চতুৰ্থ বাৰ্ষিক ৰাষ্ট্ৰীয় জেভেলিন দিৱসৰ কাৰ্য্যসূচী
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়টো চতুৰ্থ বাৰ্ষিক ৰাষ্ট্ৰীয় জেভেলিন দিৱসৰ কাৰ্য্যসূচী বাণীপুৰ খেল পথাৰত প্ৰতিকূল বতৰৰ পৰিৱেশৰ মাজতেই সুকলমে সম্পন্ন হৈ যায়।
এই উপলক্ষে পুৱা জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যকৰী সভাপতি সন্মানীয় মানস জ্যোতি দত্ত ডাঙৰীয়াই। এই উপলক্ষে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি তথা ডিব্ৰুগড় পৌৰ নিগমৰ উপ-পৌৰপতি উজ্বল ফুকন, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক অঞ্জন বৰুৱা,কাৰ্য্যালয় সম্পাদক মানব শইকীয়া,ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ এথলেটিকছ বিভাগৰ উপ-সমিতিৰ অধ্যক্ষ দিব্য জ্যোতি মহন ডাঙৰীয়া উপস্থিত থাকে।
তদুপৰি জিলা ক্ৰীড়া সন্থাৰ এথলেটিকছ বিভাগৰ সম্পাদক বিপুল চুতীয়াৰ লগতে সঞ্চিতা দুৱৰা,মৌচুমী চেতিয়া, হিৰণ্যপ্ৰিয়া দাস,বিজয় ভূঞা আৰু খেলুৱৈ সকলৰ লগতে যথেষ্ট সংখ্যক অভিভাৱক উপস্থিত থাকে। এই জেভেলিন দিৱসৰ কাৰ্য্যসূচীত ১৪,১৬,১৮,২০ বছৰ অনুৰ্ধৰ ল’ৰা আৰু ছোৱালীৰ উভয় শাখাৰ লগতে পুৰুষ আৰু মহিলা সকলৰ মাজত এই জেভেলিন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।
এই প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগী সকল হৈছে ক্ৰমে, —
১৪ বছৰ অনুৰ্ধ ল’ৰাঃ
প্ৰথম স্থান লাভ কৰিছে পিংকু বৰুৱা আৰু দ্বিতীয় স্থান লাভ কৰিছে ইউছুফ আলিয়ে।
১৪ বছৰ অনুৰ্ধ ছোৱালীঃ
প্ৰথম স্থান লাভ কৰিছে ৰিতিমা উৰাঙে।
১৬ বছৰ অনুৰ্ধ ল’ৰাঃ
প্ৰথম স্থান লাভ কৰিছে নীৰব জ্যোতি হাজৰিকাই,দ্বিতীয় স্থান লাভ কৰে ভাৰ্গৱ কোঁৱৰ আৰু তৃতীয় স্থান লাভ কৰে হিৰক জ্যোতি মেছে।
১৮ বছৰ অনুৰ্ধ ল’ৰাঃ
প্ৰথম স্থান লাভ কৰে দীপাল সোণোৱালে, দ্বিতীয় স্থান লাভ কৰে চন্দন টায়ে, তৃতীয় স্থান লাভ কৰে জোমন দত্তই।
১৮ বছৰ অনুৰ্ধ ছোৱালীঃ
প্ৰথম স্থান লাভ কৰে চিন্ময়ী গগৈয়ে,দ্বিতীয় স্থান লাভ কৰে লীজা গগৈয়ে।
২০ বছৰ অনুৰ্ধ ল’ৰাঃ
প্ৰথম স্থান লাভ কৰে উদিত নয়ন শইকীয়াই।
পুৰুষৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ৰূপম দত্তই।