“শতফুল” বে-চৰকাৰী সংস্থাক নিয়ন্ত্ৰণ কৰা বন্ধ কৰকঃআলফা(স্বাধীন)
আত্মসমৰ্পনকাৰী আলফা সদস্য জিতেন দত্তক সকিয়নী আলফাৰ(স্বা:)
জিতেন দত্ত ! শতফুল পামখনৰ সৈতে জড়িত হ’লে সংগঠনৰ সৈতে সংঘাত হ’বঃআলফা
চাইন অন ডেস্কঃ ঔপনিৱেশিক ভাৰতৰ তথা-কথিত সংবিধান, আইন আৰু শাসনে সৃষ্টি কৰা সমস্যাৰ এক অন্যতম সমস্যা হৈছে অসমৰ বৰ্দ্ধিত নিবনুৱা সমস্যা। নিবনুৱাৰ ভৰত ভাৰাক্ৰান্ত আজিৰ অসম। কৰ্মবিমুখ থলগিৰিক এই সমস্যাৰ পৰা কিছু সকাহ দিয়াৰ উদ্দেশ্যেৰে নব্বৈ দশকৰ আৰম্ভণিৰ পৰাই “সংযুক্ত মুক্তি বাহিনী, অসম” সংগঠনে বিভিন্ন অঞ্চলত কৃষিপাম সৃষ্টি কৰি সেইসমূহৰ যোগেদি থলগিৰি যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰ হোৱাৰ লগতে ব্যৱসায়ৰ প্ৰতি উৎসা আৰু প্ৰেৰণা যোগাই আহিছিল। সাম্প্ৰতিক পৰিৱেশ প্ৰতিকূল হ’লেও নব্বৈ দশকৰ সেই ধাৰা আজিও “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে বাহাল ৰাখিছে। কেৱল সংগঠনৰ চলমান শিবিৰ সমূহতেই নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ কৃষি উপযোগী চনপৰা মাটিত সেই অঞ্চলৰ উদ্যোমী যুৱক-যুৱতী সকলক কৃষিকৰ্মৰ যোগেদি স্বনিৰ্ভৰশীল হৈ আন দহগাৰাকীৰ বাবে আদৰ্শ পথিক হ’বলৈ আমাৰ সংগঠনে অহোপুৰুষাৰ্থ কৰি আহিছে। তেখেত সকলৰ সফলতা থলগিৰিৰ বাবে অসংশয়ে এক গৌৰৱৰ বিষয়। এই সফল কৃষক সকলৰ দৰেই সকলোৱে কৰ্মমুখী হৈ জাতিটোক আগুৱাই নিয়াটোৱেই আমাৰ সকলোৰে কাম্য।
কিন্তু, কৃষিকৰ্মৰ তথা কৃষিপাম প্ৰতিষ্ঠাৰ গইনা লৈ যিসকলে অসমৰ হৃত স্বাধীনতা পুনৰুদ্ধাৰ আৰু পুনৰপ্ৰতিষ্ঠাৰ বাবে তৰা জাতীয় মুক্তি বিপ্লৱখনৰ লগতে ইয়াৰ ধ্বজাবাহক “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনক ক্ষতি কৰাৰ উদ্দেশ্যেৰে বিভিন্ন অঞ্চলত বিভিন্ন পৰিকল্পনা হাতত লৈ তাক বাস্তবায়িত কৰিবলৈ উদ্যত হৈছে, সেয়া কেতিয়াও কোনো কাৰণতেই সমৰ্থযোগ্য হ’ব নোৱাৰে। তেনে কু-অভিসন্ধি কলিতেই মুহাৰি পেলাবলৈ “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ বদ্ধপৰিক্ক।

স্বাক্ষৰ
২য় লেঃ ঈশান অসম
সহঃ সম্পাদক, প্ৰচাৰ বিভাগ
সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)
বিঃদ্ৰঃ আলফাৰ এই বিবৃতি হুবহু প্ৰকাশ কৰা হৈছে।