...

ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা ! শূন্যলৈ গুলীচালনা !

Spread the love

ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা ! শূন্যলৈ গুলীচালনা !

অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ ওভতাই পঠোৱাৰ বাবেই উত্তপ্ত হৈ পৰিল ভাৰত-বাংলাদেশ সীমান্ত

শূন্যলৈ গুলীচালনা বিএচএফৰ

চাইন অন ডেস্কঃ

অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ ওভতাই পঠোৱাৰ বাবেই উত্তপ্ত হৈ পৰিল ভাৰত-বাংলাদেশ সীমান্ত।ভাৰত-বাংলাদেশ সীমান্তত সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ।মানকাচৰৰ ভাৰত-বাংলা সীমান্তত শূন্যলৈ গুলীচালনা কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে। ১৪ বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ গৈছিল সীমান্ত সুৰক্ষা বাহিনীয়ে। বাংলাদেশলৈ ওভতাই পঠিয়াবলৈ নিওতেই বাধা দিয়ে ব’ৰ্ডাৰ গাৰ্ড বাংলাদেশে। যাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনা সংঘটিত হোৱাৰ পাচতে সীমান্ত সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়া উপস্থিত হয় ঘটনাস্থলীত । মঙলবাৰে দক্ষিণ শালমৰাৰ মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ তৎপৰতাত বিফল কৰা হয় বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰৰ প্ৰচেষ্টাক। বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ দ্বাৰা প্ৰকাশ কৰা এক জাননী অনুসৰি ২৭ মে’ৰ পুৱতি নিশা সংঘটিত হয় এই ঘটনা। সীমান্তত কৰ্তব্যৰত বিএছএফ জোৱানে বাংলাদেশৰ ফালৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি কেইজনমান লোকৰ এটা দলক প্ৰত্যক্ষ কৰে। অনুপ্ৰৱেশৰ সন্দেহত বিএছএফ জোৱানে তেওঁলোকে যাতে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সকীয়নি প্ৰদান কৰে । ভাৰতীয় সেনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া দেখি অনুপ্ৰৱেশকাৰীয়ে সীমা অতিক্ৰম নকৰাকৈয়ে বাংলাদেশলৈ উভতি যায় । এই ঘটনাই ভাৰতীয় সেনা বাহিনীৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ পবিত্ৰতা আৰু প্ৰতিৰক্ষা বৰ্তাই ৰখাৰ বাবে অলংঘণীয় প্ৰতিশ্ৰুতিক স্পষ্ট কৰে । সেনাই ভাৰত-বাংলা সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলসমূহত উচ্চ পৰ্যায়ত সতৰ্ক হৈ থকা দেখা গৈছে আৰু পেছাগতভাৱে তথা দৃঢ়তাৰে গভীৰ দৃষ্টি ৰাখিছে । বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ পি আৰ অ’য়ে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কয়, “বিএছএফ নিজৰ অভিযানৰ প্ৰতি প্ৰতিজ্ঞাবদ্ধ, যি ভাৰতৰ সীমাসমূহৰ সুৰক্ষাৰ লগতে মানৱতীবাদী মূল্য আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগ বাহাল ৰাখে । ” ঘটনা সংঘটিত হোৱাৰ সময়চোৱাত কোনো নিয়ম উলংঘন তথা ক্ষতি হোৱাৰ তথ্য পোহৰলৈ অহা নাই আৰু বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে । সীমান্তত সংঘটিত যিকোনো অবৈধ গতিবিধিক বিফল কৰাৰ কথা বিএছএফে বাৰে বাৰে দোহাৰি আহিছে । লগতে সীমান্তৰ এলেকাসমূহত, বিশেষকৈ সংবেদনশীল এলেকাবোৰত যেনে দক্ষিণ শালমৰাৰ মানকাচৰত শান্তি বৰ্তাই ৰাখিব । য’ত পূৰ্বতেও অবৈধ প্ৰৱেশৰ দৰে এনে প্ৰয়াসৰ সন্মুখীন হৈ আহিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *