শুৱালকুছি মহাবিদ্যালয়ত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন
সাংস্কৃতিক ঐতিহ্য চেতনাৰ বাবে মাতৃভাষা শিক্ষাৰ প্ৰয়োজন – ড° গীতালি শইকীয়া
চাইন অন ডেস্ক:
শুৱালকুছিৰ বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্য চ’ৰাৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয়। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিৰ উদ্বোধনী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নিহাৰ ৰঞ্জন কলিতাই। ’বহু ভাষিক শিক্ষাৰ হকে যুৱ কন্ঠ’ শীৰ্ষক বিষয় সন্দৰ্ভত অধ্যক্ষ ড°কলিতাই মাতৃভাষাৰ গুৰুত্ব তথা তাৎপৰ্য আৰু মাতৃভাষাৰ প্ৰচাৰ, প্ৰসাৰত নতুন প্ৰজন্মৰ কৰণীয়, বহুভাষিক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে। তেখেতে নতুন প্ৰজন্মক অসমীয়া ভাষাৰ লগতে অসমৰ আন আন ভাষাসমূহকো সমানে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ উপাধ্যক্ষ ভূপেন চন্দ্ৰ বৰ্মনে মাতৃ, মাতৃভূমি আৰু মাতৃভাষা এই তিনিটা শব্দৰ আন্তঃসম্পৰ্ক সুন্দৰকৈ ব্যাখ্যা কৰে। তেখেতে লগতে মাতৃভাষা শিক্ষাৰ সমান্তৰালকৈ ৰাষ্ট্ৰভাষা আৰু আন্তঃৰাষ্ট্ৰীয় ভাষা ইংৰাজী শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও আলোকপাত কৰে। আজিৰ অনুষ্ঠানৰ সমল ব্যক্তি বিশিষ্ট সাহিত্যিক-অনুবাদক, সাংবাদিক, মননশীল লেখক তথা হোমেন বৰগোহাঞি সাহিত্যিক বঁটা প্ৰাপক ড° গীতালি শইকীয়াই আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ সৈতে সংগতি ৰাখি মাতৃভাষাৰ সংৰক্ষণ, সংবৰ্ধনৰ ক্ষেত্ৰত যুৱ-প্ৰজন্মৰ কৰণীয় সম্পৰ্কে বিস্তৃত আলোচনা আগবঢ়ায়। তেখেতে ভাষণ প্ৰসংগত সাংস্কৃতিক ঐতিহ্য চেতনা জাগ্ৰত কৰাত মাতৃভাষাৰ ভূমিকাৰ বিষয়ে সুন্দৰকৈ ব্যাখ্যা কৰে। নতুন প্ৰজন্মই নিজৰ সংস্কৃতিৰ লগত ওতপ্ৰোতভাৱে জড়িত শব্দসম্ভাৰ তথা ভাষা সমলবোৰ সংৰক্ষণ কৰিবলৈ হ’লে এনে শব্দবোৰ আমি নিতৌ প্ৰয়োগ তথা ব্যৱহাৰ কৰিব লাগিব বুলি তেখেতে কয়। বিহু অবিহনে অসমীয়াৰ অস্তিত্ব নাই বুলি উল্লেখ কৰি তেওঁ কয় যে যি লৰা-ছোৱালীয়ে নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰে তেনে লৰা-ছোৱালীয়ে ভবিষ্যত দিনত প্ৰতিস্থিত ব্যক্তি হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে ৷ পতিৰাভা জনগোষ্ঠীৰ ভাষা আজি প্ৰায় বিলুপ্তিৰ পথত বুলি উল্লেখ কৰি পৰৱৰ্তী দিনত আৰু যে কিমান জনগোষ্ঠীয় ভাষা বিলুপ্ত হব তাৰ লেখজোখ নোহোৱা হব ৷ পথাৰত ব্যৱহৃত সামগ্ৰীৰ লগতে কিছু কিছু থলুৱা ভাষাও আজি হেৰাই যোৱাৰ পথত ৷ সেইবোৰ স্মৰণ কৰাৰ প্ৰয়োজন আছে ৷ ভাষণ প্ৰসঙ্গত তেওঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতত ব্যৱহৃত শব্দবোৰ যে কি অপূৰ্ব তাৰ কেইবাটিও উদাহৰণ দাঙি ধৰে ৷ তেওঁ কথাশিল্পী হোমেন বৰগোহাঞি আৰু হিয়াৰ আমঠু ড°ভূপেন হাজৰিকাই অসমীয়াৰ কৰি যোৱা কিছু কিছু কামৰ সুন্দৰ
বিশ্লেষণ কৰে ৷ ড°গীতালী শইকীয়াক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা এখন মানপত্ৰ প্ৰদান কৰা হয় ৷ বিষয়ৰ লগত সংগতি ৰাখি অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ঋতুপৰ্ণ দাস, ইংৰাজী বিভাগৰ ক্লাৰেট টেৰংপী, বাণিজ্য বিভাগৰ সিদ্ধাৰ্থ নয়ন শৰ্মা, দৰ্শন বিভাগৰ পাপৰী বৰদলৈ আদিয়ে বক্তব্য ৰাখে। অনুষ্ঠানত চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী অনসূয়া কাশ্যাপ, দ্বিতীয় ষাণ্মাসিক ছাত্ৰী লাকী গোস্বামী আৰু সুস্মিতা দাসে নতুন প্ৰজন্মৰ দৃষ্টিত মাতৃভাষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমু বক্তব্য আগবঢ়ায়। অনুষ্ঠানত ক্ৰমে কৃষ্ণা দাসে নৱকান্ত বৰুৱাৰ ক্ৰমশঃ, মধুস্মিতা শৰ্মাই সমীৰ তাঁতীৰ হে অৰণ্য হে নিৰ্জনতা কবিতা দুটি আবৃত্তি কৰাৰ উপৰি জ্যোতিকা কলিতাই জ্যোতি সংগীত, ডিম্পীমণি দাসৰ লগতে দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰীসকলে নৃত্য পৰিৱেশন কৰে। ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰী জ্যোতিকা কলিতাই আঁত ধৰা সভাখন সভাপতিত্ব কৰে অসমীয়া বিভাগৰ সহযোগী অধ্যাপক অতুল চন্দ্ৰ দাসে।