...

গৃহমন্ত্ৰী অমিত শ্বাহে আজি শুভ উদ্বোধন কৰে বটদ্ৰৱা প্ৰকল্প

Spread the love

 

গৃহমন্ত্ৰী অমিত শ্বাহে আজি শুভ উদ্বোধন কৰে বটদ্ৰৱা প্ৰকল্প

হেলিকপ্টাৰৰে পদাৰ্পণ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ষাঠি হাজাৰ ভকত-বৈষ্ণৱ উপস্থিত থাকে বটদ্ৰৱাত

বটদ্ৰৱাঃ সাহিত্য কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে জাতীয় জীৱনক নতুন ৰঙেৰে সজোৱা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আজি নতুন প্ৰভাত উদয় হ’ল। আজি দুপৰীয়া মুকলি হ’ল বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাব ক্ষেত্ৰ গৃহমন্ত্ৰী অমিত শ্বাহে শুভ উদ্বোধন কৰে বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰত নিৰ্মাণ হোৱা আটকধুনীয়া বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প। আজি ষাঠি হাজাৰ ভকত বৈষ্ণৱ উপস্থিত থাকে বটদ্ৰৱাত। সভাত উপস্থিত হোৱাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহক গামোছা আৰু গুৰু আসনৰ প্ৰতীকপটৰে আদৰণি জনোৱা হয় । আদৰণী ভাষণ আগবঢ়ায় বিধায়ক ৰূপক শৰ্মাই। লগতে অসমৰ বিভিন্ন স্থানৰ পৰা আমন্ত্ৰন কৰি অনা হৈছে ১৫০ জন সত্ৰাধিকাৰ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ কেইবা সহস্ৰাধিক সন্মানীয় ব্যক্তি।

দুই হাজাৰ গায়ন বায়ন, সত্ৰীয়া নৃত্য, দিহানাম আদি বিভিন্ন সাংস্কৃতিক কাৰ্য ক্ৰমনিকাৰে গৃহমন্ত্ৰীক আদৰি অনা হয়। মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা বটদ্ৰৱা থান প্ৰতিপালনৰ আৰু পৰিচৰ্যাৰ লগত সদা ব্যস্ত থকা শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে শৰাই, কুঁহিলাৰ কঠ, চেলেং চাদৰ , গামোছা, ময়ুৰ আসনেৰে গৃহমন্ত্ৰী অমিত শ্বাহক আদৰণি জনোৱা হয়। শ্ৰী শ্ৰী বটদ্ৰৱা থানত আজি ভকত বৈষ্ণৱ সকলে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দীৰ্ঘজীৱি হ’বলৈ হৰিধ্বনিৰে আৰ্শীৰ্বাদ দিয়ে। আজি দুপৰীয়া প্রকল্প স্থলীত হেলিকপ্টাৰেৰে পদাৰ্পণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। বটদ্ৰৱা প্ৰকল্প ৰাইজৰ বাবে মুকলি কৰি পিছত প্ৰকল্পত নিৰ্মান কৰা গুৰু আসন উচ্চ খলপৰ পৰা আবিৰ্ভাৱ ক্ষেত্ৰৰ চাৰিওফালে নয়ন ভৰি চাই।

পিছত নাটঘৰলৈ যায়, তাত আইসকলে দিহানাম পৰি তেওঁক দেখুৱায়। গোটেই পথছোৱাত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি শিল্পী সকলে আধ্যাত্মিক বাতাবৰণৰ সৃষ্টি কৰে। অসমীয়া জাতিৰ মণিকূট স্বৰূপ এই পবিত্ৰ ভূমি বটদ্রৱা থানৰ সামগ্ৰিক উন্নয়ন আৰু যাতায়ত ব্যৱস্থাৰ লগতে জগত গুৰু শংকৰ গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থান সত্ৰক বৃন্দাবনৰ আৰ্হিত বিশেষ ধৰ্মীয় ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত অসম চৰকাৰৰ বিশেষ তৎপৰতাত বেদখল মুক্ত হোৱা ১৬৫ বিঘা ভূমিত নিৰ্মাণ হৈ উঠা বৃহৎ “বটদ্ৰৱা প্ৰকল্প” ভাগ অসমবাসী ৰাইজৰ বাবে মুকলি কৰাৰ পিছত এই অঞ্চলবাসীক আনন্দিত কৰিছে। উল্লেখযোগ্য যে, ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহেই বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ কৰিছিল।

আৰু তেতিয়াৰ পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত পৃথিৱীৰ আতাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য্য খটোৱা অতিথি গৃহ, দেৱবাদ্য তালৰ সাজত কলাকেন্দ্ৰ (auditorium), খোলৰ সাজত গৱেষণা কেন্দ্ৰ , নাৱৰ সাজত কৌশল বিকাশ কেন্দ্ৰ , নামঘৰটো সত্ৰ কৃষ্টিৰ পীঠস্থান মাজুলী দ্বীপৰ আৰ্হিত বনোৱা হৈছে। খোলত লগোৱা ফেৰাৰী কোম্পানীৰ কাপোৰ ফ্ৰান্সৰ পৰা অনা হৈছে। জাপিৰ সাজত নাট ঘৰকে আদি কৰি এই নিৰ্মাণ সমূহ সম্পূৰ্ণ হোৱাৰ পথত। ওম কনষ্ট্ৰাকছন নামৰ এটা কোম্পানীৰ তত্বাৱধানত নিৰ্মাণ হৈ থকাৰ ওপৰিও থলুৱা গছ গছনি ৰোপণ কৰি প্ৰকৃতিক ভাবে সুন্দৰ কৰা হৈছে।

গুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান খনিক বিশ্বৰ ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে ২০১৬ চনৰ ২৩ ছেপ্তেম্বৰত বেদখল মুক্ত কৰা ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰৰ ১৬৫ বিঘা ভূমিত প্ৰায় ২২৭ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ হোৱা এই বৃহৎ “বটদ্ৰৱা প্ৰকল্প” ভাগক লৈ বহুত আশাবাদী বটদ্ৰৱা তথা নগাঁও বাসী ৰাইজ। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা আৰু প্ৰকল্পৰ বাটকতীয়া প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাক ৰাইজে ধন্যৱাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *