...

সেনাত যোগদান কৰা হৃদয়জ্যোতি নাথৰ মৃতদেহ উদ্ধাৰ

Spread the love

সেনাত যোগদান কৰা হৃদয়জ্যোতি নাথৰ মৃতদেহ উদ্ধাৰ

ওদালগুৰী সেনাছাউনীত কৰ্মৰত অৱস্থাতে মৃত্যু

ঘটনাক কেন্দ্ৰ কৰি পৰিয়াল তথা ৰাইজৰ মাজত সন্দেহ

 

 

চাইন অন ডেস্ক

বিলাসীপাৰাৰ আঠিয়াবাৰী গাওঁত আজি বৈছে শোঁকৰ ঢল।গাওঁখনৰ পৰা ভাৰতীয় সেনাত যোগদান কৰা যুৱকৰ অকাল মৃত্যু হোৱাক কেন্দ্ৰ কৰি এই শোঁক।দুবছৰ পুৰ্বে সেনাত যোগদান কৰা হৃদয়জ্যোতি নাথৰ কালি মৃতদেহ উদ্ধাৰ হয়।ওদালগুৰী সেনাছাউনীত কৰ্মৰত অৱস্থাতে মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি পৰিয়াল তথা ৰাইজৰ মাজত প্ৰশ্নৰ অৱতাৰণা হৈছে।আজি সেনাবাহিনীয়ে হৃদয়জ্যোতিৰ নশ্বৰদেহ স্বগৃহলৈ অনাত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়।সেনাই অগ্নিবীৰ হদদয়জ্যোতিক সামৰিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰে।হৃদয়জ্যোতি নাথ গাওঁখনত এজন সৰবৰাহী যুৱক হিচাপে সকলোৰে প্ৰিয়জন আছিল।দৰিদ্ৰ পৰিয়ালৰ সেনা জোৱান জনৰ মৃত্যুৰ তদন্ত ক্ৰমে আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী উত্থাপন হৈছে

Leave a Reply

Your email address will not be published. Required fields are marked *