ড॰ কন্দৰ্প কুমাৰ ডেকাৰ গ্ৰন্থ ‘ইউক্ৰেইনত দুবছৰঃ এক স্মৃতিকথা’ উন্মোচন
গ্ৰন্থখনিত এগৰাকী পণ্ডিত আৰু সৃষ্টিশীল লেখক সোমাই থকাৰ আভাস পাঠকে লাভ কৰিবঃ ড॰ নগেন শইকীয়া
চাইন অন ডেস্ক:
১৯৮২ ৰ পৰা ১৯৮৪ চনলৈকে দুবছৰকাল গৱেষণাৰ কামত ৰাচিয়াত বসবাস কৰাৰ সময়ত লাভ কৰা জ্ঞান আৰু অভিজ্ঞতাক সামৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য ড॰ কন্দৰ্প কুমাৰ ডেকাই লেখা এখনি গ্ৰন্থ ‘ইউক্ৰেইনত দুবছৰঃ এক স্মৃৃতিকথা’ বুধবাৰে সন্ধিয়া প্ৰথিতযশা সাহিত্যিক, মিতভাষৰ স্ৰষ্টা ড॰ নগেন শইকীয়াৰ বাসগৃহ ‘আশ্ৰয়’ত উন্মোচন কৰা হয়৷ এই উপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কৌস্তুভ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনিৰ উন্মোচনী ভাষণত ড॰ শইকীয়াই কয় যে যেতিয়া কোনো এক বিষয়ক এখন গ্ৰন্থ লিখা হয় তেতিয়া লেখক আৰু
লেখকজনৰ দৃষ্টিভংগী একাকাৰ হৈ পৰে৷ এই গ্ৰন্থখনিত কেৱল জ্ঞানৰ গৰিমাই নহয় মানুহ হিচাপে এক সমষ্টিগত দৃষ্টিভংগী প্ৰকাশ পাইছে৷ নেদেখা এখন দেশ ‘ইউক্ৰেইন’ৰ এক প্ৰতিচ্চবি এই গ্ৰন্থখনিত পাঠকে স্বচক্ষে দেখা যেন অনুভৱ কৰিব৷ তদুপৰি এগৰাকী ‘পণ্ডিত’ হিচাপে নিজৰ দৃষ্টিভংগীৰে গ্ৰন্থখনিত বিষয়বোৰ উপস্থাপন কৰিছে লেখক গৰাকীয়ে৷ ড॰ ডেকাৰ মাজত সঁচাকৈ এগৰাকী পণ্ডিত আৰু সৃষ্টিশীল লেখক সোমাই থকাৰ আভাস এই গ্ৰন্থখনিত পাঠকে লাভ কৰিব বুলি উল্লেখ কৰি সাহিত্যিক গৰাকীয়ে আৰু কয় যে লেখক ডেকাই যিটো জানে সেয়া মুকলিকৈ দাঙি ধৰিছে৷ গ্ৰন্থখন পঢি পাঠকে সোৱাদ লাভৰ উপৰিও জ্ঞানৰ খোৰাক আৰু বিৰল আনন্দ লাভ কৰিব বুলি আশা ড॰ শইকীয়াই আশা প্ৰকাশ কৰে৷ কৌস্তুভ প্ৰকাশনৰ হৈ বীৰেন বৰুৱাই আঁতধৰা অনুষ্ঠানৰ আৰম্ভণিতে সাহিত্যাচাৰ্য ড॰ কৰৱী ডেকা হাজৰিকাই গ্ৰন্থখনিৰ লেখক তথা গ্ৰন্থখনিৰ সম্পৰ্কে চমুকৈ আলোকপাত কৰি দিয়া ভাষণত কয় যে ৰাচিয়ান ভাষাত গৱেষণা কৰিবলৈ যোৱা সময়ছোৱাৰ সমকালীন পৰিৱেশ আৰু বহু তথ্য আৰু পুৰণি ইউক্ৰেইনৰ ছবি এই গ্ৰন্থখনিত উপলব্ধ হৈছে৷ এই গ্ৰন্থখনি ইংৰাজী ভাষালৈ অনুবাদ হ’লে বিশ্ব সাহিত্যৰ এক উল্লেখনীয় গ্ৰন্থ হ’ব বুলিও তেওঁ ভাষণত উল্লেখ কৰে৷ অনুষ্ঠানত গ্ৰন্থখনিৰ লেখক ড॰ কন্দৰ্প কুমাৰ ডেকাই গ্ৰন্থখনিৰ আঁৰৰ কথাৰ লগতে ৰাচিয়াত লাভ কৰা অভিজ্ঞতা সম্পৰ্কে চমুকৈ আলোকপাত কৰি বক্তব্য আগবঢ়ায়৷ জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই শলাগ জ্ঞাপন কৰা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য, বিশিষ্ট লেখক ড॰ কুলেন্দু পাঠক, শ্ৰীশ্ৰী অনিৰূদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ড॰ হীৰেন্দ্ৰ নাথ শৰ্মাই শুভেচ্চামূলক বক্তব্য আগবঢ়ায়৷ শিল্পী ড॰ চুমি ফুকনে এটি গীত পৰিৱেশন কৰা অনুষ্ঠানটিত বিশিষ্ট লেখক, অসম আদিত্য কাকতৰ মুখ্য সম্পাদক ডাঃ নিৰ্মল চাহেৱালা, বিশিষ্ট অনুবাদক দেৱীপ্ৰসাদ বাগড়োদিয়া, শ্ৰীশ্ৰী অনিৰূদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক ড॰ পল্লৱী ডেকা বুজৰবৰুৱা, সহযোগী অধ্যাপক ড০ মৃণাল কুমাৰ বৰুৱা, অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সহকাৰী সম্পাদক ডাঃ শান্তনু লহকৰকে ধৰি বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷