শক্তি খণ্ড আৰু অসমৰ অৰ্থনৈতিক ভৱিষ্যতৰ বাবে এক উল্লেখযোগ্য উন্নয়নৰ ৰূপত ডিব্ৰুগড় জিলাত অৱস্থিত নামৰূপ বৰহাট-১ কূপত হাইড্ৰ’কাৰ্বনৰ উপস্থিতি আৱিষ্কাৰ হৈছে। অইল ইণ্ডিয়া লিমিটেডে এই আৱিষ্কাৰ কৰিছিল।যিটো প্ৰকল্পত অসম চৰকাৰৰ প্ৰত্যক্ষ অংশীদাৰিত্ব আছে — যাৰ ফলত ভাৰতৰ প্ৰথমখন ৰাজ্য চৰকাৰ যি প্ৰত্যক্ষ তেল উৎপাদক হ’ল।
ইয়াক এক মাইলৰ খুঁটি বুলি অভিহিত কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক্সত পোষ্ট কৰে- “শক্তি সুৰক্ষা আৰু অৰ্থনৈতিক স্থিতিস্থাপকতাৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ।”
নামৰূপ বৰহাট-১ কুঁৱাত হাইড্ৰ’কাৰ্বনৰ উপস্থিতি আৱিষ্কাৰ কৰিছে, যিটো কূপত অসম চৰকাৰৰ যথেষ্ট অংশীদাৰিত্ব আছে।