ইণ্ডিগ’ৰ বিমান বাতিলে লাভাৱাম্বিত কৰিছে ৰে’লৱেক
৩৭ খন ৰে’লত অতিৰিক্ত ১১৪ টা দবা সংযোজন
দেশত ব্যাপক বিমান বাতিলৰ ফলত ৰে’ল যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে
নতুন দিল্লী :
শেহতীয়াকৈ ভাৰতৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ৰ অচলাৱস্থাৰ বাবে শ শ বিমান বাতিল হৈছে । এনে পৰিস্থিতিত ৰে’ল যাত্ৰীৰ চাহিদা বৃদ্ধি পাইছে । ৰে’ল ষ্টেচনসমূহত যাত্ৰীৰ ব্যাপক ভিৰ দেখা গৈছে । এই সুযোগ গ্ৰহণ কৰি ভাৰতীয় ৰে’লৱেই ১১৬ টা অতিৰিক্ত দবাৰ সৈতে মুঠ ৩৭ খন ৰে’লৰ ক্ষমতা বৃদ্ধি কৰিছে । যিয়ে সমগ্ৰ দেশতে ১১৪ তকৈও অধিক বৰ্ধিত ভ্ৰমণ পৰিচালনা কৰিছে ।

অতিৰিক্ত দবা সংযোজনৰ ক্ষেত্ৰত শীৰ্ষত আছে দক্ষিণ ৰে’লৱেই (এছ আৰ)। দক্ষিণ ৰে’লৱেই ১৮ খন ৰে’লৰ ক্ষমতা বৃদ্ধি কৰিছে । উচ্চ চাহিদা থকা এই পথত অতিৰিক্ত চেয়াৰ কাৰ আৰু স্লিপাৰ ক্লাছৰ দবা অন্তৰ্ভুক্ত কৰা হৈছে । ৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱা এই বৃদ্ধিয়ে দক্ষিণ অঞ্চলত যাত্ৰাৰ ক্ষমতা যথেষ্ট বৃদ্ধি কৰে বুলি ৰে’লৱে কৰ্তৃপক্ষই জনাইছে ।
ইয়াৰ পিছতে উত্তৰ ৰে’লৱেই (এন আৰ) ৮ খন ৰে’লত ৩ এ চি আৰু চেয়াৰ কাৰ দবা সংযোজন কৰিছে । শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱা এই ব্যৱস্থাই উত্তৰ কৰিডৰত যাত্ৰীৰ চাহিদা পূৰণত সহায় কৰে বুলি মন্ত্ৰালয়ে জনাইছ ।
পশ্চিম ৰে’লৱেই (ডব্লিউ আৰ) ৩ এ চি আৰু ২এ চি দবা সংযোজন কৰি ৪ খন ৰে’লৰ ক্ষমতা বৃদ্ধি কৰিছে । অতিৰিক্ত দবাৰে ৰে’লৰ পৰিচালনা ৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হৈছে । এই বৃদ্ধিৰ ফলত পশ্চিম অঞ্চলৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীলৈ যাত্ৰীৰ চলাচল সুচল কৰা হৈছে বুলি মন্ত্ৰালয়ে জনাইছে । পূব মধ্য ৰে’লৱেই (ই চি আৰ) ৬ৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰত ৫ টা ট্ৰিপত অতিৰিক্ত ২ এ চি দবাৰে ৰাজেন্দ্ৰ নগৰ–নতুন দিল্লী (১২৩০৯) ৰে’লখনৰ সেৱা শক্তিশালী কৰি এই গুৰুত্বপূৰ্ণ বিহাৰ–দিল্লী খণ্ডত বৰ্ধিত ক্ষমতা প্ৰদান কৰিছে ।