আন্তর্জাতিক মঞ্চত পুনৰ জিলিকিল ভাৰতীয় গুকেশ
নৰৱে’ত বিশ্বৰ শীৰ্ষ ডবা খেলুৱৈ মেগনাছ কাৰ্লছনক পৰাস্ত কৰিলে ভাৰতৰ গুকেশে
কার্লছেনে নিয়ন্ত্রণ কৰিব নোৱাৰিলে খং,খঙেৰে দবা ব’ৰ্ডখনত ঘুচা মাৰি উলাই যায়
চাইন অন ডেস্কঃ
আন্তর্জাতিক মঞ্চত পুনৰ জিলিকিল বিশ্ব চেম্পিয়ন ডি গুকেশ। ডিন লিবেনক হৰুৱাই বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ জিনাৰ পিছত এই বাৰ নৰৱে’ৰ দবা প্রতিযোগিতাত গৃহ ভূমিতেই ধৰাশায়ী কৰিলে বিশ্বৰ শীর্ষ দবা খেলুৱৈ মেগনাছ কার্লছনক। ক্লাছিকেল চেছত কিম্বদন্তি কার্লছেনৰ বিৰুদ্ধে গুকেশৰ এয়াই প্রথম জয়। এই জয়ৰ লগে লগে এতিয়া নৰবে’ দবা চেম্পিয়নশ্বিপৰ পইন্ট
তালিকাত ৮.৫ পইন্টেৰে ১৯ বছৰীয়া গুকেশ তৃতীয় স্থানত উপনীত হোৱাৰ বিপৰীতে পৰাস্ত হোৱাৰ সত্ত্বেও কার্লছেন আৰু আমেৰিকাৰ গ্ৰেণ্ডমাষ্টাৰ ফেবিয়ানো কাৰুয়ানা যৌথভাৱে ৯.৫ পইন্টেৰে প্ৰথম স্থানত আছে। অৱশ্যে মেচখনত প্রত্যাশিত আৰম্ভণি কৰিছিল কাৰ্লছেনে। প্ৰাৰম্ভিক অৱস্থাত একক আধিপত্য বিজ্ঞাৰে প্ৰায় জয় নিশ্চিত কৰি তুলিছিল তাৰকাগৰাকীয়ে। কিন্তু শান্ত সমাহিত স্বভাৱেৰে কাৰ্লছনৰ ভুলৰ বাবে অপেক্ষা কৰি আছিল গুকেশে।
অৱশেষত সেয়াই হ’ল। বিশ্ব চেম্পিয়নৰ হেঁচাত ভুল কৰিলে প্রাক্তন বিশ্ব চেম্পিয়ন কাৰ্লছেনে। লগে লগে ভাৰতীয় দবা ইতিহাসত নতুন নজিৰ সৃষ্টি কৰে ১৯ বছৰীয়া তৰণ গ্ৰেণ্ডমাষ্টাৰগৰাকীয়ে। অৱশ্যে পৰাজয়ৰ পিছত কার্লছেনে নিয়ন্ত্রণ কৰিব নোৱাৰিলে খং। খঙেৰে দবা ব’ৰ্ডখনত ঘুচা মাৰি উলাই যায় তেওঁ।যদিও শেষত কৰ্মদন কৰে গুকেশৰ সতে । সংবাদ মাধ্যমৰ সৈতেও কথা পতাৰ পৰাও বিৰত থাকে কার্লছেন।