ৰূপহীহাটত অবৈধ বেদখলকাৰীৰ বিপদ ঘন্টা!
উচ্ছেদেৰ বাবে সাজু প্ৰশাসন
অবৈধ বেদখলকাৰীয়ে নিজে নিজে খালি কৰিছে চৰকাৰী ভূমি
ৰূপহীহাট:
ৰূপহীহাটত অবৈধ চৰকাৰী মাটি বেদখলকাৰীৰ বাজি উঠিল বিপদ ঘন্টা।ৰূপহীহাটৰ ভকতগাঁৱত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসনৰ এটা বৃহৎ দল। মাত্ৰ ৭২ ঘণ্টা পিছতেই চলিব প্ৰশাসনৰ বুলডজাৰ। ৰূপহীহাটৰ ভকতগাঁওত ৩৮ বিঘা ভূমিৰ ৭৫ টা পৰিয়ালৰ ঘৰলৈ চলিব এই উচ্ছেদ অভিযান।ৰূপহীহাট আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ এক বৃহৎ আৰক্ষী ৰ দলে আজি পৰিদৰ্শন কৰে বেদখকৃত এলেকা।চৰকাৰী ভূমি খালি কৰিবলৈ ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছিল নিৰ্দেশনা। ৰূপহীহাটৰ ভকতগাঁৱত উচ্ছেদ জাননী লাভ কৰাৰ পিছত বেদখলকাৰীয়ৈ নিজে নিজে খালি কৰিছে চৰকাৰী ভূমি।উচ্ছেদ পূৰ্বেই বেদখলকৃত ভূমি এৰিছে বেদখলকাৰীয়ে।নিজে নিজেই আঁতৰি গৈছে চৰকাৰী ভূমিৰ পৰা খালি কৰিছে চৰকাৰী ভূমি টালি টোপাল বান্ধি অন্য ঠাইলৈ ঢ়াপলি মেলিছে বেদখলকাৰীয়ে।চামগুৰি ৰাজহ চক্ৰৰ খাটোৱাল মৌজাৰ ভকতগাঁও কিচামতৰ ১২ নং গেজিং ৰিজাভৰ ৩৮ বিঘাৰ ভূমিৰ প্ৰায় ৭৫ টা পৰিয়াললৈ জাননী দিছিল চামগুৰি ৰাজহচক্ৰই। ১৫ দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনে বেদখলকৃত ভূমি খালি কৰিবলৈ । অবৈধ বেদখলকাৰীয়ে চৰকাৰী নিৰ্দেশনা পালন কৰি নিজে নিজে খালি কৰিছে চৰকাৰী ভূমি।এজন
অতি দৰিদ্ৰ ভুমিহীন ঠেলা চালকে নিজৰ ঘৰখন ভাঙি লৈ যোৱা সময় মুখ্যমন্ত্ৰীক কাতৰ আহ্বান কতো যাবলৈ মোৰ জেগা নাই যদিও খালি কৰিছে চৰকাৰী ভূমি । মুখ্যমন্ত্রী ড’হিমন্ত বিশ্ব শৰ্মাই ভুমিহীন দুখীয়া ঠেলাচালক জনৰ প্ৰতি সুদৃষ্টি দিবলৈ কাতৰ আহ্বান জনাইছে।
