰিকা বৰুৱাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, ডিব্রুগড় সাহিত্য সভাৰ সভানেত্রী জ্যোতি বৰগোহাঁই, ড’ কৰবী ডেকা হাজৰিকা, চন্দন কুমাৰ দাস, শিক্ষা শিৰোমণি জ্যোতি প্রসাদ কানৈ, হেমপ্রভা চুতীয়া, অধ্যক্ষ জয়দেৱ গগৈ, মিনিষ্ট্ৰি অৱ ট্ৰাইবেল এফেৰাইজৰ বিষয়ববীয়া সকলকে প্রমুখ্যে কৰি বহু কেইজন গণ্যমান্য ব্যক্তিৰ লগতে দুই শতাধিক ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে মহোৎসৱত পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ পৃথিৱী বিখ্যাত হাতে বোৱা বস্ত্ৰৰ প্ৰদৰ্শন,হাতী চাফাৰী, মাজুলীৰ পদ্মশ্ৰী ড° হেমচন্দ্ৰ গোস্বামীৰ মুখাশিল্পৰ আদি প্ৰদৰ্শন সহ অসমৰ সমৃদ্ধিশালী

Leave a Reply

Your email address will not be published. Required fields are marked *