...
Spread the love

ছিকিমত হেলিকপ্টাৰৰে চলিছে উদ্ধাৰ অভিযান

নিৰাপদ স্থানত উপস্থিত ৩৪ জনীয়া পৰ্যটকৰ দল

 

ছিকিমঃ

লাচুঙত আবদ্ধ পৰ্যটকসকলক নিৰাপদে উদ্ধাৰৰ বাবে প্ৰতিকূল পৰিস্থিতিতো ছিকিমত অব্যাহত আছে উদ্ধাৰ অভিযান ৷ শেহতীয়াকৈ ৰাজ্যখনত চলোৱা এক অভিযানত উদ্ধাৰ কৰা হৈছে আহত সেনা জোৱান, তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু একাংশ পৰ্যটককে ধৰি প্ৰায় ৩৪ জন লোকক ৷
ছিকিমৰ চাটেন এলেকাৰ পৰা আহি পাকয়ং গ্ৰীণফিল্ড বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে দলটো কঢ়িয়াই অনা হেলিকপ্টাৰখন ৷ দুখন এম আই-১৭ ভি ৫ হেলিকপ্টাৰেৰে এই অভিযান চলোৱা হৈছিল বুলি সদৰী কৰিছে ছিকিম চৰকাৰে ৷
২ জুনত আৰক্ষী, স্থানীয় লোক, বনকৰ্মী আৰু লাচুং হোটেল এছ’চিয়েশ্যনৰ সৈতে জড়িত লোকসকলৰ যৌথ প্ৰচেষ্টাৰ জৰিয়তে লাচুঙত আবদ্ধ পৰ্যটকসকলক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ৷ স্থানীয় প্ৰশাসনৰ সহযোগত লাচুং হোটেল এছ’চিয়েশ্যনৰ সভাপতি গ্যাটছ’ লাচুংপাই এই অভিযানৰ নেতৃত্ব দিয়ে ।
দেওবাৰে মংগন জিলাৰ আৰক্ষী অধীক্ষক দেচু ভুটিয়াই কয়- ‘‘মংগন জিলাৰ লাচেন আৰু লাচুঙত বৰষুণৰ ফলত হোৱা ভূমিস্খলন সংঘটিত হয় ৷ তদুপৰি দলং ভাঙি বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে তিস্তা নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত হাজাৰৰো অধিক পৰ্যটক আবদ্ধ হৈ পৰে ।’’
পূৰ্বে ২ জুনত ছিকিমৰ পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ বিভাগে ঘোষণা কৰিছিল যে মংগন জিলাৰ চুংথাং-ফিডাং পথ পুনৰ নিৰ্মাণ কৰা হৈছে, যাৰ ফলত আবদ্ধ পৰ্যটকসকলক নিৰাপদে উলিয়াই অনাৰ কাম আৰম্ভ কৰা হৈছে ।
ভাৰত-তিব্বতৰ সীমান্ত আৰক্ষী (আই টি বি পি), ভাৰতীয় সেনা, সীমান্ত পথ সংস্থা (বি আৰ অ’), ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ), সাধাৰণ সংৰক্ষিত অভিযন্তা বাহিনী (জি আৰ ই এফ), অগ্নিনিৰ্বাপক আৰু চিকিৎসা সেৱাৰ দল, ট্ৰেভেল এজেণ্ট এছ’চিয়েশ্যন অৱ ছিকিম (টি এ এ এছ), ইণ্ডিয়ান হিমালয়ান চেণ্টাৰ ফৰ এডভেঞ্চাৰ এণ্ড ইক’-টুৰিজিম (আই এইচ চি এ ই) চেমচে, ড্ৰাইভাৰ এছ’চিয়েশ্যনৰ লগতে স্থানীয় স্বেচ্ছাসেৱক আৰু অন্যান্যসকলেও এই অভিযানত সহায়ৰ হাত আগবঢ়ায় ।
পৰ্যটন, অসামৰিক আৰু বিমান পৰিবহণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব চি সুভকৰ ৰাৱে কয়- ‘‘জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু পৰ্যটন বিভাগৰ তথ্য অনুসৰি ছিকিমৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় ১,৬৭০ জন পৰ্যটকক সুকলমে উদ্ধাৰ কৰা হৈছে । তদুপৰি আবদ্ধ বাকীসকল পৰ্যটককো উদ্ধাৰ কৰাৰ প্ৰক্ৰিয়া চলি আছে ৷ জিলা প্ৰশাসনে পৰ্যটক আৰু স্থানীয় লোকৰ একেদৰেই সুৰক্ষা নিশ্চিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰি আছে ।’’
বিগত ৩০-৩১ মে’ৰ নিশা উত্তৰ ছিকিমত নেৰানেপেৰা বৰষুণ আৰু ডাৱৰ বিস্ফোৰণে ধ্বংসলীলাৰ সূচনা কৰি ৰাজ্যখনৰ পথ-পৰিবহণ আৰু দলঙৰ বিস্তৰ ক্ষতিসাধন কৰে । তিষ্টা নদীৰ জলস্তৰ ৩৫-৪০ ফুট ওপৰলৈ বৃদ্ধি পোৱাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *