কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ড: বোধেন কুমাৰ শইকীয়াৰ অধ্যক্ষ ৰূপে যোগদান
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ শেতালি গাঁৱৰ সু-সন্তান তথা মৰিগাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ কৃতী সহযোগী অধ্যাপক ড: বোধেন কুমাৰ শইকীয়াই অধ্যক্ষ হিচাপে মংগলবাৰে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত যোগদান কৰে। অৰ্থনীতি বিষয়ৰ অধ্যাপক হোৱাৰ উপৰি শইকীয়া এজন অৰ্থনীতিবিদ,লেখক,বিশিষ্ট প্ৰবন্ধকাৰ, সুবক্তা আৰু শৈক্ষিক তথা বিভিন্ন সামাজিক অনুষ্ঠানৰ সু সংগঠক। অৰ্থবিজ্ঞানৰ কৃতী শিক্ষক ড: শইকীয়াই বি বৰুৱা
মহাবিদ্যালয়ত শিক্ষকতাৰ জীৱন আৰম্ভ কৰি বৰমা মহাবিদ্যালয়, নাগালেণ্ডৰ পাটকাই খ্ৰীষ্টান কলেজ,টিহু মহাবিদ্যালয়, বি.এইচ. মহাবিদ্যালয়, মৰিগাঁও মহাবিদ্যালয় আদি বিখ্যাত মহাবিদ্যালয় সমূহত পঁচিশ বছৰ কাল অধ্যাপনা কৰি আজি (৩ ফেব্ৰুৱাৰীত) গুৱাহাটীৰ অগ্ৰণী শিক্ষানুষ্ঠান কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয় (তাহানিৰ চিটি কলেজ)ত অধ্যক্ষ ৰূপে যোগদান কৰে। ৫০খনতকৈও অধিক গৱেষণা পত্ৰ,১২খন উন্নত মানদণ্ডৰ গ্ৰন্থ,শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আলোচক আৰু সমল ব্যক্তি হিচাপে বিচক্ষণতা,কেইবাটাও গৱেষণা প্ৰকল্প সুখ্যাতিৰে সম্পন্ন কৰা ড: শইকীয়া এজন সুদক্ষ সামাজিক অনুষ্ঠানৰ পৰিচালক। দুটা কাৰ্যকালৰ বাবে অসম কলেজ শিক্ষক সংস্থাৰ সহকাৰী সম্পাদক হিচাপে কাম কৰাৰ উপৰি শইকীয়া সৰ্বভাৰতীয় অৰ্থনৈতিক সংস্থাৰ প্ৰায় ডেৰ দশক ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ পদবীৰ দায়িত্ব নিষ্ঠাৰে সম্পাদন কৰি আছে। বৰ্তমান সেই সংস্থাৰ পূব মণ্ডলৰ সমন্বয়ক হিচাপেও কৰ্তব্য পালন কৰি আছে। নগাঁও জিলাৰ বিভিন্ন সামাজিক,সাংস্কৃতিক, শৈক্ষিক আৰু সাহিত্য সম্পৰ্কীয় অনুষ্ঠানৰ লগত জৰিত শইকীয়া কলং পুনৰুত্থান সমিতিৰো সম্পাদক তথা আহ্বায়ক হিচাপে নিষ্ঠাৰে কাম কৰি গৈছে। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি চলা মানৱদৰদী ড: শইকীয়াৰ যোগদানে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়লৈ এক গতিশীলতাৰ জোৱাৰ আনিব বুলি সচেতনমহলে সন্তুষ্টি ব্যক্ত কৰিছে। তেওঁৰ যোগদানৰ বাবে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড: হেমপ্ৰভা শইকীয়াকে ধৰি অধ্যাপক-অধ্যাপিকা, অঞ্চলৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী উৎফুল্লিত হৈ পৰাৰ লগতে নগাঁও আৰু মৰিগাঁৱৰ বিদ্বৎমহলে অধ্যক্ষ শইকীয়াৰ বলিষ্ঠ নেতৃত্বত মহাবিদ্যালয়খনে এক নতুন মাত্ৰা পাব বুলি আশা ব্যক্ত কৰিছে আৰু তেওঁলৈ উষ্ম অভিনন্দন জ্ঞাপন কৰিছে।