...

জাতিংগা মহোৎসৱত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী,শিল্পী শ্বানৰ সংগীতানুষ্ঠান

Spread the love

জাতিংগা মহোৎসৱত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী,শিল্পী শ্বানৰ সংগীতানুষ্ঠান

নগাঁও,

 

 

 

অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ অতি মনোমোহা পৰ্যটনস্থল হৈছে জাতিংগা ৷ এই জাতিংগাৰ ওচৰতে থকা‌ লামডিং-শিলচৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা জাতিংগাৰ মিনি পহলগাম হিচাপে পৰিচিতস্থলীত যোৱা ৮ নৱেম্বৰৰ পৰা “জাতিংগা মহোৎসৱ” অনুষ্ঠিত হৈছে‌ ৷ “জাতিংগা মহোৎসৱ”তো শুনিবলৈ পোৱা গ’ল “জাষ্টিছ ফৰ জুবিন গাৰ্গ” দাবী।‌ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই উদ্বোধন কৰা বলীউডৰ কণ্ঠশিল্পী শ্বান জাতিংগা মহোৎসৱলৈ বিশেষ অতিথি হিচাপে নিমন্ত্ৰিত হৈছিল৷ ৰবিবাৰৰ সন্ধিয়া আছিল বলীউডৰ সংগীত শিল্পী শ্বানৰ সংগীতৰ অনুষ্ঠান। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই শ্বানে যেতিয়া “মায়া মাথো মায়া” গীতটো গাবলৈ আৰম্ভ কৰে তেতিয়াই সমগ্ৰ মহোৎসৱস্থলীত উপস্থিত সহস্ৰাধিক দৰ্শকে “জাষ্টিছ ফৰ জুবিন গাৰ্গ” শ্ল’গান চিঞৰিবলৈ আৰম্ভ কৰে। যিয়ে নহওক,জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে-এই বাৰ্তাই যেন দিলে জাতিংগা মহোৎসৱলৈ অহা সহস্ৰাধিক মানুহে। উল্লেখ্য যে পৰিভ্ৰমী চৰাই সুৰক্ষা আৰু সংৰক্ষণৰ বিষয়ক লৈ জাতিংগা মহোৎসৱৰ আয়োজন কৰা হয়। “জাতিংগা মহোৎসৱ”ত এইবাৰ বিশেষকৈ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। শনিবাৰে জাতিংগা মহোৎসৱলৈ গুৱাহাটীৰ পৰা অহা সংগীত শিল্পীসকলৰ জৰিয়তেও জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।‌ এই “জাতিংগা মহোৎসৱ” আৰু “ফেলকন মহোৎসৱ”ত বহুবাৰ জুবিন গাৰ্গে সংগীত পৰিবেশন কৰিছিল,যাৰ বাবে ডিমা হাছাও জিলাৰ মানুহে জুবিনৰ স্মৃতি লৈ এইবছৰৰ “জাতিংগা মহোৎসৱ” উপভোগ কৰে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে বুলি দাবী জনাই সহস্ৰাধিক দৰ্শকে। দুদিনীয়া “জাতিংগা মহোৎসৱ”ত আছিল ডিমা হাছাও জিলাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ হস্ততাঁত শিল্পৰ প্ৰদৰ্শনী,স্থানীয় থলুৱা জনগোষ্ঠীৰ খাদ্য আৰু থলুৱা সামগ্ৰীৰ ষ্টল । এইবছৰ “জাতিংগা মহোৎসৱ”ত আছিল মেঘালয়-নাগালেণ্ডৰ ৰক বেণ্ড,ডিমা হাছাও জিলাৰ জনপ্ৰিয় ৰক বেণ্ড নৱ। মহোৎসৱত মুম্বাইৰ ডি জে অনিষ্কা,হায়দৰাবাদৰ ডি জে নিহাৰিকা উপস্থিত থাকে। ডিমা হাছাও জিলাৰ স্থানীয় শিল্পীসকলে সংগীত পৰিৱেশন কৰে। “জাতিংগা মহোৎসৱ”ৰ আৰম্ভণিতে ডিমা হাছাও জিলাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ শিল্পীসকলে তেওঁলোকৰ পৰম্পৰাগত লোক সংস্কৃতি তুলি ধৰে “জাতিংগা মহোৎসৱ”ৰ মঞ্চত

Leave a Reply

Your email address will not be published. Required fields are marked *