নগাঁৱৰ বৰক’লা গুৰু নানক প্ৰাথমিক বিদ্যালয়ত গুৰু নানক জন্ম জয়ন্তী উদযাপন
নগাঁও:-
নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বৰক’লা গুৰু নানক প্ৰাথমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে গুৰু নানক জন্ম জয়ন্তী উদযাপন কৰা হয়। তদুপলক্ষে বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিংহৰ সভাপতিত্বত অনুষ্ঠিত এখনি গাম্ভীৰ্যপূৰ্ণ সভাত গুৰু নানকৰ জীৱন পৰিক্ৰমাৰ আদৰ্শৰ ওপৰত আলোকপাত কৰাৰ লগতে
হৰভজন সিং,ফুলপ্ৰীত সিং,মায়ংক চুব্বা,অমন প্ৰীত কৌৰ,ডিম্পী বৰুৱাই কীৰ্তন কৰে। সভাত আইমণি হীৰা, কংকনা দেৱী,মুন্মী দেৱী,গুৰুপ্ৰীত কৌৰ,পদুমী কৌৰ,ভাৰ্গৱজ্যোতি নাথ,শংকৰ জোতি হীৰাকে আদি কৰি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে দিহানাম পৰিৱেশন কৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জু সিঙে আঁতধৰা অনুষ্ঠানটিত গুৰু নানকৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে বৰক’লা গুৰু নানক প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষয়িত্ৰী কৰ্বন কৌৰ,কেন্দ্ৰীয় গুৰুদ্বাৰৰ সভাপতি তথা শিক্ষাব্ৰতী গুৰুমুখ সিং,কৰ্ণেল সিং আৰু বিশিষ্ট লেখিকা দেদী প্ৰিয়া চেতিয়া পাটৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জু সিঙে সামগ্ৰিকভাৱে পৰিচালনা কৰা ব্যতিক্ৰমী অনুষ্ঠানটিত বিদ্যালয়ত অধ্যয়ন কৰা শিক্ষান্ত পৰীক্ষাৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন পত্ৰ,কিতাপৰ টোপোলা,ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে,সভাত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ৰজবিন্দ্ৰ সিং,বিন্দিয়া কৌৰ,দৰ্শনা কৌৰ,ৰাজু হীৰা,গুৰুপ্ৰীত কৌৰ,পুজা ৰবিদাস আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতী শিক্ষাৰ্থী ক্ৰমে লনী কৌৰ,দুলুমণি হীৰাক ক্ৰমে প্ৰতাপ সিংহ,কৰ্বন কৌৰ,ৰঞ্জু সিং, পৰাগ মণি বৰুৱা,লক্ষী প্ৰসাদ বৰুৱা,পুষ্প কান্ত দাস,সংগীতা বৰদলৈয়ে শৰাই,মানপত্ৰ,গামোচা আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। সন্ধিয়ালৈকে অনুষ্ঠিত হোৱা অনুষ্ঠানত স্থানীয় দ্বীপ সিং, মহেন্দ্ৰ সিং,বলদেৱ সিং,মনফুল সিং, প্ৰমোদ বৰা,অশোক হাজৰিকা আদি বিশিষ্ট ব্যক্তি সকলৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত
থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।