...

অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ভাৰতৰ অন্তৰ্দেশীয় জলপথসমূহত সেউজ গতিশীলতা প্রদানৰ উপৰি মালবাহী পৰিবহণ আৰু নদী পর্যটনক আগুৱাই নিবলৈ ১,৫০০ কোটি টকাৰো অধিক প্ৰকল্পত অনুমোদন জনাইছে

Spread the love

অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ভাৰতৰ অন্তৰ্দেশীয় জলপথসমূহত সেউজ গতিশীলতা প্রদানৰ উপৰি মালবাহী পৰিবহণ আৰু নদী পর্যটনক

আগুৱাই নিবলৈ ১,৫০০ কোটি টকাৰো অধিক প্ৰকল্পত অনুমোদন জনাইছে

 

“পৰিষদে কেন্দ্ৰ-ৰাজ্যৰ অন্তৰ্দেশীয় জল পৰিবহণৰ বিকাশৰ সমন্বিত প্রচেষ্টাক শক্তিশালী কৰিছে”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
• উত্তৰ-পূবত ৫০০ কোটি টকাৰো অধিক বিনিয়োগৰে ৮৫টা নদী জেটিৰ নিৰ্মাণৰ পথ প্ৰশস্ত

কোচি, কেৰালা 

অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদ (IWDC 3.0)ৰ তৃতীয় অধিবেশন কেৰেলাত কোচিত সফলতাৰে অনুষ্ঠিত হৈছে, য’ত ভাৰতৰ অন্তৰ্দেশীয় জল পৰিবহণ নেটৱৰ্কৰ সম্প্ৰসাৰণৰ এক বিস্তৃত ৰোডমেপ, আন্তঃগাঁথনিগত বিনিয়োগত অনুমোদন আৰু কেন্দ্ৰ- ৰাজ্যৰ সমন্বয় শক্তিশালী কৰি দেশৰ নদীসমূহৰ সম্পূৰ্ণ অৰ্থনৈতিক সম্ভাৱনা মুকলি কৰাৰ কথা ঘোষণা কৰা হৈছে।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত এই এদিনীয়া বৈঠকত হিমাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্রী; বিহাৰ চৰকাৰৰ পৰিবহণ মন্ত্ৰী শ্ৰৱণ কুমাৰ; নাগালেণ্ড চৰকাৰৰ বিদ্যুৎ আৰু সংসদীয় কাৰ্য বিভাগৰ মন্ত্ৰী কে. জি. কেন্যে; অৰুণাচল প্ৰদেশ চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্রী অ’জিং তাচিং; উত্তৰ প্ৰদেশ চৰকাৰৰ পৰিবহণ মন্ত্ৰী দয়া শংকৰ সিং আৰু পঞ্জাৱ চৰকাৰৰ জলসম্পদ মন্ত্ৰী বাৰিন্দৰ কুমাৰ গোয়েল আদি উপস্থিত থাকে।
এই বৈঠকে ভাৰতৰ অন্তৰ্দেশীয় জল পৰিবহণক দীৰ্ঘম্যাদী আৰু দক্ষ লজিষ্টিকছৰ মূল স্তম্ভ হিচাপে শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰিছে।
এই বৈঠকত ১,৫০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰাত গুৰুত্ব আৰোপ কৰা হয়, যিয়ে সেউজ গতিশীলতা ত্বৰান্বিত কৰা, মাল্টিম’ডেল লজিষ্টিক শক্তিশালী কৰা আৰু নদী-নিৰ্ভৰ অৰ্থনৈতিক বিকাশক প্ৰসাৰিত কৰাৰ লক্ষ্য ৰাখিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১৫০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, যাৰ ভিতৰত কেৰালা, গুজৰাট, কৰ্ণাটক, ওড়িশা আৰু তেলেংগানাত নদী ক্রুজ জেটি অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে দেশজুৰি ক্রুজ পর্যটন চার্কিট সম্প্ৰসাৰণত সহায় কৰিব।
অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা নদীৰ মুক্ত্যালা আৰু হৰিশ্চন্দ্ৰপুৰমত ৰো-ৰো আৰু মালবাহী টার্মিনেলৰ বিকাশৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়, যিয়ে মালবাহী পৰিবহণক শক্তিশালী কৰিব। জম্মু আৰু কাশ্মীৰৰ জেলাম নদীত যাত্ৰী পৰিবহণ আৰু পৰ্যটন পৰিকাঠামোৰ বাবে অন-শ্ব’ৰ সুবিধা অনুমোদিত হৈছে। ৰাষ্ট্ৰীয় জলপথ-৪৯ত মুঠ ১০খন হাইব্রিড ইলেক্ট্রিক জাহাজ মোতায়েন কৰা হ’ব৷
৪৬৫ কোটি টকাৰো অধিক মূল্যৰ সম্পত্তি সংগ্ৰহৰ বিষয়েও আজি ঘোষণা কৰা হৈছে।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত ৯০০ কোটি টকাৰো অধিক মূল্যৰ নতুন প্ৰকল্পৰ ৰূপায়ণৰ বিষয়ে আজি বৈঠকত আলোচনা কৰা হৈছে, য’ত কোচিত স্লিপৱে সুবিধা বিকাশ, মুঠ ১১০টা জেটি (ওড়িশাত ২৫টা) আৰু (উত্তৰ-পূবত ৮৫টা) নিৰ্মাণ, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় নদী ট্ৰেফিক আৰু নেভিগেচন ছিষ্টেমৰ ৰূপায়ণ, গুৱাহাটীৰ উজান বজাৰ ঘাটত ৭০ কোটি টকাৰ ক্রুজ টার্মিনেল আৰু ডিব্ৰুগড়ৰ বগীবিল নদী বন্দৰৰ সৈতে ১৪৪ কোটি টকাৰ এপ্ৰ’চ ৰোড (Approach Road) সংযোগ প্ৰকল্পৰ নিৰ্মাণৰ কথা অন্তৰ্ভুক্ত আছে।
বৈঠকত সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অন্তর্দেশীয় জলপথসমূহ ভাৰতৰ পৰিবহণ আৰু লজিষ্টিকছ ৰূপান্তৰৰ কৌশলগত স্তম্ভ হিচাপে উদ্ভাসিত হৈছে৷ “আমাৰ গতিশীল প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অন্তর্দেশীয় জলপথসমূহক বিশেষ গুৰুত্ব দিছে, যিয়ে ৰাস্তাত মালবাহী বাহনৰ ভিৰ হ্ৰাস কৰিছে, লজিষ্টিকৰ খৰচ হ্ৰাস কৰিছে আৰু ব্যৱসায়ৰ সহজতা শক্তিশালী কৰিছে। এই দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ নদীসমূহক কেৱল প্ৰাকৃতিক সম্পদ হিচাপে নহয়; অর্থনৈতিক বৃদ্ধি, দীৰ্ঘম্যাদী প্ৰভাৱ আৰু সংযোগচালিত আর্থ-সামাজিক জীৱনৰেখা হিচাপে ত্বৰান্বিত কৰা হৈছে,” তেওঁ কয়৷
কেৰালাৰ বিস্তৃত বেকৱাটাৰ আৰু খাল নেটৱৰ্কক অন্তর্দেশীয় জলপথৰ এক বৃহৎ সুযোগ হিচাপে প্রতীয়মান কৰা হৈছে৷ পৰিষদে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ দ্বাৰা গুৱাহাটী, বাৰাণসী, পাটনা, তেজপুৰ, ডিব্ৰুগড় আদি ১৮খন চহৰত নগৰীয় জল পৰিবহণৰ সম্ভাৱ্যতা অধ্যয়নৰ বিষয়েও আলোকপাত কৰে৷
কেৰালাত আজি কেইবাটাও ডাঙৰ ঘোষণাৰ জৰিয়তে অন্তর্দেশীয় জল পৰিবহণ আৰু লজিষ্টিক ব্যৱস্থাক শক্তিশালী কৰাত গুৰুত্ব দিয়া হৈছে। জলবাহক মালবাহী প্ৰচাৰ আঁচনি অন্য ৰাষ্ট্ৰীয় জলপথসমূহলৈও সম্প্ৰসাৰণত গুৰুত্ব দিয়া হৈছে, যাৰ অধীনত অন্তর্দেশীয় জলপথৰ জৰিয়তে মালবাহী পৰিবহণত হোৱা মুঠ কাৰ্যকৰী ব্যয়ৰ ৩৫% পর্যন্ত ভাট্টা চৰকাৰে প্ৰদান কৰিব৷ এই আঁচনিয়ে ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণকাৰীক উৎসাহিত কৰিব যাতে
“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত ভাৰতৰ অন্তৰ্দেশীয় জলপথসমূহক সেউজ বৃদ্ধি, ডিজিটেল ৰূপান্তৰ আৰু পৰ্যটন-নিৰ্ভৰ বিকাশৰ শক্তিশালী গুণক হিচাপে উদ্ভাসিত কৰা হৈছে। মালবাহী পৰিবহণ, যাত্ৰী সেৱা আৰু ক্রুজ পৰ্যটনৰ দ্ৰুত সম্প্ৰসাৰণৰ সৈতে আমাৰ নদীসমূহ দীর্ঘম্যাদী গতিশীলতা আৰু অৰ্থনৈতিক সুযোগৰ নতুন ইঞ্জিন হৈ পৰিছে৷ কোচিৰ ৱাটাৰ মেট্ৰ’ৰ সফলতাই দেখুৱাইছে যে নদীসমূহে নগৰীয় গতিশীলতাক কেনেকৈ ৰূপান্তৰিত কৰিব পাৰে। আৰু আমি গুৱাহাটী, বাৰাণসী, পাটনা, তেজপুৰ আৰু ডিব্ৰুগড়কে ধৰি বিভিন্ন চহৰত এই আৰ্হিৰ পুনৰাবৃত্তি কৰিবলৈ সাজু হৈছোঁ, যাতে ভাৰতৰ জলপথসমূহে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে,” সোণোৱালে উল্লেখ কৰে।
অসম তথা উত্তৰ-পূব অঞ্চলৰ জল পৰিবহণ খণ্ডৰ উন্নয়নত বিশেষ গুৰুত্ব দিয়া হৈছে, য’ত জলপথ প্রকল্পই সংযোগ, বাণিজ্য, পর্যটন আৰু নদীকেন্দ্ৰিক সম্প্ৰদায়ৰ জীৱিকা যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত ৫০০ কোটি টকাৰো অধিক বিনিয়োগৰে ৮৫টা জেটি বিকাশৰ বাবে অগ্ৰসৰ হৈছে, যিয়ে আঞ্চলিক লজিষ্টিকছ সংযোজনক শক্তিশালী কৰিব ।
“উত্তৰ-পূব ভাৰতৰ অন্তৰ্দেশীয় জলপথৰ বিকাশৰ দৃষ্টিভংগীক কেন্দ্ৰীয় চৰকাৰে বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ইয়াৰ বিস্তৃত নদী নেটৱৰ্কৰ সৈতে সমগ্ৰ অঞ্চলটো দীৰ্ঘম্যাদী পৰিবহণ, বাণিজ্য আৰু পৰ্যটনৰ এক প্ৰধান কেন্দ্র হিচাপে উদ্ভাসিত হ’ব পাৰে। ৫০০ কোটি টকাৰো অধিক বিনিয়োগেৰে ৮৫টা জেটিৰ বিকাশে সমগ্ৰ অঞ্চলটোৰ সংযোগ শক্তিশালী কৰিব, আঞ্চলিক লজিষ্টিকছ বৃদ্ধি কৰিব আৰু নদীকেন্দ্ৰিক সম্প্ৰদায়ৰ বাবে নতুন জীৱিকাৰ সুযোগ সৃষ্টি কৰিব৷ অন্তর্দেশীয় জলপথসমূহে উত্তৰ-পূবক ৰাষ্ট্ৰীয় বজাৰৰ ওচৰলৈ আনিব আৰু সমৃদ্ধি আৰু আঞ্চলিক সংযোজনৰ দুৱাৰ হিচাপে ইয়াৰ ভূমিকা মুকলি কৰিব,” সৰ্বানন্দ সোণোৱালে কয়।
“অসমৰ বাবে পৰিষদে গুৱাহাটীৰ উজান বজাৰ ঘাটত ৭০ কোটি টকাৰ ক্রুজ টার্মিনেল আৰু ডিব্ৰুগড়ৰ বগীবিল নদী বন্দৰলৈ ১৪৪ কোটি টকাৰ এপ্ৰ’চ ৰোড সংযোগ প্ৰকল্পৰ নিৰ্মাণৰ পথ প্ৰশস্ত কৰিছে এই প্রকল্পসমূহে ৰাজ্যৰ অন্তৰ্দেশীয় জলপথ পৰিকাঠামোক যথেষ্ট শক্তিশালী কৰিব, নদী ক্রুজ পর্যটনক উৎসাহিত কৰিব আৰু শেষ- মাইল সংযোগ উন্নত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ উত্তৰ-পূবক অষ্টলক্ষ্মী হিচাপে নতুন ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি নতুন ইঞ্জিন হিচাপে গঢ়ি তোলাৰ লগতে এই পদক্ষেপসমূহে ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি বাণিজ্য, নিয়োগ আৰু দীৰ্ঘম্যাদী বিকাশৰ নতুন সুযোগ সৃষ্টি কৰিব৷”, সোণোৱালে ভাষণ প্ৰসংগত আজি কয়।
বৈঠকত বিগত দশকত জল পৰিবহণ খণ্ডটোৰ দ্ৰুত সম্প্ৰসাৰণৰ পৰ্যালোচনা কৰা হয়৷ ৰাষ্ট্ৰীয় জলপথত মালবাহী পৰিবহণ ২০১৩-১৪ চনত ১৮ মিলিয়ন টনৰ পৰা ২০২৪-২৫ চনত ১৪৫.৮৪ মিলিয়ন টনলৈ বৃদ্ধি পাইছে, আনহাতে কাৰ্যকৰী ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ৩ৰ পৰা ৩২লৈ- মুঠ দহগুণ বৃদ্ধি পাইছে৷ বিলাসী নদী ক্রুজ জাহাজৰ সংখ্যা ৫ৰ পৰা ২৫লৈ বৃদ্ধি পাইছে, যিয়ে উদ্যোগ, বিনিয়োগকাৰী আৰু ৰাজ্য চৰকাৰসমূহৰ ক্ৰমবৰ্ধমান আস্থাক প্রতিফলিত কৰিছে৷ কাৰ্যকৰী টার্মিনেলৰ সংখ্যা ১৫ৰ পৰা ২৫লৈ আৰু ফ্ল’টিং জেটি ৩০ পৰা ১০০লৈ বৃদ্ধি পাইছে।
ৰাজ্যসমূহে উত্থাপন কৰা গুৰুত্বপূৰ্ণ বিষয় আৰু উদ্বেগসমূহ আজি বিস্তৃতভাৱে পৰ্যালোচনা কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে কাৰ্যকৰী কৰাত গুৰুত্ব দিয়া হৈছে।
বৈঠকত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব বিজয় কুমাৰ; ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ সুনীল পালিওয়াল; উপাধ্যক্ষ সুনীল কুমাৰ সিং আদি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া, উদ্যোগ খণ্ডৰ প্ৰতিনিধি আৰু বিশেষজ্ঞসকল উপস্থিত থাকে।
ভাৰতৰ অন্তৰ্দেশীয় জলপথসমূহে ৰাস্তা আৰু ৰে’ল নেটৱৰ্কত ভিৰ আৰু মালবাহী নিৰ্ভৰশীলতা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ তদুপৰি ই ইন্ধন আৰু পৰিৱেশ অনুকূল পৰিবহণৰ ব্যয়সন্মত মাধ্যম ত্বৰান্বিত কৰিছে৷ দেশজুৰি বিস্তৃত ১১১টা ৰাষ্ট্ৰীয় জলপথৰ সৈতে অন্তর্দেশীয় জলপথসমূহে ৰো-ৰো ফেৰী সেৱাৰ পৰিবহণ আৰু ক্রুজ পৰ্যটনৰ দৰে পদক্ষেপসমূহ ত্বৰান্বিত কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *