...

চাবুৱাত অসম গণ পৰিষদৰ বিশাল সংকল্প সমাৰোহ

Spread the love

চাবুৱাত অসম গণ পৰিষদৰ বিশাল সংকল্প সমাৰোহ

মিত্ৰতাত অলপ তিক্ততা থাকেই- অতুল বৰা

সাত হাজাৰ লোকৰ উপস্থিতিত সংকল্প সমাৰোহত অঃ গঃ পঃ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া

চাবুৱা:

 

ডিব্ৰুগড়ত অসম গণ পৰিষদৰ ৯ জিলাৰ সভাপতি-সম্পাদক আৰু ৩৩ বিধানসভা সমষ্টিৰ সভাপতি সম্পাদকৰ উপস্থিতিত এখনি আলোচনা অনুষ্ঠিত হোৱাৰ পিছতে আজি চাবুৱাৰ দিনজয় চাহ বাগিচাৰ পক্কা লাইনৰ খেলপথাৰত ‘সংকল্প সমাৰোহ’ ত “মিত্ৰতাত অলপ তিক্ততা থাকেই, সত্ৰুতাতো তিক্ততা থাকেই কিন্তু আমাৰ মূল সত্ৰু চিনাক্ত কৰিছোঁ সেয়া কংগ্ৰেছ দল” বুলি দলটোৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়। সাংবাদিকৰ প্ৰশ্ন আছিল – চাবুৱা লাহোৱাল বিধানসভা সমষ্টিটোত ইতিমধ্যে মিত্ৰ জোঁটৰ বি জে পি আৰু অ গ প ৰ মাজত শীতল যুদ্ধ অৰ্থাৎ (Cold War) এখন চলিছে তেনে পৰিস্থিতিত আগন্তুক ২৬ ৰ নিৰ্বাচনত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা হ’ব নেকি? সভাপতি গৰাকীৰ মতে সকলো Cold War থাকিবই। চাবুৱা লাহোৱালত আমাৰ দলৰ বিধায়ক আছেই যেতিয়া নতুনকৈ চিন্তা কৰাৰ কথা নাই। দেশৰ স্বাধীনতাৰ পিছত দীৰ্ঘদিন ধৰি কংগ্ৰেছ দল শাসনত আছিল আৰু কংগ্ৰেছে যদি বিদেশী নানিলে হেতেন তেতিয়া আন্দোলনো নহ’ল হেতেন, অসম গণ পৰিষদ দলো জন্ম নহ’ল হেতেন। আজিৰ দিনত অসম গণ পৰিষদে কেইটা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব সেই কথা নিৰ্দ্ধাৰণ কৰা হোৱা নাই, কিন্তু জৰীপ কৰিবলৈ কৰ্মী নিয়োগ কৰা হৈছে বুলি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত উজনি অসমৰ ৯ খন জিলাৰ নেতৃবৰ্গ আৰু ৩৩ টা বিধানসভা সমষ্টিৰ সমিতিৰ সভাপতি সম্পাদকক লৈ আলোচনা আৰু আজি চাবুৱাৰ ‘সংকল্প সমাৰোহ’ কে ধৰি জিলা খনত দুটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহাত সভাপতি গৰাকীৰ নেতৃত্বত অসম গণ পৰিষদৰ এটা সঁজাতি দলে অৰুণাচলত সংঘটিত পথ দূৰ্ঘটনাত নিহত লোকৰ ২১ টা পৰিয়ালবৰ্গৰ মাজত উপস্থিত হয়। মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰীৰ লগতে অন্যান্য নেতা কৰ্মী সকলও দলটোত আছিল বুলি জানিব পৰা গৈছে।

মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে সংকল্প সমাৰোহত প্ৰদৰ্শন কৰিবলগীয়া বহু কেইটা সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা দেখিবলৈ পোৱা যায়। ‘সংকল্প’ মানে দলৰ ভেটি মজবুত কৰা, অনাগত দিনত দলটোত দূৰন্ত গতিত আগুৱা নিয়াৰ উদ্দেশ্যে এই সমাৰোহ খনি আয়োজন কৰা হৈছিল। অসম গণ পৰিষদ দল শক্তিশালী হোৱা মানে আঞ্চলিকতাবাদ শক্তিশালী হোৱা। আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানেই অসম সুৰক্ষিত বুলি সভাপতি অতুল বৰাই মত প্ৰকাশ কৰে। ১৯৮৫ চনৰ পৰা অসম গণ পৰিষদে জয়লাভ কৰা বিধানসভা সমষ্টি সমূহত বৰ্তমান সময়ত দলটোক শক্তিশালী কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। য’ত অসম গণ পৰিষদৰ শিপা আছিল তাত দলটো শক্তিশালী কৰা মানে পূৰ্বতে জয়লাভ কৰা ৮৫-৮৬ টা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব তেনে নহয়। দীৰ্ঘদিন ধৰি মিত্ৰতা ৰখা ভাৰতীয় জনতা পাৰ্টিৰ সৈতেও সহযোগিতা আগবঢ়াই যাব বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে। অ গ প ৰ প্ৰাৰ্থীও জয়ী কৰাব লাগিব আৰু ভাৰতীয় জনতা পাৰ্টিকো জয়লাভ কৰোৱাব লাগিব – এই দৰে সমাৰোহৰ অন্তত সাংবাদিকৰ আগত প্ৰকাশ কৰে সভাপতি অতুল বৰাই। দিনজয় চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত সংকল্প সামাৰোহ খনলৈ ডিব্ৰুগড় জিলা বিভিন্ন প্ৰান্তৰৰ জনতাৰ সোঁত বোৱা দেখিবলৈ পোৱা যায়। তাতে প্ৰয়াত গণশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হয়। উপস্থিত জনতাৰ মনোৰঞ্জনৰ বাবে ঝাৰখণ্ডৰ পৰা আমন্ত্ৰিত কণ্ঠশিল্পী অৰ্জুন লাক্ৰা উপস্থিত হয় যদিও ২১ গৰাকী শ্ৰমিকৰ মৃত্যুৰ শোকাকুল পৰিবেশত গীত পৰিবেশন কৰাৰ বিৰত থকা সিদ্ধান্ত গ্ৰহণ কৰে দলটোৱে। জুবিন গাৰ্গৰ মায়াবিনী গীত পৰিবেশ কৰি লাক্ৰাই চাহ শ্ৰমিকৰ ভূমি পট্টা প্ৰদানত সন্তুষ্টি প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ মিত্ৰ জোঁটৰ অংশদাৰী দল অ গ প ৰ সভাপতি অতুল বৰাক গামোচা পিন্ধাই কৃতজ্ঞতা প্ৰকাশ কৰে।

ইপিনে ভাৰতৰ সংসদৰ মজিয়াত অসম গণ পৰিষদ দলক প্ৰতিনিধিত্ব কৰা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সজোৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰিছে। সেই কথা ভাৰতবৰ্ষৰ সাংসদ সকলে শুনিব বাধ্য হ’ব আৰু সংসদৰ মজিয়াত জনজাতিকৰণৰ আইনখন পাচ কৰিবলৈ হ’ব পাৰিম বুলি মন্ত্ৰী কেশৱ মহন্তই সংকল্প সামৰোহৰ ভাষণ প্ৰসংগত কয়। লগতে মন্ত্ৰী গৰাকীয়ে কয় – অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰতিবেদন প্ৰস্তুত কৰি ৰাজ্য চৰকাৰ খনে কাম কৰিছে। অসমৰ চাহ বাগিচাৰ ২০০ বছৰীয়া ইতিহাসত এই চৰকাৰৰ দিনতে ঝুমুই নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা হ’ল, চাহ বাগিচাৰ অঞ্চলত বহু উন্নয়নমূলক আঁচনি যেনে- স্কুল, স্বাস্থ্য কেন্দ্ৰ, বাট-পথ উন্নতি কৰা হ’ল। এগৰাকী মানুহ অসমৰ দৰে ৰাজ্যত ২০০ বাস কৰিছে কিন্তু তেঁওৰ ভূমি পট্টা নাই, এই সৰ্বকালৰ সমস্যাটো এতিয়া ৰাজ্য চৰকাৰে সমাধানৰ বাবে অহা জানুৱৰী মাহত ভূমি পট্টা প্ৰদানৰ কাম হাতত লৈছে। এই সন্দৰ্ভত ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ আয়ুক্ত আৰু সংশ্লিষ্ট বিষয়াৰ সৈতে পৰ্যালোচনা সভা সম্পন্ন কৰা হৈছে। অতি শ্ৰীঘ্ৰে নৱ-বৰ্ষৰ পহিলা মাহতে শ্ৰমিক সকলক ভূমি পট্টা প্ৰদান কৰিব পৰা হ’ব বুলি ৰাজ্যৰ ৰাজহ মন্ত্ৰী অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয়। মন্ত্ৰী গৰাকীয়ে ভাষণতে চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিটোত কাৰ্যকাল চলাই থকা বিধায়ক পোনাকণ বৰুৱাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। বিগত ৩০ বছৰে বিধায়ক বৰুৱাক ছাত্ৰ অৱস্থাৰ পৰা পাই অহাৰ কথা উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কতো অভিযোগ পোৱা নাই বিধায়ক হিচাপে বৰুৱাক। ৰাইজৰ কাম কৰিছে ৰাইজৰ মুখত বা বাতৰি কাকততো কোনো অভিযোগ পোৱা নাই। সেইকাৰণে ৰাইজৰ মাজলৈ অসম গণ পৰিষদে পুনৰ আগুৱাই দিছে বুলি কয়। আমি গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিকে ধৰি কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়া বিধায়ক পোনাকণ বৰুৱাৰ সৈতে আছো, পোনাকণ বৰুৱাৰ সৈতে থকা মানে চাবুৱাৰ প্ৰতিজন ৰাইজৰ সৈতে অসম গণ পৰিষদ দল আছে। এনেদৰে ব্যক্ত কৰা সমাৰোহ খনিত মন্ত্ৰী গৰাকীয়ে মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকক ৫০ বিঘা লৈকে ভূমি পট্টা প্ৰদান কৰা হ’ব বুলি কয়। যদি এই জনগোষ্ঠীৰ লোকে ৫০ বিঘালৈকে ভূমি দখল কৰি আছে তেন্তে চৰকাৰ সেই ভূমি পট্টা প্ৰদানৰ বাবে প্ৰচেষ্টা লৈছে চৰকাৰে। ১০ ডিচেম্বৰ দিনটোতে অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহিদ হৈছিল খেগশ্বৰ তালুদাৰ আৰু এই বৰ্ষতে ১০ ডিচেম্বৰত শ্বহীদ স্মাৰক উদ্যান মুকলি কৰিবলৈ পাই অসম চৰকাৰৰ নেতৃবৰ্গই ধন্য হোৱা বুলি দলটোৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই কয়। অসমৰ এখন পূণ্য তীৰ্থ ৰূপ দিয়াত চৰকাৰ খনে সফলতা লাভ কৰা বুলি উল্লেখ কৰাৰ সময়ত মন্ত্ৰী অতুল বৰাই কংগ্ৰেছক মূল শত্ৰু বুলি অবিহিত কৰি মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টিকো সহযোগিতা কৰিব লাগিব কয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *