...

ৰাজ্যৰ মুঠ ৫ টা এলপিজি চিলিণ্ডাৰ যোগানকাৰীক গেছ যোগান বন্ধ:নিৰ্দেশ আইঅ’চিৰ

Spread the love

ৰাজ্যৰ মুঠ ৫ টা এলপিজি চিলিণ্ডাৰ যোগানকাৰীক গেছ যোগান বন্ধ:নিৰ্দেশ আইঅ’চিৰ

ধুবুৰীৰ গদাধৰ গেছ চাৰ্ভিছক গেছ যোগান বন্ধ

চাইন অন ডেস্ক:

ধুবুৰী চহৰৰ এটা এলপিজি চিলিণ্ডাৰ যোগানকাৰী প্ৰতিষ্ঠান গদাধৰ গেছ ছাৰ্ভিছক অনিয়মৰ অভিযোগত তৎক্ষণাৎ কাৰ্যকৰীভাৱে স্থগিত কৰা হৈছে। ৰাজ্যজুৰি পাঁচটা এলপিজি বিতৰণকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু এই সিদ্ধান্ত পৰৱৰ্তী পৰ্যালোচনা নহোৱা পৰ্যন্ত বলবৎ থাকিব। অসম চৰকাৰৰ মুখ্য সচিবে সামাজিক মাধ্যম এক্স যোগে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ পৰা এই তথ্য পোৱা বুলি সদৰি কৰিছে। জানিব পৰা মতে, বিতৰণ ব্যৱস্থা আৰু বিধি-নিয়ম মানি চলাত কিছু অনিয়ম ধৰা পৰাৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, ধুবুৰীৰ গদাধৰ গেছ ছাৰ্ভিছৰ উপৰিও স্থগিত কৰা আন বিতৰণকাৰীসমূহ হৈছে– তেজপুৰৰ বি. এম. গেছ ছাৰ্ভিছ, বিশ্বনাথ চাৰালীৰ বিশ্বনাথ গেছ ডিষ্ট্ৰিবিউটৰ, বৰপেটাৰ হাউলীৰ কে. এ. ইণ্ডেন গ্ৰামীন বিতৰক আৰু হোজাইৰ প্ৰকাশ ইণ্ডেন এজেন্সি। নিজৰ টুইটত অসম চৰকাৰৰ মুখ্য সচিব গ্ৰাহকসকলৰ সেৱা যাতে বিঘ্নিত নহয় তাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই তৎক্ষণাত বিকল্প ব্যৱস্থা ৰূপে স্থগিত বিতৰণ কেন্দ্ৰসমূহৰ গ্ৰাহকসকলক নিকটৱৰ্তী অন্য বিতৰণ কেন্দ্ৰৰ সৈতে “টেগ” কৰি নিৰবিচ্ছিন্নভাৱে গেছ যোগান অব্যাহত ৰখা হোৱা বুলিও সদৰি কৰিছে। সেই অনুসৰি, তেজপুৰৰ বি.এম. গেছ ছাৰ্ভিচৰ গ্ৰাহকসকলক কুকি ইণ্ডেন, তেজপুৰৰ সৈতে সংযুক্ত কৰা হৈছে। বিশ্বনাথ চাৰিআলীৰ বিশ্বনাথ গেছ ডিষ্ট্ৰিবিউটৰৰ গ্ৰাহকসকলক চাৰিআলী গেছ, বিশ্বনাথ চাৰিআলীৰ সৈতে টেগ কৰা হৈছে। ধুবুৰীৰ গদাধৰ গেছ ছাৰ্ভিচৰ গ্ৰাহকসকলক অশোক গেছ, ধুবুৰীৰ সৈতে সংযুক্ত কৰা হৈছে। আনহাতে, বৰপেটাৰ হাউলীৰ কে.এ. ইণ্ডেন গ্ৰামীণ বিতৰকৰ গ্ৰাহকসকলক লক্ষ্মী গেছ, বৰপেটাৰ সৈতে টেগ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *