...

দিল্লীলৈ যোৱা ইণ্ডিগ’ৰ বিমান পাটনাত জৰুৰীকালীন অৱতৰণ

Spread the love

দিল্লীলৈ যোৱা ইণ্ডিগ’ৰ বিমান পাটনাত জৰুৰীকালীন অৱতৰণ

উইণ্ডশ্বিল্ডৰ সমস্যা ? ১৬৯ জন যাত্ৰী সুৰক্ষিত

 

পাটনা:

পাটনাৰ পৰা দিল্লী অভিমুখী এখন ইণ্ডিগ’ বিমান বুধবাৰে বিহাৰৰ ৰাজ্যৰ ৰাজধানী জয় প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উৰণৰ কিছু সময়ৰ পাছতে জৰুৰীকালীন অৱতৰণ কৰে আৰু বিমানখনত থকা ১৬৯ জন যাত্ৰীৰ মাজত আতংকৰ সৃষ্টি হয়।
বিমানবন্দৰৰ বিষয়াসকলৰ মতে, পাইলটৰ দ্ৰুত সিদ্ধান্ত আৰু মনৰ উপস্থিতিয়ে এক বৃহৎ দুৰ্ঘটনা ৰোধ কৰিলে।সকলো যাত্ৰীক নিৰাপদে উলিয়াই অনা হয় আৰু বিমানখনৰ কাৰিকৰী দিশ পৰিদৰ্শন কৰি থকা হৈছে।আৱদ্ধ যাত্ৰীসকলৰ বাবে ইণ্ডিগৱে বিকল্প বিমানৰ ব্যৱস্থা কৰে।
বিষয়াসকলে জনোৱা মতে, বিমানখন উৰণৰ কিছু সময়ৰ পিছতে হঠাত লৰচৰ কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত পাইলটজনে তৎক্ষণাত উভতি আহি নিৰাপদে অৱতৰণ কৰে।পুৱা ৮.৫২ বজাত নিৰাপদে অৱতৰণ কৰে বিমানখন, কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই।বিমানবন্দৰৰ পৰিচালকে স্পষ্ট কৰি দিয়ে যে উইণ্ডশ্বিল্ডৰ সমস্যাটো চৰাইৰ আঘাতৰ বাবে হোৱা নাই, কিয়নো এনে কাণ্ড মূলতঃ উৰণ বা অৱতৰণৰ সময়ত সংঘটিত হয় যেতিয়া কম উচ্চতাত চৰাই উপস্থিত থাকে।
এয়াই পাটনা বিমানবন্দৰত জৰুৰীকালীন অৱতৰণৰ প্ৰথম ঘটনা নহয়। ২২ জানুৱাৰীত লক্ষ্ণৌৰ পৰা ইণ্ডিগ’ৰ এখন বিমানে কাৰিকৰী বিজুতিৰ বাবে পাটনাত জৰুৰীকালীন অৱতৰণ কৰিছিল, য’ত ১১৪ জন যাত্ৰী আৰু ক্ৰু আছিল। ৩ জানুৱাৰীত বিহাৰৰ মন্ত্ৰী সঞ্জয় ঝা আৰু জেডিইউৰ সাংসদ সুনীল কুমাৰ পিণ্টুকে ধৰি ১৮৭ জন যাত্ৰী কঢ়িয়াই অনা ইণ্ডিগ’ৰ ৬ই ২০৭৪ বিমানে পাটনাত জৰুৰীকালীন অৱতৰণ কৰে।
সঘনাই চৰাইৰ আঘাত আৰু কাৰিকৰী দোষৰ বাবে পাটনা বিমানবন্দৰৰ সুৰক্ষা ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছে।বিগত বৰ্ষৰ ৯ ডিচেম্বৰত দিল্লীৰ পৰা শ্বিলঙলৈ যোৱা স্পাইচজেটৰ বিমান নম্বৰ (SG 2950) বিমানখনৰ উইণ্ডশ্বিল্ডৰ কাৰিকৰী সমস্যাৰ বাবে পাটনা বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিছিল। পাটনা বিমানবন্দৰৰ সঞ্চালকে এই কথা নিশ্চিত কৰি কয় যে যেতিয়া আকাশৰ মাজভাগত সমস্যাটো ধৰা পৰে তেতিয়া বিমানখনত ৭৬জন যাত্ৰী আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *