চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলা উদ্বোধন
হৃদয় আৰু মগজু দুয়োটাকে প্ৰযুক্তিয়ে বাধাগ্ৰস্ত কৰিছে:অনুৰাধা শৰ্মা পূজাৰী
চাইন অন ডেস্ক:

আজিৰে পৰা ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত ডিব্ৰুগড়ৰ সামাজিক আৰু ক্ৰীড়া সংগঠন মিলনজ্যোতি সংঘৰ উদ্যোগত আয়োজিত চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাৰ ফিটা কাটি দ্বাৰ উদঘাটন কৰে বিশিষ্ট ঔপন্যাসিক, লেখিকা তথা ‘সাদিন’ৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে৷ এই উপলক্ষে গ্ৰন্থমেলাৰ মূল মঞ্চত আয়োজিত উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি ঔপন্যাসিক গৰাকীয়ে কয় যে প্ৰতিখন গ্ৰন্থ পঢ়ি এগৰাকী পাঠকে নতুন জীৱন লাভ কৰে৷ হতাশাত যদি কোনো ব্যক্তি ভাগৰি পৰে তেন্তে গ্ৰন্থই সাহস দি তেওঁক পথ দেখুওৱাব পাৰে৷ বেংক একাউন্টত ধন জমা কৰাৰ দৰে প্ৰতিখন গ্ৰন্থৰ পৰা একোজন পাঠকে জ্ঞান জমা কৰিব পাৰে৷ জীৱনৰ জটিল অংকবোৰৰ শুদ্ধ উত্তৰো গ্ৰন্থই মানুহক দিব পাৰে৷ যিয়ে গ্ৰন্থ পঢ়া নাই তেওঁলোকৰ প্ৰতি মোৰ পুতৌ হয়৷ ভাষণ প্ৰসংগত ঔপন্যাসিক গৰাকীয়ে ডিব্ৰুগড় চহৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স’তে থকা নষ্ট্ৰালজিয়া ৰোমন্থন কৰি কয় যে প্ৰযুক্তিয়ে চিন্তা কৰিবলৈ সুবিধা নিদিয়ে, গ্ৰন্থইহে দিয়ে৷ সেইবাবে যিমানেেই এ.আই. প্ৰযুক্তি নাহক কিয় গ্ৰন্থৰ কদৰ সদায় থাকিবই৷ কিন্তু প্ৰযুক্তিয়ে আমাক চিন্তা কৰাৰ শক্তি কমাই দিয়াৰ কথাটো শুদ্ধ বুলি উল্লেখ কৰি তেওঁ কয় যে হৃদয় আৰু মগজু দুয়োটাকে প্ৰযুক্তিয়ে বাধাগ্ৰস্ত কৰিছে,
যুক্তিৰ যি শক্তি তাক ক্ষয় নিয়াইছে৷ এইটো সম্প্ৰতি সমগ্ৰ বিশ্বৰে ডাঙৰ সংকট হিচাপে পৰিগণিত হৈছে৷ আনহাতে নতুন প্ৰজন্মৰ প্ৰতি অত্যন্ত আশাবাদী বুলি উল্লেখ কৰি তেওঁ কয় যে কিতাপ নপঢ়ে বুলি তেওঁলোকৰ বিৰুদ্ধে যি অভিযোগ সেয়া সঁচা নহয়৷ বৰং পূৰ্বতকৈ অধিক গ্ৰন্থহে পঢ়ে বুলি দাবী কৰি সাহিত্যিক গৰাকীয়ে কয় যে তেওঁলোকে পঢ়া গ্ৰন্থসমূহ বেলেগ ধৰণৰ৷ তেওঁলোকৰ বাবে আমি বিচৰাধৰণৰ আৰু নতুন বিষয়বস্তুৰ গ্ৰন্থ লিখাৰ প্ৰয়োজন আছে৷ কিন্তু বেছি জ্ঞানলব্ধ প্ৰজন্মক আমি নজনাসকলে কিদৰে বুজাওঁ বা কি পদ্ধতিৰে শিকাওঁ সেইটোহে ডাঙৰ কথা৷ সততাৰ কিদৰে মূল্যায়ন কৰিবপৰা যায় তেওঁলোকক আমি শিকাব লাগিব৷ প্ৰকৃতিৰ স’তে তেওঁলোকক একাত্ম কৰাব লাগিব৷ কাৰণ প্ৰকৃতিৰ অবিহনে সৃষ্টিশীলতা নেথাকে৷ নিজৰ সাহিত্যিক জীৱনৰ শ্ৰীবৃদ্ধিত প্ৰয়াত সাহিত্যিক হোমেন বৰগোহাঞিকে অন্যান্য কাকত-আলোচনীৰ সম্পাদকসকলৰ অৱদানৰ কথা অকপটে উল্লেখ কৰি বৰপূজাৰীয়ে গ্ৰন্থৰ ইতিহাস সম্পৰ্কেও আলোকপাত কৰে৷
সঠিক গ্ৰন্থ পঢ়িবলৈ সুবিধা লাভ কৰা আৰু লিখা কাৰ্য এক ডাঙৰ কাম বুলি উল্লেখ কৰি তেওঁ কয় যে কিমান লেখকে পাঠকৰ প্ৰয়োজন অনুসৰি এইধৰণৰ গ্ৰন্থ লিখে সেয়াহে অত্যন্ত ডাঙৰ কথা৷ আনহাতে অসমত গীতি-সাহিত্যৰ সমূলি মূল্যায়ন হোৱা নাই বুলি মন্তব্য কৰি বৰপূজাৰীয়ে অসমীয়া গীতি-সাহিত্যৰ যি ৰত্ন ভাণ্ডাৰ তাক মুকলি কৰাৰ, উদ্ধাৰ কৰাৰ, নতুন প্ৰজন্মক শুনোৱাৰ আহ্বান জনাই আৰু কয় যে এই গীতি-সাহিত্যই এদিন অসম তথা অসমীয়াক বিশ্ব দৰবাৰত জিলিকাই তুলিব৷ মিলনজ্যোতি সংঘৰ হৈ জ্যোতিশংকৰ চলিহাই আঁতধৰা অনুষ্ঠানত সাহিত্যিক গৰাকীয়ে গ্ৰন্থমেলা উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘মিলনজ্যোতি’ও উন্মোচন কৰে৷ গ্ৰন্থমেলা আয়োজক সমিতিৰ অধ্যক্ষ কমল চন্দ্ৰ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰা
অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জিতেন হাজৰিকা আৰু ডিব্ৰুগড়ৰ মেয়ৰ ডাঃ সৈকৎ পাত্ৰই গ্ৰন্থ সম্পৰ্কত শুভেচ্চামূলক বক্তব্য আগবঢ়ায়৷ ইয়াৰ পূৰ্বে গায়ন বায়ন-বিহুৰ দলেৰে উদ্বোধক আৰু অতিথিবৃন্দক আদৰি অনাৰ পিছত ফিটা কাটি গ্ৰন্থমেলাৰ দ্বাৰ উদঘাটনৰ লগতে গ্ৰন্থমেলাৰ মূল পতাকা উত্তোলন কৰে অনুৰাধা শৰ্মা পূজাৰীয়ে৷ আয়োজক সমিতিৰ পতাকা উত্তোলন কৰে অধ্যক্ষ কমল চন্দ্ৰ গগৈয়ে৷ ইয়াৰ পিছতে মনি গোস্বামীৰ মংগলাচৰণেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানটিত বিশিষ্ট লেখক ডাঃ নিৰ্মল চাহেৱালা, প্ৰাক্তন বিধায়ক, লেখক পৃথ্বী মাঝি, অনুবাদ সাহিত্যিক দেৱীপ্ৰসাদ বাগড়োদিয়াকে ধৰি শতাধিক সাহিত্যপ্ৰেমী উপস্থিত থাকে৷ ইয়াৰ পিছতে উদ্বোধক অনুৰাধা শৰ্মা পূজাৰীৰ স’তে এক অন্তৰংগ আলাপৰ আয়োজন কৰা হয়৷ এই অনুষ্ঠানত বিভিন্নজন পাঠকে সোধা প্ৰশ্নৰ উত্তৰ দিয়ে সাহিত্যিক গৰাকীয়ে৷ সন্ধিয়ালৈ সত্ৰীয়া শিল্পী মীনাক্ষি গগৈৰ পৰিচালনাত ‘নুপুৰ’ অনুষ্ঠানৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশিত হয়৷ উল্লেখ্য যে দুবছৰৰ অন্তত আজিৰে পৰা ২২ ডিচেম্বৰলৈ অনুষ্ঠিতব্য এইবাৰৰ গ্ৰন্থমেলাত সাহিত্য একাডেমী, এনবিটি, দিল্লী, কলকাতাকে ধৰি ৰাজ্যৰ ৪১ টাৰো অধিক গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে৷