...

তৃতীয়বাৰ বিজেপি চৰকাৰ হ’লে ৫ লাখ বিঘা মাটি বেদখলমুক্ত কৰিম

Spread the love

তৃতীয়বাৰ বিজেপি চৰকাৰ হ’লে ৫ লাখ বিঘা মাটি বেদখলমুক্ত কৰিম

 

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

চাইন অন ডেস্ক:

অসমত তৃতীয়বাৰলৈ বিজেপি চৰকাৰ গঠন হ’লে অবৈধ বিদেশী নাগৰিকে দখল কৰি ৰখা ৫ লাখ বিঘা মাটি বেদখলমুক্ত কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড় খনিকৰ খেলপথাৰত বিজেপিয়ে 
অনুষ্ঠিত কৰা পৃষ্ঠাপ্ৰমুখ সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমত ২০ লাখ মাটি অবৈধ বিদেশীয়ে বেদখল কৰি ৰাখিছে। যোৱা পাঁচ বছৰত আমি ডেৰ লাখ বিঘা মাটি বেদখলমুক্ত কৰিছো। অহা পাঁচবছৰত
বিজেপি চৰকাৰ আহিলে ১ লাখৰ পৰা ২ লাখলৈ যুৱক-যুৱতীক নিযুক্তি প্ৰদান, ১ লাখৰ পৰা ১০ লাখলৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি, ১০০ টকাত পোৱা চেনি, দাইল, নিমখ বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে
 মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। একেটা ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ২৬ৰ বিধানসভা নিৰ্বাচনত আমি গৌৰৱেৰে ৰাইজৰ মাজলৈ যাম। অসমৰ মানুহৰ ওচৰত গুৱাহাটীৰ পাছত ডিব্ৰুগড়ত ৰাজধানী মৰ্যাদা দিয়াৰ
 কথা কৈ কাষ চাপিম। কংগ্ৰেছে ধ্বংস কৰা নামৰূপত ১২ লাখ মেট্ৰিক টন ইউৰীয়া-ইথানল প্ৰকল্প নৰেন্দ্ৰ মোদীয়ে দিয়াৰ কথা কম। মুখ্যমন্ত্ৰীয়ে লগতে কয়, আমি কথা ক’লে বিশ্বাস নকৰে। কাম কৰিলে বিশ্বাস কৰে। যোৰহাটৰ পৰা 
ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় ঘাইপথ হ'ল। কিন্তু গাড়ী যাব পৰা নাছিল। এতিয়া সেই ৰাজপথত বিমান উৰিলে। ১ লাখ যুৱক-যুৱতীক চাকৰি দিয়াৰ কথা কৈছিলোঁ। কিন্তু ১.৬০ লাখ যুৱক-যুৱতীয়ে চাকৰি পালে। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। 
অসমীয়া ভাষাই দ্ৰুপদী ভাষাৰ মৰ্যাদা পালে। লাচিত বৰফুকনৰ শৌৰ্য বীৰ্যৰ কথা সমগ্ৰ বিশ্বই পৰিচিত হ'ল। আমি অবৈধ বাংলাদেশী হাতৰ পৰা ডেৰ লাখ বিঘা ভূমি কাঢ়ি নিছো। এতিয়াও যুজ অব্যাহত ৰাখিছো। এতিয়া অসমৰ টেলিভিছনত গড় হত্যাৰ 
খবৰ নাপায়। পাঁচ বছৰলৈকে অসমত কোনো গড় হত্যা হোৱা নাই। শান্তিৰে আছে কাজিৰঙাৰ গড়কেইটা। মুখ্যমন্ত্ৰীয়ে ভাষণত কয়, আজি অসমীয়া যুৱক যুৱতীয়ে সপোন ৰচিব পাৰে। বাস্তৱত ৰূপায়ন কৰিবলৈ যুৱক যুৱতীৰ সন্মুখত থিয় দিম। 
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসম জিলিকি উঠিল। নতুন অসম নিৰ্মাণৰ পথত আগুৱাই গৈছো আমি। কোনো অসমীয়াই কল্পনা কৰিব নোৱাৰা কাম বিজেপি চৰকাৰৰ দিনত সম্ভৱ হৈছে। আমি ইংৰাজৰ পৰা ভিজা নলও। ইংৰাজে আমাৰ ভাৰতৰ ভিজা
 ল’বলৈ বাধ্য হ’ব লাগিব। অহা দহ বছৰত ইংৰাজে ভাৰতৰ পাচপোৰ্ট বিচাৰিব লাগিব। আমি ব্ৰিটেইনত থাকিব নোখোজো, আমি ডিব্ৰুগড়, গুৱাহাটী, যোৰহাটত থাকিব খোজো। এনেকৈ থাকিলে কোনো বাংলাদেশী অসমত সোমাব নোৱাৰিব। 
আমি বিদেশী ৰাষ্ট্ৰক উন্নয়নেৰে পৰাজিত কৰিম। আনহাতে ২৬ৰ নিৰ্বাচনত পাঁচখন ৰাজ্যৰ ভিতৰত অসমে সৰ্বাধিক আসন লৈ চৰকাৰ গঠন কৰিব বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয়, অসমৰ লগতে পশ্চিমবংগতো আমি বিজেপিৰ চৰকাৰ আনিব লাগিব। 
কাৰণ পশ্চিমবংগত বিজেপি চৰকাৰ আহিলেহে অসমত প্ৰৱেশ কৰিব নোৱাৰিব অবৈধ বাংলাদেশী।

 

 

২০৩১ বিৰোধীৰ ভূমিকা ল’ব অখিল গগৈৰ ৰাইজৰ দল

২৬’ত নহয়, ৩১’ত বিৰোধীৰ ভূমিকা ল’ব বিধায়ক অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ। আজি ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ কংগ্ৰেছৰ আন দুজন বিধায়কে ৰাইজৰ দলত যোগদান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ২৬ত বিৰোধী দল হিচাপে কংগ্ৰেছে থাকিব। মোৰ ৰাজনৈতিক বিশ্লেষণ অনুসৰি ২০৩১ চনত বিৰোধীৰ ভূমিকা অখিল গগৈয়ে ল’ব। যদিহে অখিল গগৈয়ে গুৰুত্বসহকাৰে ৰাজনৈতিক ক্ষেত্ৰত আগবাঢ়িব পাৰে। মিঞা মুছলমান এলেকাত চলোৱা বেদখলৰ সময়ত কংগ্ৰেছে থিয় নিদিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়, মিঞা মুছলমানৰ এলেকাত বেদখল চলোৱাৰ সময়ত কংগ্ৰেছ তেওঁলোকৰ লগত থিয় নহ’ল। কিন্তু অখিল গগৈয়ে ৰিক্স লৈ তেওঁলোকৰ লগত থিয় দিলে। মুছলমান সম্প্ৰদায়ৰ লোকসকল কংগ্ৰেছতকৈ অখিলৰ প্ৰতি বিশ্বাস বেছি আছে। কিন্তু ২৬ত নহ’ব। অৱশ্যে ২৬ত মিঞা মুছলমানৰ ভোট কংগ্ৰেছে বেছি পাব। কিন্তু অসমীয়া মুছলমানৰ ভোট আমি বেছি পাম। অখিল গগৈয়ে মিঞা মুছলমানৰ ভোট এটা শ্বেয়াৰ পাব। কিন্তু ২০৩১ চনলৈকে এইটো স্থানান্তৰ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *