...

নৃত্যচাৰ্য যতীন গোস্বামীক পদ্মভূষণ বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

Spread the love

নৃত্যচাৰ্য যতীন গোস্বামীক পদ্মভূষণ বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

চাইন অন ডেস্কঃ

অসমৰ গোলাঘাট জিলাৰ সুসন্তান তথা সত্ৰীয়া নৃত্যৰ খ্যাতনামা শিল্পী নৃত্যচাৰ্য যতীন গোস্বামীক মঙলবাৰে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে পদ্মভূষণ বঁটা প্ৰদান কৰে । গোলাঘাট জিলাৰ দেৰগাঁও দাধৰাৰ আধাৰ সত্ৰত ১৯৩৩ চনৰ ২ আগষ্টত জন্মগ্ৰহণ কৰা নৃত্যাচাৰ্য যতীন গোস্বামীৰ পিতৃ আছিল এগৰাকী সত্ৰীয়া সংগীতৰ প্ৰতিষ্ঠিত শিল্পী প্ৰয়াত ধৰণীধৰ দেৱ গোস্বামী আৰু মাতৃ প্ৰয়াত চন্দ্ৰপ্ৰভা দেৱী ।

সত্ৰীয়া সংস্কৃতিৰ পৰিবেশৰ মাজত জন্মগ্ৰহণ কৰা যতীন গোস্বামী পিতৃৰ তত্বাৱধানত সত্ৰীয়া নৃত্যৰ চৰ্চা আৰম্ভ কৰে । পাছত কমলাবাৰী সত্ৰৰ প্ৰসিদ্ধ সত্ৰীয়া শিল্পী মণিৰাম দত্ত মুক্তিয়াৰৰ লগতে ৰসেশ্বৰ শইকীয়াৰ সান্নিধ্যত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰে । ইয়াৰ উপৰিও তেখেতে জয়পুৰ গণেশ হীৰালালৰ তত্বাৱধানত কথক নৃত্য আৰু আটাম্বা সিঙৰ পৰা মণিপুৰী নৃত্যৰ শিক্ষাগ্ৰহণ কৰে।

১৯৬০ চনত প্ৰথমজন অসমীয়া হিচাপে যতীন গোস্বামীয়ে দিল্লী দূৰৰ্শনত সত্ৰীয়া সংগীত পৰিবেশন কৰে । ১৯৬২ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, বৰবায়ন ৰসেশ্বৰ শইকীয়া আৰু যতীন গোস্বামীয়ে অংকীয়া ভাওনা প্ৰথম ভ্ৰাম্যমাণ দল ‘প্ৰাগজ্যোতিষ কলা পৰিষদ’ গঠন কৰে । ‘ৰুক্মিণী হৰণ’ নাট মঞ্চত প্ৰথমবাৰৰ বাবে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰিকল্পনা অনুসৰি তেখেতেৰ অধীনত মঞ্চস্থ কৰা হয় ।

ইয়াৰ উপৰিও তেখেতে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে সত্ৰীয়া নৃত্যৰ কৰ্মশালা পাতি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ আগভাগ লৈছিল । তেওঁ ২০০০ চনত গুৱাহাটীত স্থাপন কৰা সত্ৰীয়া একাডেমীৰ প্ৰথম সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । বিভিন্ন সন্মানেৰে বিভূষিত নৃত্যাচাৰ্য যতীন গোস্বামীক ২০১৯ চনত সংগীত নাটক একাডেমি ফেল’শ্বিপ আৰু ২০০৮ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আৰু শেহতীয়াকৈ পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *