ৰংগেশ্বৰী টুপামাৰীত ধুমুহা-শিলাবৃষ্টিত বিস্তৰ ক্ষতি
নগৰবেৰা:
কামৰূপৰ নৱগঠিত ছমৰীয়া সমষ্টিৰ বৃহত্তৰ ৰঙ্গেশ্বৰী টুপামাৰী অঞ্চলত ধুমুহা শিলাবৃষ্টিৰ তাণ্ডৱ,বিস্তৰ ক্ষতিসাধন হয়। নিশাৰ ভয়ংকৰ ধুমুহা , শিলাবৃষ্টিৰ ফলত ৰঙ্গেশ্বৰী, টুপামাৰী, ভখুৰাদিয়া, বদলা ৰঙাপানী আদি প্ৰায় দহখনকৈ গাঁৱত বিস্তৰ ক্ষতি হয়।বৰদৈচিলাৰ ফলত উভালি পৰে বিদ্যুতৰ খুটা, বাগৰি পৰে প্ৰকাণ্ড প্ৰকাণ্ড একোডাল গছ।শিলাবৃষ্টিৰ ফলত অঞ্চলটোৰ খেতি বাতি বিনষ্ট হোৱাৰ লগতে ধুমুহাই ঘৰ দুৱাৰৰো যঠেষ্ট ক্ষতিসাধন কৰে।আনহাতে অঞ্চলটোৰ ব্যৱসায় বাণিজ্যৰ প্ৰাণকেন্দ্ৰ স্বৰূপ টুপামাৰী বজাৰৰ একাধিক দোকানৰ ওপৰত গছ পৰিও ক্ষতিসাধন হয়।এক কথাত কবলৈ গ’লে বছৰৰ প্ৰথমটো বৰদৈচিলাই তচনচ কৰি থৈ গ’ল সমগ্ৰ অঞ্চলটো।ফলত বিচ্ছিন্ন হৈ পৰে অঞ্চলটোৰ বিদ্যুৎ সংযোগ।ক্ষতিগ্ৰস্ত সকলক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে ভূক্তভোগী ৰাইজে।