...

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ

Spread the love

গুৱাহাটী: অৱশেষত সাংবাদিকৰ উত্তাল প্ৰতিবাদৰ পিছতে বুধবাৰে সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ কৰে কামৰূপ জিলা সত্র ন্যায়াধীশৰ আদালতে । আদালতত সাংবাদিক দিলোৱাৰ হুছেইনৰ হৈ যুক্তি দৰ্শাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ, অধিবক্তা ৰাহুল শেনচোৱা আৰু এ এছ তাপাদাৰে ।

এই সন্দৰ্ভত অধিবক্তা শান্তনু বৰঠাকুৰে এনেদৰে কয়- ‘‘আদালতে হুছেইনৰ জামিন আবেদন মঞ্জুৰ কৰিছে যদিও নিশাটো ন্যায়িক জিম্মাত কটাব লাগিব সাংবাদিকগৰাকীয়ে ৷ সন্ধিয়া পাঁচ বজাৰ আগতে বেইল বণ্ড জমা দিব নোৱাৰাৰ বাবে থানাৰ লক আপতে কটায় হুছেইনে।আজি বেল বণ্ড জমা দিয়াৰ পিছতে মুকলি আকাশৰ তললৈ আহিব পাৰিব সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰে’’ ।

উল্লেখ্য যে, গুৱাহাটীৰ এপেক্স বেংকত সংঘটিত হৈ থকা কেলেংকাৰী তথা অনিয়ম সন্দৰ্ভত বেংকৰ পৰিচালন সঞ্চালকক প্ৰশ্ন কৰি বিপদত পৰিছিল জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলোৱাৰ হুছেইন । মঙলবাৰে দুপৰীয়া এপেক্স বেংকৰ ভিতৰছোৱাত সংঘটিত হৈ থকা অনিয়ম-কেলেংকাৰীৰ তদন্তৰ দাবীত পাণবজাৰস্থিত বেংকটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল জাতীয় যুৱ শক্তিয়ে ।

সেই সময়তে উক্ত ঘটনা সন্দৰ্ভত এপেক্স বেংক কৰ্তৃপক্ষৰ মতামত ল’বলৈ বেংকটোৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ সাক্ষাৎকাৰ বিচাৰি বেংকত উপস্থিত হৈছিল জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি বেংক কৰ্তৃপক্ষই পাণবজাৰ আৰক্ষীক খবৰ দিয়ে । লগে লগে আৰক্ষীয়ে বাতৰি সংগ্ৰহৰ বাবে বেংকত উপস্থিত হোৱা সাংবাদিক দিলোৱাৰ হুছেইনক আটক কৰে । পিছত বেংকৰ কৰ্মচাৰীৰ অভিযোগৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে পাণবজাৰ থানাত ১১০/২৫ নম্বৰত গোচৰ পঞ্জীয়ন কৰি হুছেইনক গ্ৰেপ্তাৰ কৰে ।‌

ইপিনে বুধবাৰে জ্যেষ্ঠ সাংবাদিক, গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ নেতৃত্বত গুৱাহাটীৰ সাংবাদিক সমাজৰ লগতে সমগ্ৰ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *