...

ছুপাৰষ্টাৰ মেছিক টি-২০ বিশ্বকাপ চাবলৈ আমন্ত্ৰণ আইচিচিৰ অধ্যক্ষ জয় শ্বাহৰ

Spread the love

 

ছুপাৰষ্টাৰ মেছিক টি-২০ বিশ্বকাপ চাবলৈ আমন্ত্ৰণ আইচিচিৰ অধ্যক্ষ জয় শ্বাহৰ

 

উপহাৰ হিচাপে দিলে টীম ইণ্ডিয়াৰ ৰ্জাছী, বেট

 

নতুন দিল্লী:

কলকাতাৰ পৰা আৰম্ভ হৈ নতুন দিল্লীত সামৰণি পৰিল আৰ্জেন্টিনাৰ ছুপাৰষ্টাৰ লিঅ’ নেল মেছিৰ জিঅ’এটি ট্যুৰ ইভেন্টৰ।সোমবাৰে নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত অহা বর্ষত ভাৰত আৰু শ্রীলংকাত যুটীয়াভাৱে অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ মেচ উপভোগ কৰাৰ বাবে বিশ্ব চেম্পিয়ন আর্জেন্টিনাৰ তাৰকা ফুটবলাৰ মেছিক আমন্ত্রণ জনায় আইচিচিৰ অধ্যক্ষ জয় শ্বাহে। আইচিচিৰ সম্মানীয় প্রতিযোগিতাখনৰ ভাৰত আৰু আমেৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচখনৰ এটা প্রতীকী টিকটো প্রদান কবে লিঅ’নেল মেছিক। দিল্লীৰ অৰুণ জেটলী স্টেডিয়ামত আয়োজন কৰা এক অনুষ্ঠানত অংশ লোৱা মেছিক সাক্ষাৎ কৰে আইচিচিৰ অধ্যক্ষ জয় শ্বাহে। সাক্ষাৎকালত জয় শ্বাহে বিশ্বৰ অন্যতম শ্রেষ্ঠ ফুটবলাৰ মেছিক টি-২০ বিশ্বকাপৰ
উদ্বোধনী মেচখনৰ টিকট প্রদান কৰাই নহয়, বর্তমানৰ ভাৰতীয় টি-২০ দলৰ জাৰ্চীও উপহাৰ হিচাপে প্রদান কৰে।মেছিৰ লগতে লুইজ চুৱাৰেজ আৰু ৰড্রিগো ডি পলকো ভাৰতীয় টি- ২০ দলটোৰ জাৰ্চী উপহাৰ হিচাপে দিয়ে জয় শাহে।মেছিক ১০ নম্বৰ, চুৱাৰেজক ৯ নম্বৰ আৰু ডি পলক ৭ নম্বৰ জাৰ্চী প্রদান কৰে।ইয়াৰ উপৰি ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ স্বাক্ষৰিত বিশেষ ক্রিকেট বেট এখনো মেছিক উপহাৰ হিচাপে দিয়া হয়। ইপিনে, এই অনুষ্ঠানটোত উপস্থিত থাকি ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভুটিয়ায়ো তিনিওগৰাকী বিশ্বশ্রেষ্ঠ ফুটবলাৰৰ সৈতে মত বিনিময় কৰে। স্টেডিয়াম ত্যাগ কৰাৰ পূর্বে মেছিয়ে কয় যে ভাৰতলৈ অহাৰ পিছত এই কেইদিনত যি মৰম পাইছো, তাৰ বাবে ধন্যবাদ। মই অতি কম সময়ৰ বাবে থাকিবলৈ সক্ষম হৈছিলোঁ। কিন্তু মই আগতীয়াকৈ জানিছিলোঁ যে ভাৰতত এনেকুৱা সম্মান পাম। আপোনালোকে আমাৰ বাবে যি কৰিছে, সেয়া শব্দৰে বুজাব নোৱাৰি। মেচৰ বাবে হওক বা আন কোনো কাৰণত হওক, নিশ্চিতভাবে এদিন ভাৰতলৈ পুনৰ আহিম- মেছিয়ে কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *