ডিব্ৰুগড়ত জুবিন গাৰ্গৰ স্মৃতিত “জুবিন নাহৰ বনত ”
বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন:ড০ কৰবী ডেকাসহ বিশিষ্ট ব্যক্তি উপস্থিত
চাইন অন ডেস্ক:

অনুষ্ঠানত অংশগ্ৰহণ কৰে সাহিত্যাচাৰ্য ড° কৰবী ডেকা হাজৰিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকা, বিশিষ্ট ডা° শান্তনু লহকৰ, ডা° ফটিক চন্দ্ৰ বুঢ়াগোহাঁই, দীপা গোস্বামী, গীতা বৰুৱা, ড° পঙ্কজ কুমাৰ শ্ৰুতিকৰ, ৰক্তিম গগৈ, দিব্যজ্যোতি হাজৰিকা আদিৰ লগতে বহু সংখ্যক সদস্য।
অনুষ্ঠানৰ আৰম্ভণিতে ডা° শান্তনু লহকৰে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে ডিব্ৰুগড় চহৰত এনে বহু মহান ব্যক্তি আছিল যাৰ অৱদান আজিও সমাজত সজীৱ হৈ আছে। তেনে মহান ব্যক্তিসকলৰ স্মৃতিত সমাজৰ প্ৰতি দায়িত্ববোধৰে আগবাঢ়ি অহা আৰু সৃজনশীল কাম অব্যাহত ৰখাটো আমাৰ সকলোৰে কৰ্তব্য বুলি তেওঁ উল্লেখ কৰে।শেষত ‘প্ৰহৰী’ৰ জনসম্পৰ্কৰক্ষী বিষয়া নৰেন্দ্ৰ নাথ গোস্বামীয়ে উপস্থিত সকলো অতিথি, সদস্য আৰু সহযোগীক ধন্যবাদ জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়ায় ।