ডিব্ৰুগড়ৰ বাবে এক উল্লেখযোগ্য স্মৰণীয় দিন:মুখ্যমন্ত্ৰী
অসমত কেতিয়াবা পৰিস্থিতি বিস্ফোৰক হলে আমাৰ মানুহবোৰ কেনেকৈ জীয়াই থাকিব ? : ড° শৰ্মা
“চৰকাৰক চেলেঞ্জ হিচাপে লব নালাগে”
“নহলে তিনিমাহৰ আগৰ পুৰনি কথাবোৰ মনত পেলাই থাকক”
“স্মাৰ্ট মিটাৰ লগোৱাৰ বাবে মানুহে ভাল হে পাইছে,বিলো কমকৈ আহে”
চাইন অন ডেস্ক:
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত ৫০৪ কোটি টকাৰ এক উচ্চাভিলাষী আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ সুভাৰম্ভ কৰে।পৰৱৰ্তী সময়ত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়……”আজি ডিব্ৰুগড়ৰ বাবে এক উল্লেখযোগ্য স্মৰণীয় দিন।ডিব্ৰুগড় মহানগৰখনক ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মেডিকেল কলেজে সমৃদ্ধিশালী কৰি ৰাখিছে।ৰাজ্য চৰকাৰে ডিব্ৰুগড় চহৰখনক আগবঢ়াই লৈ যোৱাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক ২০০ কোটি টকাৰ প্ৰকল্প আৰু অসম মেডিকেল কলেজৰ বাবে ৩২২ কোটি টকাৰ প্ৰকল্পৰ কাম শুভাৰম্ভ কৰা হয়।এই দিনটোত ডিব্ৰুগড়ৰ দুখন নক্ষত্ৰ সদৃশ শিক্ষানুষ্ঠানে ৫২২ কোটি টকা লাভ কৰিব।ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মান কৰা আমাৰ এই যাত্ৰাত আৰু অধিক সবল হল।এনে পৰিপ্ৰেক্ষিতত ডিব্ৰুগড়বাসী ৰাইজক মই আন্তৰিক অভিনন্দন জনাইছো।
আনহাতেদি ৰাজ্যৰ জনসাধাৰণক আগ্নেয়াস্ত্ৰ প্ৰদান কৰাৰ ক্ষেত্ৰত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়……
“পৰিস্থিতি বিস্ফোৰক হোৱাতো মইও নিবিচাৰো।অসমত, কেতিয়াবাতো পৰিস্থিতি বিস্ফোৰক হবই।তেতিয়া বিস্ফোৰক হলে আমাৰ মানুহবোৰ কেনেকৈ জীয়াই থাকিব ? আগ্নেয়াঅশ্ত্ৰ থাকিলেহে আমাৰ মানুহবোৰ জীয়াই থাকিব পাৰিব।অনুজ্ঞাপত্ৰ থকা বন্ধুক থাকিব লাগিব।সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়াই এতিয়া জীয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব।আন্দোলন কৰিলে অসমীয়া জীয়াই নাথাকে,অসমীয়াই প্ৰেক্টিকেল ষ্টেপ ললেহে জীয়াই থাকিব পাৰিব।আৰু কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবাৰ লৈছো,জিকি অহাৰ পিছত আৰু লম।ধৈৰ্যৰ মই পৰীক্ষাই কৰি আছো।যিমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে,কৰি থাকিম।কোনো আপত্তি নাই,কিন্তু মোৰ এটা লক্ষ্য আছে যে সংবিধানৰ নীতি-নিয়মৰ মাজেৰে সেই লক্ষ্যত উপনিত হব লাগিব খুউব কম সময়ৰ ভিতৰতেই।
ইফালে ইউএচটিএমে উচ্ছেদিত পৰিয়ালৰ মেধাবী সন্তানক পঢ়োৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি কয় য ……”লৰা ছোৱালীক পঢ়োৱাতো মই আপত্তি নকৰো,মাত্ৰ এটাই কথা যে ভালদৰেই পঢ়াওক।চৰকাৰক চেলেঞ্জ হিচাপে লব নালাগে।লৰা-ছোৱালী পঢ়োৱাতো ভাল কথা,কোনো যদি উচ্ছেদিত পৰিয়ালে মোকো পঢ়াবলৈ কয় মইও কৰিম।শিশু সকলক লৈ আমি ৰাজনীতি নকৰো।কিন্তু এইটো মানৱতাৰ বাবে কৰিলে আপত্তি নাই।কিন্তু চৰকাৰক চেলেঞ্জ কৰি কৰিছো বুলি ধাৰণাৰে কৰে,তেতিয়াহলে তেওঁ তিনিমাহৰ আগৰ পুৰনি কথাবোৰ মনত পেলাই থাকিব লাগে বুলিও উল্লেখ কৰে।”
এপিডিচিএলে স্মাৰ্ট মিটাৰ অপসাৰণ কৰাৰ বাতৰিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে পোনচাতেই খণ্ডন কৰি কয় যে স্মাৰ্ট মিটাৰ লগোৱাৰ বাবে মানুহে ভাল হে পাইছে,বিলো কমকৈ অহা বুলি সাংবাদিকৰ আগত সদৰী কৰে।

