পুৰুষৰ দলগত ইভেন্টত সোণালী সাফল্য ভাৰতীয় আৰ্চাৰৰ
বিশ্ব আৰ্চাৰীত ভাৰতৰ ইতিহাস
বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত ইতিহাস। প্রথমবাৰৰ বাবে পুৰুষৰ দলগত ইভেন্টত সোণালী সাফল্য ভাৰতৰ। আজি কোৰিয়াৰ গুৱাংজুত অনুষ্ঠিত প্রতিযোগিতাখনত ভাৰতীয় কম্পাউণ্ড দলে ফ্রান্সক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে স্বর্ণ পদক দখল কৰে। ৰুদ্ধশ্বাস ফাইনেলত ভাৰতীয় আৰ্চাৰ ঋষভযাদব, আমন ছাইনী আৰু প্রথমেশ ফুগে চমকপ্রদ প্রদর্শনেৰে ইতিহাস সৃষ্টি কৰে। ফাইনেলত ভাৰতীয় দলটোৱে ফ্রান্সক ২৩৫-২৩৩ (৫৭-৫৯, ৬০-৫৮, ৫৯-৫৯, ৫৯-৫৭) পইণ্টত পৰাজিত কৰি এই কৃতিত্ব অর্জন কবে। উল্লেখ্য যে ঋষভ, আমন আৰু প্রথমেশে ব্যক্তিগত ইভেন্টতো অংশগ্রহণ কৰিছে। কম্পাউণ্ড ইভেন্টত সোণৰ পদক অর্জন কৰাৰ পিছত এতিয়া সকলোৰে দৃষ্টি তেওঁলোকৰ ওপৰত নিবদ্ধ হৈছে। উল্লেখ্য যে প্রতিযোগিতাখনত ঋষভ যাদৱ আৰু জ্যোতি সুৰেখাই মিক্সড ইভেন্টত ৰূপৰ পদক অর্জন কৰিবলৈ সক্ষম হৈছে।
ফাইনেলত ভাৰতীয় যুটীটো নেদাৰলেণ্ডছৰ হাতত মাত্র ২ পইণ্টৰ ব্যৱধানত পৰাজিত হয়। মেচখনৰ ফলাফল আছিল ১৫৫-১৫৭ (৩৯-৩৮, ৩৭-৩৯, ৪০-৪০, ৩৯-৪০)। জ্যোতি সুৰেখাই ব্যক্তিগত কমাউণ্ড মহিলাৰ কোৱালিফায়িং ৰাউণ্ডত তৃতীয় স্থান লাভ কৰিছে। এই শাখাত ভাৰতৰ প্ৰাণীত কৌৰে ৭০৩ পইন্টেৰে একাদশ স্থান লাভ কৰে। আনহাতে ঋতিকা প্রদীপে ৬৯০ পইন্টেৰে ৪৪ সংখ্যক স্থানত উপনীত হয়। জ্যোতি সুৰেখাক লৈ এতিয়া আশাবাদী, ভাৰতীয় অনুৰাগীসকল। ইয়াৰ উপৰি পুৰুষৰ ব্যক্তিগত ইভেন্টত ঋষভ যাদরে ৭০৯ পইন্টেৰে লাভ কৰে অষ্টম স্থান। আনহাতে আমন ছাইনীয়ে ৭০৭ পইণ্টেৰে ১৫ নম্বৰত আৰু প্রথমেশ ফুগে ৭০৬ পইন্টেৰে ১৯সংখ্যক স্থানত আছে। উল্লেখ্য যে পুরুষ দলটোৱে স্বর্ণ জয় কবি ইতিহাস সৃষ্টি কৰিলে মহিলা দলটোৱে বিগত ৮ বছৰত প্ৰথমবাৰৰ বাবে পদকৰ পৰা বঞ্চিত হয়।