ঢকুৱাখনাত আঘাতপ্ৰাপ্ত
অৱস্থাত বৰটোকোলা উদ্ধাৰ
ঢকুৱাখনা:

বিহ দি অৰ্ধশতাধিক পৰিভ্ৰমী পক্ষীক হত্যা কৰাৰ ঘটনাই প্ৰকৃতিপ্ৰেমীক ব্যথিত কৰাৰ সময়তে ঢকুৱাখনাত দুজন
প্ৰকৃতিপ্ৰেমীয়ে এটা আঘাতপ্ৰাপ্ত দুস্পাপ্য বৰটোকোলা উদ্ধাৰ কৰি গটাই দিলে বন বিভাগক।জানিব পৰামতে,আজি বিয়লি ভাগত ঢকুৱাখনাৰ ভাটি জালভাৰীত গছৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বৰটোকোলাটো।স্থানীয় ব্যক্তি চন্দ্ৰকমল ফুকন আৰু দ্বিপেন

চুতীয়াই আঘাতপ্ৰাপ্ত বৰটোকোলাটো উদ্ধাৰ কৰি আন দুজন প্ৰকৃতিপ্ৰেমী যুৱক বিমান ফুকন আৰু ধ্ৰুৱ জ্যোতি চেতিয়াৰ
সহযোগত ঢকুৱাখনাৰ বন বিভাগৰ কাৰ্য্যলয়লৈ লৈ আনি বন বিভাগক গটাই দিয়ে।ইতিমধ্যে বন বিভাগৰ কাৰ্য্যলয়তে পশু চিকিৎসক ডাঃ ৰূপম গগৈয়ে আঘাতপ্ৰাপ্ত বৰটোকোলাটোক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে ৷