Skip to content ২৬ অক্টোবৰৰ পৰা গুৱাহাটী–ডিব্ৰুগড় পথত দ্বিতীয়খন দৈনিক বিমানৰ প্ৰৱৰ্তন কৰিব ইণ্ডিগ’ই
ডিব্ৰুগড়ৰ পৰা পুৱা ৯:১৫ বজাত গুৱাহাটীলৈ
চাইন অন ডেস্ক:
অহা ২৬ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গুৱাহাটী–ডিব্ৰুগড়–গুৱাহাটী পথত দ্বিতীয়বাৰৰ বাবে দৈনিক যাত্ৰা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে ইণ্ডিগ’ই।উজনি অসম আৰু ৰাজ্যৰ ৰাজধানীৰ মাজত বিমান সংযোগ বৃদ্ধিৰ লক্ষ্যৰে এই অতিৰিক্ত সেৱাৰ ব্যৱস্থা।
অতিৰিক্ত সেৱাৰ সময়সূচী(২৬ অক্টোবৰ ২০২৫ৰ পৰা কাৰ্যকৰী):
ফ্লাইট ৬ই ৪৬৭: ডিব্ৰুগড়–গুৱাহাটী
উৰণ ০৯:১৫– অবতৰণ ১০:২০
ফ্লাইট ৬ই ৪৬৮: গুৱাহাটী–ডিব্ৰুগড়
উৰণ ১৪:৫০– অবতৰণ ১৫:৪৫
ফ্লাইট ৬ই ৬৪৫৮: ডিব্ৰুগড়–গুৱাহাটী
উৰণ ১৫:৪৫– অবতৰণ ১৬:৫০
ফ্লাইট ৬ই ৬৪৫৭: গুৱাহাটী–ডিব্ৰুগড়
উৰণ ১০:২০– অবতৰণ ১১:১৫
ইণ্ডিগ’ই গুৱাহাটী-ডিব্ৰুগড়ৰ মাজত
দৈনিক দুখনকৈ বিমান চলাচল কৰিব।যাৰ ফলত যাত্ৰীসকলে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত যাতায়তৰ ক্ষেত্ৰত অধিক সুবিধা লাভ কৰিব।
আনাহাতে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এই পথত দৈনিক বিমান সেৱা এনেধৰণৰ:
IX-১১৮৬
গুৱাহাটী–ডিব্ৰুগড়
উৰণ ১২:২০– অবতৰণ ১৩:২৫ বজাত
IX-১১৮৭
ডিব্ৰুগড়–গুৱাহাটী
উৰণ ১৪:০০– অবতৰণ ১৫:০৫ বজাত