Skip to content এছিয়া কাপৰ আজি হাইভল্টেজ মেচত ভাৰত-পাকিস্তান
টীম ইণ্ডিয়াৰ বেটিং ক্ৰমত সালসলনিৰ ইংগিত বেটিং প্রশিক্ষকৰ
ডুবাই:
নানা বিতৰ্কৰ মাজত আজি এছিয়া কাপত মুখামুখি হ’ব দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান। ডুবাইত কাইলৈ হ’বলগীয়া হাইভল্টেজ মেচখনক লৈ অৱশ্যে বিশেষ উন্মাদনা নাই অনুৰাগীৰ মাজত। পেহেলগাম আক্ৰমণৰ পিছত এছিয়া কাপৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখনক লৈ নানা জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। পাকিস্তানৰ বিপক্ষে মেচখনত ভাগ লোৱাৰ বাবে ভাৰত চৰকাৰে অনুমতি প্রদান কৰে যদিও এতিয়াও বহুতে এই মেচখন – বাতিল বা বৰ্জনৰ দাবী জনাইছে।
অৱশ্যে বহু প্রতীক্ষিত মেচখনক অধীৰ আগ্ৰহেৰে বাট চাই আছে ভাৰত আৰু পাকিস্তান দল দুটাই। ইতিমধ্যে টীম ইণ্ডিয়াৰ অধিনায়ক সূর্যকুমাৰ যাদৱে ব্যক্ত কৰিছে যে চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ লগত খেলিবলগীয়া মেচখনত তেওঁলোকে আগ্রাসী ক্রিকেট খেলিব। মেচখনক লৈ কোনো চাপ নাই বুলি উল্লেখ কৰি টীম ইণ্ডিয়াৰ অধিনায়ক সূর্যকুমাৰ যাদৱে কয় যে আজিৰ মেচখনক লৈ আমি কোনো অতিৰিক্ত চাপ লোৱা নাই। আমি আমাৰ পৰিকল্পনা অনুসৰি মেচখনত অৱতীৰ্ণ হ’ম। দুই তাৰকা খেলুৱৈ বাবৰ আজম আৰু মহম্মদ ৰিজৱান অবিহনে পাক দলটো কিছু দুৰ্বল হ’ব যদিও আমি তেওঁলোকক সহজভাৱে ল’ব বিচৰা নাই।
ইফালে,আজিৰ হাইভল্টেজ মেচখনত ভাৰতীয় দলৰ বেটিং ক্ৰমত কিছু সালসলনি হ’ব বুলি উল্লেখ কৰি বেটিং প্রশিক্ষক সীতাংশু কোটাকে কয় যে আজিৰ মেচখনত অপৈনাৰ সঞ্জু ছেমছনৰ বেটিং স্থান সালসলনি হোৱাৰ অধিক সম্ভাৱনা আছে। সহঃ অধিনায়ক হিচাপে দললৈ প্ৰত্যাৱৰ্তন কৰা শুভমন গিলে অভিষেক শৰ্মাৰ সৈতে ইনিংছ মুকলি কৰিব। গতিকে, সঞ্জুবে ৫-৬ নম্বৰত বেটিং কৰাৰ সম্ভাৱনা আছে। সঞ্জুৰ দৰে বেটাৰে যিকোনো স্থানত বেটিং কৰাৰ সক্ষমতা আছে। অৱশ্যে দলৰ প্রয়োজন অনুসৰি অধিনায়ক আৰু প্রশিক্ষকে সেইটো সিদ্ধান্ত ল’ব।
ইফালে, সঞ্জুৱে নিজেই যিকোনো স্থানত খেলিবলৈ সাজু আছে বুলি ব্যক্ত কৰে বেটিং প্রশিক্ষকগৰাকীয়ে। মেচখনত ভাৰতীয় দলটোত বিশেষ কোনো সালসলনি হোৱাৰ সম্ভাৱনা নাই। প্রথমখন মেচত অংশ লোৱা দলটোৰে আজিৰ মেচখনতো ভাৰতীয় দলটোৱে ভাগ ল’ব। বেটিং প্রশিক্ষকগৰাকীয়ে ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখন আকর্ষণীয় হ’ব বুলি মন্তব্য কৰে।
খেলৰ সময়: নিশা ৮ বজা।