...

বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায় ?

Spread the love

 

 

বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায় ?

 

 

ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত গুলী চালনা
দুজন চোৰাং চিকাৰী বিপুল দাঙ,চবিন পেগুক আটক এজননদীত জপিয়াই পলায়ন
পলাতক হেমন্তলৈ লক্ষ্য কৰি আৰক্ষীৰ ৫ জা‍ঁই গুলীচালনা

 

 

চাইন অন ডেস্ক:

ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ডাঙৰ অঘটন।ৰাষ্ট্ৰীয় উদ্যানখনত চোৰা চিকাৰীক লক্ষ্য কৰি চাবুৱা আৰক্ষীৰ গুলীচালনা।জিলাখনৰ চাবুৱাৰ বিন্ধাকটাত কালি এই ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি WCCB(বন্যপ্ৰানী সুৰক্ষা সংস্থা) দিল্লীৰ পৰা অহা এটা দলে অসম আৰক্ষীৰ সহযোগত চলোৱা এক যুটীয়া অভিযানৰ সময়তে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱা খবৰ পোৱা গৈছে।প্ৰাপ্ত তথ্য অনুসৰি ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণীৰ ছাল,দাঁত আৰু হাড়ৰ বেহা চলোৱা দুজন চোৰাং ব্যক্তি ক্ৰমে বিপুল দাঙ আৰু চবিন পেগুক ৱাইল্ড লাইফ কন্ট্ৰৰল ব্ৰ’ আৰু চাবুৱা আৰক্ষীয়ে যুটীয়া অভিযান চলাই চাবুৱাৰ বিন্ধাকটাত আটক কৰে।

আনহাতেদি আন এজন চোৰাং ব্যৱসায়ী হেমন্ত নৰহ ব্ৰহ্মপুত্ৰ নদীত জঁপিয়াই পলায়ন কৰে।পলায়ন কৰাৰ লগে লগেই হেমন্তলৈ লক্ষ্য কৰি আৰক্ষীয়ে ৫ জা‍ঁই গুলীচালনা কৰিছিল।কিন্তু আৰক্ষীৰ বেহু ফালি চোৰাং চিকাৰী হেমন্ত পলাবলৈ সক্ষম হয়।আৰক্ষীৰ গুলীত হেমন্ত আঘাতপ্ৰাপ্ত হল নে নাই,সেয়া জানিব পৰা হোৱা নাই।আৰক্ষীয়েও এই বিষয়ত স্থিতি স্পষ্ট কৰা নাই।

ইফালে আৰক্ষী আৰু অভিযানকাৰী দলে পলায়ন কৰা হেমন্তৰ সন্ধানত সমগ্ৰতে তীব্ৰ অভিযান চলাইছে।ইফালে নাৱৰে সৰবৰাহ কৰা তথা ধৃত ব্যক্তি দুজনৰ পৰা বাঘৰ ছাল, হাড়, দুষ্প্ৰাপ্য বনৰৌৰ ছাল আদিকে কৰি বহু জন্তুৰ অংগ জব্দ কৰিছে বুলি প্ৰকাশ।সম্প্ৰতি ধৃত ব্যক্তি দুজনক জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি উজনিত অব্যাহত আছে বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়।বাঘৰ ছাল আৰু দুষ্প্ৰাপ্য বনৰৌৰ ছালৰ চোৰাং ব্যৱসায়ত জড়িত দুজনক আজি আটক কৰাৰ লগতে এজন পলায়ন কৰিবলৈ সক্ষম হয়। জানিব পৰা অনুসৰি ৱাইল্ড লাইফ ক্ৰাইম কন্ট্ৰল ব্যুৰোৰ ইন্টিলিজেন্স ডিপাৰ্টমেন্ট দিল্লীৰ পৰা অহা এটা দলে অসম আৰক্ষীৰ সৈতে চলোৱা যুটীয়া অভিযানত চাবুৱাৰ বিন্ধাকটাৰ বৃহৎ পৰিয়ানৰ বন্যপ্ৰাণীৰ ছাল জব্দ কৰিবলৈ সক্ষম হয়।স্বাভাৱিকতেই আজিৰ এই ঘটনাই পুনৰ উদঙাই দিলে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰানীৰ চোৰাং ব্যৱসায়ৰ কথা।

Leave a Reply

Your email address will not be published. Required fields are marked *