আলফা অৰুনোদয় দহোতীয়াৰ সন্দৰ্ভত জিতেন দত্তৰ পুনৰ বিস্ফোৰণ
বৰুৱা মহাশয়,
মোক শত্ৰু জ্ঞান কৰিলেও মই বেয়া নাপাও বৰঞ্চ আপোনাৰ আপোচ বিহীন স্থিতিক সন্মান আৰু চেলুট জনাও:জিতেন দত্ত
চাইন অন ডেস্ক:
সন্মানীয় পৰেশ বৰুৱা মহাশয়—-
আপুনি মোক শত্ৰু জ্ঞান কৰিলেও মই বেয়া নাপাও বৰঞ্চ এটা বিপ্লৱী সংগঠনৰ সেনা প্ৰধান হিচাপে আপোনাৰ যি আপোচ বিহীন স্থিতি তাক আমি সন্মান জনাও আৰু চেলুট জনাও। সেই স্থিতিত আমি অটল থাকিব নোৱাৰিলোঁ তাৰে বাবে ক্ষমাৰ অযোগ্য, অৱশ্যে কি পৰিস্থিতিত আপোচ কৰিব লগা হল তাক পিছত বহলাই লিখিম।
বৰ্তমান আপোনাৰ অতি বিশস্ত অৰুনোদয়ৰ সন্দৰ্ভত কিছু কথা কব বিচাৰিছোঁ। কাৰণ সংগঠনটো গনবিচিন্ন হোৱাৰ লগতে ক্ৰমান্বয়ে অৰ্ধপতন হোৱাৰ মূল কাৰণ হল এই অৰুনোদয় অসম। যি বোৰ কথা হয়টো আপুনি অৱগত নহয়। এই ক্ষেত্ৰত আপোনাৰ কিছু ভূল আছে। আপুনি সকলো সময়তে কেৱল অৰুনোদয়ক গুৰুত্ব দিলে সকলো ক্ষমতা অৰুনোদয়ৰ ওপলত ন্যস্ত কৰিলে, তাতকৈ বহু জেষ্ঠ নেতা থকাৰ পিছটো অৰুনোদয়ক অধিক ক্ষমতা আৰু গুৰুত্ব প্ৰদান কৰি দলটোত একনায়কত্ব হৈ উঠাত আপুনি উৎসাহিত কৰিলে, যিটোৱে দলটোক ক্ৰমান্বয়ে ধ্বংসৰ মূ।মুখলৈ লৈ গল। দলৰ শীৰ্ষ নেতা জীৱন মৰান চাৰক স্বাস্থ্য জননী কাৰনত অব্যাহতি দিয়াৰ পিছত ছাৰে শিবিৰ এৰাৰ সময়ত চাৰক কেনে ব্যৱহাৰ কৰিছিল এবাৰ খবৰ লবচোন। চাৰৰ প্ৰতিটো বেগ তন্ন তন্ন কৈ পৰীক্ষা কৰাৰ লগতে দীৰ্ঘদিন ধৰি যি অলপ টকা জমা ৰাখিছিল সকলো চাৰৰ পৰা কাঢ়ি লোৱা হৈছিল। এই ব্যৱহাৰ চাৰৰ ক্ষেত্ৰত কিয় কৰা হল। অৰুনোদয়ক ইমান ক্ষমতা কিয় দিয়া হল, যি এজন জেষ্ঠ বিষয়াক সন্মন দিব নাজানে।
অসমৰ পৰা এজন লৰাই বহু আশা কৰি জাতিটোৰ বাবে কিবা এটা কৰাৰ আশা বুকুত বান্ধি আলফালৈ যায়। পদে পদে মৃত্যুৰ ভয় থকাৰ পিছটো সংগঠনত অংশ গ্ৰহন কৰে। ,যোৱা 6/7 বছৰত আলফালৈ যোৱা তেনে পাহোৱাল কিমান তেজাল ডেকা আপোনাৰ নাম লৈ অৰুনোদয়ে হত্যা কৰিলে খবৰ কৰকচোন। এতিয়াও বহু পৰিয়ালে নাজানে যে আলফালৈ যোৱা তেওঁলোকৰ সন্তানটো নিৰাপদে বা জীবিত অৱস্থাত আছে নে নাই। কেতিয়াবা চোৰাংচোৱা বুলি কেতিয়াবা পলাবলৈ চেষ্টা কৰিছে বুলি যোৱা সময় চোৱাত 30 জনতকৈ অধিক তেজাল অসমীয়াক শিবিৰত কেৱল অৰুনোদয়ৰ নিৰ্দেশত হত্যা কৰা হল। তাৰে কিছু সংখ্যাকৰ নাম তলত উল্লেখ কৰিলোঁ—-
1/ ৰিষৱ অসম– গুৱাহাটী
2/ ৰূপক অসম–বৰপেটা
3/ ৰিহন অসম—গোৱালপাৰা
4/ দীপ অসম– নলবাৰী
5/ AZ শিৰোনাম অসম–লক্ষীমপুৰ
6/ বৰ্নালী অসম– তিনিচুকীয়া
7/ ৰঞ্জিৎ অসম– শদিয়া
8/ নিৰঞ্জন অসম– গোলাঘাট
9/ বিতু মৰাণ — – কৰদৈগুৰী বিষ্ণুপুৰ
10/ তনু মৰাণ — বিষ্ণুপুৰ
( কৰদৈগুৰীৰ 5 জন লৰাক হত্যা কৰিছিল )
11/ ডিগবৈ টিংৰাই দাস উপাধিৰ এজনক হত্যা কৰিছে
12/ মহাদেৱপুৰৰ এজনক হত্যা কৰিছে
13/ কাকপথাৰ বৰালি গাৱঁৰ— এল মৰান
14/ মহং গাৱঁৰ — দিগন্ত মৰান
15/ সৰু মেচাই গাৱৰ দুজন মাৰিছিল
16/ শদিয়াৰ দুজন
17/ বিনন্দ — মহং গাওঁ
18/ তৰানি গাৱঁৰ 5 জন মাৰিছে,
19/ ৱাংলি — মহং গাওঁ
আৰু বহুত আছে মহাশয়, এই বোৰ সচাঁই জাতিৰ বাবে ক্ষতিকাৰক আছিল নি ? আমি জানিব বিচাৰো, আপুনি মোক অভিযুক্ত কৰিছিল সতীৰ্থ হত্যা কাৰী বুলি। 100% গেৰাণ্টি দি কও যে মই এজনো সতীৰ্থ হত্যা কৰা নাই।
অৰুনোদয়ৰ কাহিনী আৰু কও শুনক মহাশয়—
অৰুনোদয়ৰ বাৰ্মীজ শালপতিটো হল কানিৰ এজন ডাঙৰ ব্যৱসায়ী । এই শলপতিটোৰ লগত মিলি এই বিপ্লৱী জনে কানীৰ ব্যৱসায় আৰম্ভ কৰিছে , আপোনী জানে নে ? ম্যানমাৰৰ নাগা সকলে কৰা কানি খেতিৰ এটা অংশ কৰ হিচাপে নাগা সংগঠনক দিব লাগে , নাগা সংগঠনক দিয়া এই কানি লাকাম নামৰ ব্যক্তি জনৰ যোগেদি অৰুনোদয়ে সংগ্ৰহ কৰি অসম অৰুণাচনৰ বেপাৰীক যোগান ধৰি এক জঘণ্য বেপাৰ কৰি থকা কাৰ্য্য আপুনি অবগত নে ? এইবোৰে বিপ্লৱ নি ? আপোনাৰ অজ্ঞাতে অৰুনোদয়ে কৰি থকা সমগ্ৰ অপৰ্কম সকলো আপোনাৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰিম।
জাহ্নবী মহন্তক কিয় হত্যা কৰা হল, জাহ্নবী হত্যাৰ আৰঁৰ সকলো কাহিনী জনা শিৱসাগৰৰ কাঞ্চন নামৰ ছোৱালী জনি শিবিৰৰ পৰা কত হেৰালে, নাগা অফিচাৰৰ লগত মিলি ম্যানমাৰৰ কাৰ ঘৰত লিচু ছোৱালী আনি মদৰ পাৰ্টী কৰে এই ভণ্ড বিপ্লৱীটোৱে সেইবোৰ সময়ত আপোনাক জনাম।
সংগঠনৰ সদস্যই মৰি মৰি সংগ্ৰহ কৰা টকা অৰুনোদয়ে বাৰ্মীজ শালপতিৰ কানি ব্যৱসায়ত , ঘৈনিয়েকৰ নামত ডাঙৰ ডিপাৰ্টমেণ্টল ষ্টোৰ খুলি আৰু চাইনাৰ এটা ৱাং নামৰ কোম্পানীত invest কৰিছে খবৰ কৰক। অৰুনোদয়ৰ এখন টয়টা হাইলেক্স গাড়ী, ঘৈনিয়েকৰ এখন ৰেঞ্জ ৰভাৰ গাড়ী, আৰু শালপতিৰ নামত কিমান ডাম্পাৰ আছে খবৰ কৰক।
মহাশয় আপোনাৰ তাৰ প্ৰতি থকা অগাধ বিশ্বাস আৰু দূৰ্বলতাৰ সুযোগ গ্ৰহন কৰি এই অৰুনোদয়ে সংগঠনটোক নিজৰ স্বাৰ্থত ব্যৱসাৰ কৰিলে।
আগলৈ——
(সামাজিক মাধ্যমৰ পৰা সংগৃহীত)
