...

কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদে শপতগ্ৰহণ সম্পন্ন

Spread the love

কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদে শপতগ্ৰহণ সম্পন্ন

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা: 

নগাঁও জিলাৰ কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদে বুধবাৰে আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰি কাৰ্যভাৰ গ্ৰহণ কৰে। এই উপলক্ষে কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰণৱ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ নৱ-নিৰ্বাচিত সভাপতি প্ৰণৱ শইকীয়া আৰু সম্পাদক মতিউৰ ৰহমানৰ লগতে উপ সভাপতি, সহঃ সম্পাদকসকল আৰু লগতে পৰিষদৰ অনান্য বিষয়ববীয়া আৰু কাৰ্যকৰী সদস্যসকলক শপত বাক্য পাঠ কৰোৱায় কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত কুমাৰ গোস্বামীয়ে।কামপুৰৰ শংকৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই সভাতে পুৰণা পেঞ্চন নীতি বাহাল ৰাখি নতুন পেঞ্চন নীতি বাতিল কৰাৰ লগতে বিদ্যালয়ত স্থায়ী অধ্যক্ষ নিযুক্তিৰ বিভিন্নজন বক্তাই দাবী জনায়। সভাত শিক্ষক সুৰুজ শইকীয়া,শিক্ষক আব্দুচ চালাম,শিক্ষক প্ৰদ্যুন্ম্য বৰা,প্ৰধান শিক্ষক ভৱেন বৰা আদিয়ে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ভুক্তভোগী হৈ অহা বিভিন্ন সমস্যাৰ ওপৰত ভাষণ ৰখাৰ লগতে সাংবাদিক ৰাজু শইকীয়াই এটা কবিতা পাঠ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *